‘ফুট থ্ৰীল’ আৰু কিছু অনুভৱ- জয়শ্ৰী মেছ গগৈ

অসমীয়া বোলছবি জগতৰ মহঙা দিন চলি থকাৰ সময়তে আমি মাজে সময়ে পাই থকা, কিছুমান ইতিবাচক খবৰে আমাক উৎফুল্লিত কৰে৷ আন্তৰ্জাতিক অথবা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিগত কিছু দিনৰপৰা অসমলৈ এই ক্ষেত্ৰখনে কেইবাটাও সুখবৰ কঢ়িয়াই আনিছে৷ সৰু হ’লেও এটি ইতিবাচক খবৰে বৰ্তমান আমাক আনন্দিত কৰি তুলিছে৷ সেয়া হ’ল দীপিকা ডেকা আৰু ঋতুৰাজ শিৱমৰ চুটি ছবি ‘ফুট থ্ৰীলে’ পণ্ডিচেৰীত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱলৈ নিৰ্বাচিত হৈছে৷

উদীয়মান শিল্পী দীপিকা ডেকা আৰু ঋতুৰাজ শিৱম, দুয়োৰে হেঁপাহ ছবি জগতৰ হৈ কিছু কাম কৰাৰ৷ অদম্য হেঁপাহক ৰূপ দিবলৈকে পেছাত এজন অভিযন্তা হৈয়ো ঋতুৰাজে দিল্লীৰ লোভনীয় চাকৰি ত্যাগ কৰি অসমৰ ছবি জগতত কাম কৰাৰ মানসেৰে গুচি আহে৷ ফটোগ্ৰাফী আৰু চিনেমা এতিয়া ঋতুৰাজৰ সপোন৷ আনহাতে দীপিকা ডেকা এগৰাকী শিল্পী। মঞ্চ সফল এইগৰাকী অভিনেত্ৰীয়ে উৎপল বৰপূজাৰীৰ বোলছবি ‘ঈশ্বু’ত কৰা সুন্দৰ অভিনয় নিশ্চয় চিনেমা ৰসিক আৰু কলাপ্ৰেমী ৰাইজে মনত ৰাখিছে৷

এদভোকেট নন্দিতা তালুকদাৰে স্বকীয় জীৱনৰ কিছু অভিজ্ঞতাৰ পৰা দিয়া এটা ফেচবুক প’ষ্টৰ আধাৰত নিৰ্মিত অসমীয়া চুটি ছবি ‘ফুট থ্ৰীল’। দীপিকা ডেকাৰ প্ৰযোজনা, ঋতুৰাজ শিৱমৰ পৰিচালনা৷ চিত্ৰনাট্য- ঋতুৰাজ শিৱম, দীপিকা ডেকা৷ সংগীত – তৰালী শৰ্মা৷ চিনেমেটোগ্ৰাফী – প্ৰয়াস শৰ্মা তামূলী, বনজ্যোতি মালী৷ শব্দ সংযোজন- ৰিংকু বড়ো৷ সম্পাদনা- দিগন্ত বৰা, ঋতুৰাজ শিৱম৷ অভিনয় শিল্পী- অনিন্দিতা গগৈ, অংকিতা শৰ্মা, ৰিমঝিম ডেকা, কমল লোচন, দীপিকা ডেকা৷ চিত্ৰগ্ৰহণ স্থান- মায়ং, গুৱাহাটী, চালনা চাহ বাগিচা৷

 বস্তুবাদী সময়ৰ ধামখুমীয়াত আমাৰ প্ৰয়োজনসমূহৰ অশেষ তাগিদা থাকে আৰু সেই তাগিদাক পূৰণ কৰিবলৈ যাওঁতে আমি জীৱনৰ মাদকতা হেৰুৱাই পেলাওঁ৷ সময়ে সুখৰ পৰিসৰ বঢ়া- টুটা কৰোৱায়৷ জীয়াই থাকিবলৈ জনা জনে যে জীৱনৰ প্ৰকৃত সৌন্দৰ্য পান কৰিব পাৰে তাৰেই এটা সুন্দৰ ছবি এই চুটি ছবিখনত চিত্ৰায়িত কৰাৰ যত্ন কৰা হৈছে৷ ‘ফুট থ্ৰীল’ৰ জৰিয়তে সুখৰ সংজ্ঞাবোৰ যে বয়স আৰু আৰ্থিক অৱস্থাৰ অনুপাতে ভিন্ন হৈ পৰে তাকে দেখুৱাবলৈ যত্ন কৰা হৈছে৷ আন এক অৰ্থত ক’ব পাৰি যে সৰু- সৰু মানুহৰ সৰু- সৰু সুখবোৰৰ প্ৰতিবিম্বই হৈছে ‘ফুট থ্ৰীল’। মূল কাহিনীভাগ দুগৰাকী স্কুলীয়া বান্ধৱীৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মিত৷

চুটি যদিও অৰ্থবহ ছবি খনে কিছু সময় দৰ্শকক এটি সুন্দৰ নষ্টালজিয়াৰ মাজলৈ লৈ যাবলৈ যে সক্ষম হ’ব সেয়া ধুৰূপ৷

অহা ডিচেম্বৰ মাহত গুৱাহাটীত এটি ৰাজহুৱা স্ক্ৰিনিঙৰ পাছত সাধাৰণ দৰ্শকৰ বাবে ‘ইউ টিউব’ত ছবিখন মুকলি কৰাৰ কথা৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!