ফিনলেণ্ডৰ ভূমিত অসম কন্যাৰ দুভৰিৰ যাদু – বন্তি বৰঠাকুৰ বৰুৱা

জীৱনত সফল হবলৈ আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে সপোন দেখাতো অপৰিহাৰ্য৷ প্ৰত্যেক ব্যক্তিৰে থাকে সপোন দেখাৰ আকাংক্ষা৷ এই আকাংক্ষাক কোনেও বাধা দি ৰাখিব নোৱাৰে৷ সৰুৰেপৰাই দেউতাকৰ লগত ৰাতিপুৱা দৌৰি ভালপোৱা ছোৱালীজনীৰ সপোন দিঠকত পৰিণত হোৱাৰ লগে লগে বিশ্ববাসীৰ সমুখত পুনৰবাৰ উজলি উঠিল ভাৰতীয় ত্ৰিৰঙ্গা৷
যোৱা ১২ জুলাই তাৰিখে ফিনলেণ্ডত অনুষ্ঠিত বিশ্ব জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত এগৰাকী অসম কন্যাৰ ঐতিহাসিক স্বৰ্ণজয়ত সমগ্ৰ ভাৰত তথা অসমবাসী উৎফুল্ল হৈ পৰিছে৷ ‌ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বলিউড তাৰকা, খেলুৱৈ সকলো এতিয়া ব্যস্ত এই বিস্ময়কৰ প্ৰতিভাৰ উচ্চ প্ৰশংসাত৷ ভাৰতীয় ক্ৰিড়া জগতৰ নতুন তাৰকা হিচাপে পৰিচয় লাভ কৰা এইগৰাকী অসম কন্যা হ’ল প্ৰতিভাৱান দৌৰবিদ হিমা দাস৷ ফিনলেণ্ডৰ টেম্পেৰে চহৰত অনুষ্ঠিত বিশ্ব জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত ঐতিহাসিক স্বৰ্ণজয়ৰ পাছতে নগাঁও জিলাৰ ধিঙৰ কান্ধুলীমাৰী গাঁৱৰ ওঁঠৰ বছৰীয়া যুবতীগৰাকী এতিয়া সমগ্ৰ দেশৰ এটি চৰ্চিত নাম হৈ পৰিছে ‌৷ বিশ্ব পৰ্যায়ৰ যিকোনো এথলেটিকছ প্ৰতিযোগিতাত প্ৰথমগৰাকী মহিলা দৌৰবিদ হিচাপে এই ঐতিহাসিক স্বৰ্ণজয় কৰা হিমাক লৈ আজি প্ৰতিগৰাকী ভাৰতীয় গৌৰৱান্বিত হৈ পৰিছে৷ ২০ বছৰ অনূৰ্ধৰ প্ৰতিযোগিতাখনত ৪০০ মিটাৰ ৰেচত নমা হিমাই ৫১.৪৬ ছেকেণ্ডেৰে ভাৰতলৈ বহু আকাংক্ষিত স্বৰ্ণপদক আজুৰি আনিবলৈ সক্ষম হয়৷
নগাঁও জিলাৰ অতি পিছপৰা ধিঙৰ কান্ধুলীমাৰী গাঁৱৰ ৰঞ্জিত দাস আৰু জোনালী দাসৰ কন্যা হিমা দাস৷ এটি দৰিদ্ৰ কৃষক পৰিয়ালৰ সন্তান হিমা৷ সৰ্বদিশতে পিছপৰা কান্ধুলীমাৰী গাঁৱত খেলাৰ পৰিবেশ আৰু ন্যূনতম সুবিধাকন নথকা সত্ত্বেও হিমাৰ একাগ্ৰতা, ধৈৰ্য, পৰিশ্ৰম আৰু সাধনাৰ বলত নিজ লক্ষ্যত উপনীত হৈ সমগ্ৰ দেশ তথা অসমীয়া জাতিক গৌৰৱান্বিত কৰিলে৷ নিয়মীয়াকৈ পিতৃৰ লগত দৌৰি ভালপোৱা আজন্ম প্ৰতিভা হিমাই প্ৰাইমেৰী স্কুলত পঢ়ি থকাৰ সময়তে এবাৰ দৌৰি এখন টাটা চুমু গাড়ীকো পিছ পেলাবলৈ সক্ষম হৈছিল৷ সৰুৰেপৰাই উৎপতীয়া স্বভাৱৰ হিমাই কান্ধুলীমাৰী গাঁৱৰ ফলৰ গছে গছে বগাই ফুৰিবলৈ ভাল পাইছিল, যাৰ বাবে মাকৰপৰা বহুবাৰ পিটনো খাইছিল৷ হিমাৰ দেউতাক এজন ফুটবল খেলুৱৈ৷ এথলেটিকছলৈ অহাৰ আগতে হিমাই ফুটবলো খেলিছিল৷ ফুটবলাৰ হিচাপেও প্ৰখ্যাত হৈছিল ছোৱালীজনী৷ হিমাই এথলেটিকছ ট্ৰেকত দৌৰিবলৈ আৰম্ভ কৰা মাথোঁঁ দুবছৰহে হৈছে৷ এই দুবছৰতে বিশ্ব দৰবাৰলৈ হিমাৰ অবিশ্বাস্য যাত্ৰা৷ কানাডা, আমেৰিকা, কেনিয়া, অষ্ট্ৰেলিয়া, ইটালীকে আদি কৰি বিভিন্ন দেশৰ দৌৰৰাণী সকলক পিছ পেলাই কৃষক পিতৃৰ অসাধাৰণ কন্যা হিমাই বিদ্যুৎ গতিৰে দৌৰি ভাৰতীয় ক্ৰীড়াৰ ক্ষেত্ৰখনত ইতিহাস ৰচনা কৰিলে৷ বিশ্ব এথলেটিকছত স্বৰ্ণ জয় কৰা হিমা হৈছে প্ৰথম ভাৰতীয়৷
হিমাৰ স্বৰ্ণজয়ৰ বাতৰি পাই উৎফুল্ল হৈ পৰা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ক’লে, ’হিমাৰ পৰিশ্ৰমৰ ফলত অসমৰ মানচিত্ৰ সমগ্ৰ বিশ্বৰ সমুখত চিনাকি কৰি দিলে৷ ’ লগতে তেওঁ হিমা দাসক ৰাজ্যিক ক্ৰীড়া ক্ষেত্ৰৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰাৰ লগতে ৫০ লাখ টকা পুৰস্কাৰো ঘোষণা কৰে৷
হিমাৰ বিশ্বজয়ৰ উত্তেজনাপূৰ্ণ মুহূৰ্ততো তেওঁ বিশ্ববাসীৰ সমুখত অসমীয়া গামোচাখন চিনাকি কৰাই দিবলৈ পাহৰি যোৱা নাছিল৷ বিশ্বৰ কোটি কোটি জনগণৰ সমুখত ডিঙিত অসমীয়া গামোচা আৰু কান্ধত ত্ৰিৰঙ্গা মেৰিয়াই সকলোৰে অভিবাদন গ্ৰহণ কৰিছিল তেওঁ৷ ডিঙিত স্বৰ্ণমেডেল পিন্ধি ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত বাজি উঠাৰ সময়ত আবেগিক হৈ পৰা হিমাৰ দুচকেৰে আনন্দৰ লোতক বৈ আহিছিল৷
কৃতকাৰ্যতা এটা ভ্ৰমণ মাত্ৰ, ই গন্তব্যস্থল নহয়৷ হিমাৰ পৰবৰ্তী গন্তব্যস্থল হ’ল – প্ৰথম জাকাৰ্টা এছিয়ান গেমছ আৰু দ্বিতীয় ২০২০ ৰ টকিঅ’ অলিম্পিক৷ সমগ্ৰ দেশবাসীৰৰ আশীষধন্য হিমাৰ পৰবৰ্তী আঁচনি সফল হওক- তাকেই সকলোৱে কামনা কৰিছে ‌৷ ■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!