ফাগুনৰ কথা -বৰ্ণালী বৰগোঁহাই

ফাগুনৰ কথা

ফাগুনতে পতা ভাল

ফাগুনৰ ভাষা
ফাগুনৰ বতাহ

গৈ থাকোতে ৰৈ দিওঁ
শুনো বাউলী গানৰ তানপুৰা
কলিজাৰ কোঁহত বজা

কিয় ভাল লাগে
গা চুই গুচি যোৱা হো হো উতনুৱা
নিজানে পঢ়াই যোৱা পাঠত
খেলিমেলি বৰ্ণমালা

ফাগুনক ভাল পালে
ভাল পাবই লাগিব ধূলি আৰু ধুমুহাক
শুকান পাতৰ মৰা কলিজাৰ কথা
শুনিবই লাগিব

পূৰ্ণতাই ফাগুনক একো নিদিয়ে
ৰিক্ত হৈ উপঙি থকা ধূলিৰ কণাই
সাহ ফাগুনৰ

মিনতি মোৰ মনৰ ভাষা
ফাগুন তাৰ এক সফল অধ্যায়
ৰিক্ত হৈ উপঙি থাকিব জানো বাবেই
ফাগুনক মই ভাল পাওঁ
লঠঙা গছৰ উদং দালবোৰ চাই
অপেক্ষা কৰিব পাৰো বাবেই ফাগুণক ভাল পাওঁ

বতাহে উৰুৱাই লৈ যোৱা
সৰাপাতবোৰ
খোজৰ ভৰত খচমচাই উঠা
সৰাপাতবোৰ
সৰাপাতত লিখা হোৱা প্ৰেমৰ চিঠিবোৰ

ক’ত যায়
ক’ত হেৰাই

অশান্ত সময়ৰ খেলিমেলি উদাস্তবোৰ
ফাগুনেহে আঁকিব জানে
শুকান মাটি খামুচি
ৰঙাকৈ ফুলিব কেৱল
ফাগুনেহে জানে

নতুনৰ বাবে ৰৈ থাকিবলৈ
মোক ফাগুনেহে শিকালে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!