ফাইভ পইণ্টচ অৱ্ এ সোৱাদ থকা পাতিহাঁহ – উজ্জ্বল দিপ্লু গগৈ

হাঁহ কিনিবলৈ শিকাইছিল মোক দাদা এজনে৷ হাঁহৰ দৈহিক গঠনৰপৰা মাতলৈকে সকলোবিলাকৰ ওপৰত গৱেষণা কৰি তেখেতে ’5পইণ্টচ অৱ্ এ সোৱাদ থকা পাতিহাঁহ’ সূত্ৰ আৱিষ্কাৰ কৰিছিল৷ তাৰেই সাৰাংশ আপোনালোকলৈ আগবঢ়ালোঁ৷ হাঁহ মাংসৰ ওপৰত ইচ্ছুক সকলে পঢ়ি চাব পাৰে৷

ৰাতিপুৱাই আজি বন্ধু এজনে ফোন কৰি ক’লে বোলে ’গগৈ আজি ৰাতিৰ সাঁজটো তোৰ তাতেই খামগৈ হাঁহে-কলডিলে, তই হাঁহ এটা মেনেজ কৰ, মই কলডিলৰ লগতে ব্লেণ্ডাৰ্চ প্ৰাইডৰ মিউজিক চিডি এখন আৰু ঘৰৰপৰা অনা উখোৱা চাউল লৈ যাম৷ ’ ভণ্টি ঘৰলৈ যোৱাৰ বাবে এইকেইদিন ৰূমত অকলে ভাত বনাই খাই আমনি লাগিছিল৷ একেষাৰতে তাক ক’লো হ’ব দে মই হাঁহ বিচাৰোঁগৈ৷ গুৱাহাটীৰ আজিৰ প্ৰখৰ ৰ’দকো নেওচি কামাখ্যা গেটলৈ ওলালোঁ হাঁহ বিচাৰি৷ মনতে দাদাজনে শিকোৱা ’5পইণ্টচ অৱ্ এ সোৱাদ থকা পাতিহাঁহ’ সূত্ৰটো এবাৰ আওঁৰাই ল’লো৷ মনটো ডাঠ হ’ল কাৰণ আজি কমচেকম বেপাৰীয়ে মোক বেমাৰী হাঁহ দি ঠগিব নোৱাৰে৷

দুপৰীয়াৰ সময়চোৱাত কামাখ্যা গেটৰ দোকানকেইখনত ভীৰটো কম থাকে৷ দলঙখনৰ সিপাৰে থকা হাঁহৰ দোকানখনলৈ সোমাই গ’লো৷জনজাতিয় বাইদেউ এগৰাকী আছিল৷ সোমাইয়ে তেখেতক হাঁহ দিবলৈ ক’লো৷ তেখেতেও হাঁহ এজনী উলিয়াই দিলে ’ পেক পেক পেৰেক পেক পেক পেক ’ কৰি হাঁহজনীয়ে টৌটৱাই উঠিল৷ ময়ো লগে লগে ’5পইণ্টচ অৱ্ এ সোৱাদ থকা পাতিহাঁহ’ সূত্ৰৰ প্ৰথমটো পইণ্ট মনলৈ আনিলোঁ ’মতা হাঁহ হ’ব লাগিব’৷ বাইদেউ গৰাকীক ক’লো, “বাইদেউ মতা হাঁহ দিয়ক, মাইকী নালাগে৷ “ তেখেতে এইবাৰ হাঁহজনী থৈ মতা হাঁহ এটা উলিয়ালে৷ হাতত লৈ দাঙি চালোঁ, ওজনটো ঠিকেই পালোঁ কিন্তুু…২য় আৰু ৩য় পইণ্টত হাঁহটোৱে মাৰ খাই গ’ল৷ হাঁহটো মাটিত নমাই চালোঁ তাৰ টিকাতো মাটিত চোঁচৰে নে নোচোঁচৰে৷ সূত্ৰৰ ২য় পইণ্টৰ বিপৰীতে হাঁহটো টিকা নোচোঁচৰা হাঁহ ওলালগৈ৷ তদুপৰি মন কৰিলোঁ ৩য় পইণ্টত থকামতে হাঁহটোৰ টিকাৰ ওপৰলৈ থকা পাখি দুডাল পাছফালে ঘূৰ খাই নথকা৷ সোৱাদ যে নহ’ব সেইয়া ধূৰূপ আছিল৷ বাইদেউগৰাকীক আন এটা হাঁহ দেখুৱাবলৈ কওঁতে তেখেত জকজকাই উঠিল ’মতা হাঁহ দেখাব ক’লি লৈ ল এতিয়া সেইটোৰ ওজন ঠিকে আছে দে’৷ মই সূত্ৰজনা মানুহটোৱেনো কেনেকৈ সূত্ৰৰ বিপৰীতে হাঁহ কিনো? সেয়েহে বাইদেউক আকৌ অনুৰোধ কৰিলোঁ আৰু হাঁহ দেখুৱাবলৈ৷ তেখেতেও আন এটা উলিয়ালে৷ এইবাৰৰটো ঠিকেই আছিল আনকি ৪ৰ্থ পইণ্টৰ মতে ডিঙিৰটোপোলাটোও লোভনীয়কৈ ওলমি যোৱা আছিল পাছে……হাঁহটোৰ মাতটো ৫ম পইণ্টৰ বিপৰীতে গ’ল৷ সোৱাদ থকা হাঁহৰ মাতটো ভালদৰে নোলায় মানে মাতটো কিবা ফাহ ফাহকৈ শব্দ কৰি ওলায় আৰু এইটো হাঁহৰ মাতটো স্পষ্টকৈ ’পাক পাক’ ’পাক পাক’কৈ ওলাল৷

বাইদেউৰ মুখখনলৈ চাই গম পালোঁ মোৰ পৰীক্ষা-নিৰীক্ষা দেখি তেখেতৰ বিৰক্তি ওপজিছে৷ হাঁহটো লাহেকৈ তেখেতৰ ফালে আগবঢ়াই দি লাহেকৈ মাতষাৰ উলিয়াই তেখেতক ক’লো ’মানে বাইদেউ মোৰ হাঁহ কিনাৰ অলপ নিয়ম আছে আৰু মই তেনেকৈহে হাঁহ পালে কিনিম ’৷ তেখেতেও ফেলফেলাই কৈ উঠিল ’কি নিয়ম অ’ ত’ৰ? ’

ময়ো সূত্ৰটো জাহিৰ কৰিবলৈ সুবিধা পাই কৈ গ’লো ’ এক নম্বৰ কথাটো হ’ল হাঁহটো মতাহাঁহ হ’ব লাগিব, দ্বিতীয়তে হাঁহটোৰ টিকাটো মাটিত চোঁচৰা খাব লাগিব, তৃতীয়তে হাঁহটোৰ টিকাৰ ওপৰৰ থকা পাখি দুখন ওলোটা খাই থাকিব লাগিব, , চতুৰ্থ কথা হ’ল হাঁহটোৰ গলধনৰটোপোলাটো ওলোমা হ’ব লাগিব আৰু শেষৰ কথাটো হ’ল হাঁহটোৰ মাতটো ফাহ ফাহকৈ গেঠেলা হ’ব লাগিব৷ ’ বাইদেউ গৰাকীয়ে অলপ তভক মাৰি মোলৈ চাই থাকিল আৰু হঠাৎ গেজেৰা মাৰি উঠিল ’ ক’ত’ বছৰ ধৰি দ’কান দিলোং এইতেই ত’ৰ নিচনা কাষ্টমাৰ প’ৱা নাই বুজছানে…যা ম’ৰ দ’কানত তই বিচৰা এনেকা হাঁহ নাই বুজছা৷ ’

উপসংহাৰঃ দোকানখনত থকা হাঁহকেইটাৰ কেইটামানে মোৰ ফালে চাই পেক পেক পেৰেক পেক পেক পেক পেককৈ টৌটৱাই দিলে আৰু আন কেইটামানে ওলোটা হৈ মাটিত চোঁচৰ নোখোৱা তাঁহাতৰ টিকাকেইটা নচুৱাই দেখুৱালে৷ ময়ো শেনটো হৈ গৈ ফেচাঁটো হৈ ঘূৰি তলমূৰকৈ আহি বাইক ষ্টাৰ্ট কৰিলোঁহি৷

■■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!