ফাটবিহুৰ আয়োজকসকললৈ এখন মুকলি চিঠি – ড° বুলজিৎ বুঢ়াগোহাঁই

ফাটবিহুৰ আয়োজকসকললৈ এখন মুকলি চিঠি

ঢকুৱাখনা ঐতিহাসিক ‘ফাটবিহু’ত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৰে অংশ গ্রহণ কৰে। ই অতি ভাল কথা। ইয়াৰ লগত সংহতি ৰাখি বিভিন্ন কাৰ্যসূচীয়ে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। লগতে ‘ফাটবিহু’ৰ বাৰ্ষিক মুখপত্র ‘বিহুৱান’ প্রকাশ প্রকাশ পায়। এই বাৰ্ষিক মুখপত্রখনত বিহু সর্ম্পকীয় প্রবন্ধ পাতিৰ লগতে বহুতো মূল্যবান প্রবন্ধপাতি প্রকাশ হয় যিবোৰত অসমৰ সমাজ জীৱনৰ বিভিন্ন দিশ সর্ম্পকে আলোকপাত কৰা লগতে কোনো কোনো সমস্যা সমাধানৰ বিশ্লেষণাত্মক সমাধান সূত্রও আগবঢ়ায়। তাৰোপৰি, এই মুখপত্রখনত ‘ফাটবিহু’উদযাপন সমিতিৰ লগত জড়িত ব্যক্তিসকলৰ বিষয়েও লিখনি প্রকাশ হয়। কিন্তু এই মুখপত্রখনখন সাধাৰণতে ঢকুৱাখনাতে বিতৰণ হয়, বেলেগ অঞ্চলৰ ৰাইজে সংগ্রহ কৰা উপায় নাথাকে। ঢকুৱাখনাৰ ‘ফাটবিহু’ উদযাপন সমিতিক এটা অনুৰোধ জনাব বিচাৰিছোঁ যে ৰঙালী বিহুৰ উপলক্ষে প্রকাশিত মুখপত্রখনখন এটিকৈ কপি ৰাজ্যিক কেন্দ্রীয় পুথিভঁৰাল তথা জিলা পুথিভঁৰাবোৰলৈ পঠিয়াই যেন। আশা কৰিছোঁ পুথিভঁৰাল কর্তৃপক্ষই মুখপত্রখনখন ৰখা ব্যৱস্থা কৰিব।

এই পত্রৰ দ্বাৰা আমি ফাট বিহুৰ আয়োজকসকলক এটা অনুৰোধ জনাব বিচাৰিছোঁ যে ‘বিহুৱান’ৰ বিভিন্ন সংখ্যাত প্রকাশিত নির্বাচিত লেখাবোৰ খণ্ড খণ্ডকৈ কিতাপ আকাৰে প্রকাশ কৰে যেন। ইয়াৰ ফলত অসম তথা দেশ-বিদেশৰ বিভিন্ন ঠাইত কর্মসূত্রে বসবাস কৰা সকলোৰে উপকৃতৰ হ’ব। লগতে এটা কথা উল্লেখ কৰিব বিছাৰিছোঁ যে বিভিন্ন কেৰিয়াৰ বিষয়ৰ লেখা তথা ‘ফাটবিহু’ক ভিত্তি কৰি হ’ব পৰা বিভিন্ন কেৰিয়াৰ বিষয়ক লেখা ‘‘বিহুৱান’ত প্রকাশৰ বাবে সম্পাদনা সমিতিয়ে অনুমোদন জনায় যেন।

এতিয়া প্রযুক্তিৰ যুগ। ইয়াৰ সুযোগ ঢকুৱাখনাৰ ‘ফাটবিহু’ উদযাপন সমিতিও গ্রহণ কৰা উচিত। প্রযুক্তিৰ সহায়ত ‘ফাটবিহু’ক বিশ্ব দৰবাৰত দাঙি ধৰিব পৰা যায়। ‘ফাটবিহু’ উদযাপন সমিতিও এটি ৱেবছাইট খুলিব লাগে। এই ৱেবছাইটত বিহুৰ বাদ্যসমূহ- ঢোল , পেঁপা , তাল, টকা, গগনা, সুতুলী, বাঁহী আদিৰ বর্ণনা ফটো সৈতে দিব লাগে। ফাটবিহুৰ উপলক্ষে প্রকাশিত মুখপত্র ‘বিহুৱান’খনো ৱেবছাইটত উপলব্ধ কৰিব লাগে যাতে পৃথিৱীৰ বিভিন্ন প্রান্তত থকা লোকে পঢ়িব পাৰে। এই মুখপত্র ‘বিহুৱান’খনত অতি কমেও এটিকৈ ইংৰাজী আৰু হিন্দী ভাষাত ফাট বিহু সস্পকীয় প্রৱন্ধ প্রকাশ কৰিব লাগে। তাৰ ফলত পৃথিৱীৰ বিভিন্ন প্রান্তত থকা লোকসকলে ফাট বিহুৰ বিষয়ে কিছু হ’লেও আভাষ পাবলৈ সক্ষম হ’ব। তেতিয়া ফাটবিহুৰ বিষয়ে বেছিকৈ জানিবলৈ আগ্রহ প্রকাশ কৰিব আৰু বহুতে হয়তো ফাটবিহুৰ বিষয়ে গৱেষণা কৰিবলৈও আগবাঢ়ি আহিব।সেইদৰে ফাটবিহুৰ প্রতি আর্কষিত হৈ দেশী-বিদেশী পর্যটক ঢকুৱাখনা তথা আমাৰ ৰাজ্যখনলৈ আগমন হ’ব আৰু তাৰ ফলত ৰাজ্যখন কিছু পৰিমাণে হ’লেও অর্থনৈতিক ভাবে লাভবান হ’ব।

সাংস্কৃতিক অনুষ্ঠানবোৰ ভিডিঅ’ কৰি ৱেবচাইটত আপলোড কৰিব লাগে। এই কার্যসূচীবোৰৰ বর্ণনা অসমীয়া, ইংৰাজী আৰু হিন্দী ভাষা উপৰি সম্ভৱ হ’লে পৃথিৱীৰ বিভিন্ন ভাষাতো দিব লাগে যাতে পৃথিৱীৰ সকলো অঞ্চলৰ ৰাইজে চাই বুজিব পাৰে।

বিহুগীতবোৰ অৰ্থ অতি তাৎপৰ্যপূৰ্ণ। বিহুগীতবোৰে সামাজিক দায়বদ্ধতা কথা সোঁৱৰাই দিয়ে। ঢকুৱাখনা ‘ফাটবিহু’ উদযাপন সমিতিয়ে ঢকুৱাখনাত প্রচলিত বিহুগীতবোৰ কিতাপ আকাৰে প্রকাশ কৰা ব্যৱস্থা গ্রহণ কৰিলে ভাল হয়।

‘ফাটবিহু’ উদযাপন সমিতিক এটা অনুৰোধ কৰিব বিছাৰিছোঁ যে সাংস্কৃতিক অনুষ্ঠানৰ বিভিন্ন কার্যসূচীৰ লগতে এনে এটা কার্যসূচী ৰাখে যাতে য’ত ‘ফাটবিহু’ বিহুৰ সংৰক্ষণ, সংবৰ্ধন আৰু সম্প্রচাৰৰ বাবে অহৰহ প্রচেষ্টা চলাই থকা ব্যক্তিসকলক ৰাইজৰ আগত পৰিচয় কৰাই দিয়া হয়। এইদৰে ব্যক্তিসকলক ৰাইজৰ আগত পৰিচয় কৰাই দিলে তেখেতসকল অনুপ্রাণিত হ’ব।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!