ফিচ্ ফিংগাৰ আৰু ৰাইচ কেক ৰেছিপি— পপী বৰা



ক) ফিচ্ ফিংগাৰ

উপকৰণ:

১৫০ গ্ৰাম সিজাই কাঁইটখিনি এৰুৱাই ল’ব ( যি কোনো কাইট কম থকা মাছ। মই বৰালি মাছ ব্যৱহাৰ কৰিছো)
১টা কণী
২খন ব্ৰেড ( ভিজাই চেপি ল’ব)
১টা পিয়াঁজ (কুটি ল’ব)
১ চাহ চামুচ নহৰুৰ পেষ্ট
১ চাহ চামুচ টন্দুৰি মছলা
১\২ চাহ চামুচ গৰম মছলা পাউদাৰ
নিমখ সোৱাদ অনুযায়ী
১\২ চাহ চামুচ জালুক গুড়ি
৩-৪ জলকীয়া পিহি ল’ব
৩-৪ চাহ চামুচ চুজি
১ চাহ চামুচ চাট্ মছলা
ব্ৰেড ক্ৰাম্বচ লেটিয়াবৰ জোখাৰে

প্ৰণালী:
প্ৰথমে মাছ, ব্ৰেড, জলকীয়াকে আদি কৰি সকলোখিনি সামগ্ৰী মিক্সিত মাৰি লৈ ফ্ৰীজত ১\২ ঘণ্টা সময়ৰ বাবে ৰাখি থ’ব। পাছত এই মিশ্ৰণখিনি হাতেৰে দীঘলীয়া কৰি আকাৰ দিব।
বাটি এটাত কণীটো ফেটি লৈ তাতে মাছৰ মিশ্ৰণখিনি লেটিয়াই ব্ৰেড ক্ৰাম্বচত মেৰিয়াই গৰম তেলত ভাজি ল’ব। চচ্ বা যিকোনো চাটনিৰ লগত গৰমে গৰমে পৰিবেশন কৰক। ।

খ)ৰাইচ কেক

উপকৰণ:

১/৫ কাপ জহা চাউল।
১/৩ কাপ কনডেন্সড মিল্ক।
১ টেবুল চামুচ বেকিং পাউডাৰ।
১ টেবুল চামুচ ঘিঁউ।
চেনি সোৱাদ অনুযায়ী।
১ কাপ নাৰিকল গুড়ি।
এচিকুট নিমখ।

প্ৰণালী:
প্ৰথমে চাউলখিনি পানীত ১ ঘণ্টা মান সময়ৰ বাবে তিয়াই থ’ব। চাউলখিনি কোমলি যোৱাৰ পাছত পানীৰ পৰা টুকি গাখীৰ দি মিক্সিত ভালদৰে পেষ্ট বনাই ল’ব। এতিয়া চাউলৰ পেষ্ট খিনিত ৰুকা নাৰিকলখিনিৰ লগতে ওপৰত উল্লেখ কৰা সকলো সামগ্ৰীবোৰ মিহলি কৰি ল’ব। (চাউলৰ পেষ্টখিনি বেছিকৈ পাতল অথবা বেছিকৈ ডাঠ নকৰিব)।
চিলিকনৰ পাত্ৰ অথবা যি কোনো ষ্টিলৰ পাত্ৰত অলপ ঘিঁউ সানি চাউলৰ মিশ্ৰণখিনি দি ৫/১০ মিনিট সময়ৰ বাবে ভাপত দি সিজাই ল’ব। ৰাইচ কেক তৈয়াৰ হৈ যোৱাৰ পাছত ৫ মিনিট সময় পাত্ৰটোতে ৰাখি থ’ব। পাছত গৰমে গৰমে ৰাইচ কেক কেইটাৰ ওপৰত মৌ দি পৰিবেশন কৰক।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!