ফেচবুকিয়াৰ সাধাৰণ কিছু ৰোগ আৰু ইয়াৰ লক্ষণ (জয় চক্ৰৱৰ্তী)

 

 

 

লাইকোচিচ্ (Likosis) :ফেচবুকৰ ষ্টৰিবৰ্ডত কিবা এটা ষ্টেটাছ আপদেট হোৱাৰ লগে-লগে নপঢ়াকৈয়ে লাইক বুটামত ক্লিক কৰা । বিশেষকৈ ছোৱালীৰ ষ্টেটাছবোৰত এওঁলোক বেছিকৈ লাইক কৰে । আৰু নিজে দিয়া ষ্টেটাছ বিলাকত সঘনাই লাইকৰ সংখ্যা চেক কৰি থাকে ।

 

লাইকোফবিয়া (Likophobia): যিমানেই ভাল ষ্টেটাছ বা ছবি আপলোড নকৰক কিয় লাইকোফবিয়া ৰোগাক্ৰান্ত সকলে কেতিয়াও লাইক নিদিয়ে । কেৱল পূৰ্ব-নিৰ্ধাৰিত মুষ্টিমেয় ব্যক্তি কেইজনমানক হে এই ৰোগী সকলে লাইক দিয়ে ।

 

চাইমিয়াছিচ ( Shymiasis) : এই ৰোগাক্ৰান্ত সকল ধূমকেতুৰ দৰে হঠাৎ ফেচবুকলৈ আহে আৰু ৩-৪ দিন মানৰ পিছত পুনৰ দীৰ্ঘ দিনৰ বাবে নোহোৱা হয় ।

 

কমেন্টোলৰিয়া (Commentoloria): এই ৰোগাক্রান্ত সকলে যি কোনো পষ্টতে তামাম, সুপাৰ্ব, ওৱাও আদি কমেন্ট কৰে ।

 

চ্যটোফবিয়া (Chatophobia) : এই ৰোগাক্রান্ত সকল কেতিয়াও অন-লাইন নহয় আৰু হঠাৎ কেতিয়াবা হ’লেও আনে নক্ কৰাৰ আগতে অফ্-লাইন হৈ যায় ।

 

অনলাইনমেনিয়া (Onlinemenia) : এই ৰোগাক্রান্ত সকল সকলো সময়তে অন-লাইন থাকে । কম্পিউটাৰতে হওঁক বা ছেলফ’নতে হওঁক ।

 

ট্যাগচিনড্রোম (Tagsyndrome) : এই ৰোগাক্রান্ত সকলে দিনত একাধিক আপলোড কৰে আৰু বন্ধুৰ তালিকাত থকা প্রায় সকলোকে ট্যাগ লগাই দিয়ে । ট্যাগ কৰা ছবিত লাইক পোৱা নোপোৱালৈ ইহঁতৰ কোনো কথা নাই । এই ধৰণৰ ৰোগী প্রায়ে বন্ধুৰ পৰা ব্লক হয় ।

 

ছেডচিনড্রোম (Sadsyndrome) : এই ৰোগাক্রান্ত সকলে গোটেই দিন ফেচবুকত দুখৰ কবিতা আৰু হেট-লাভ জাতীয় ষ্টেটাছ দিয়ে ।

 

ৰেভলুমেনিয়া (Revolumennia): এই ৰোগাক্রান্ত সকলে গোটেই দিন ফেচবুকত চৰকাৰৰ দুৰ্নীতি, আৰু যিকোনো দুৰ্নীতি বিৰোধীৰ বিপক্ষে ফেচবুকতে বিপ্লৱ আৰম্ভ কৰে । ইংৰাজৰ ভাগ্য ভাল যে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ সময়ত ফেচবুক নাছিলে, নহ’লে বৃটিছে এওঁলোকৰ ষ্টেটাছ দেখিয়ে পলাই পতং  দিলে হয় ।

 

পোষ্টলিয় (Postlio): এই ৰোগাক্রান্ত সকলে বন্ধুৰ লিষ্টত থকা ছোৱালীবোৰক কবিতা আৰু ধুনীয়া ধুনীয়া ছবি পোষ্ট কৰে আৰু ছোৱালীবোৰে ছবি বা ষ্টেটাছ আপডেট কৰিলে তাত যিমান পাৰি ধুনীয়া কমেন্ট কৰে । এই ৰোগাক্রান্ত সকলে সাধাৰণতে ছোৱালীক ধুনু, মাজনী, মইনা, জানু আদিৰে সম্বোধন কৰে ।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!