ফে’চবুক (দেবাংগ গগৈ)

ফেচবুক

–          দেবাংগ গগৈ

 

ফে’চবুক, ফে’চবুক

দিনে ৰাতি মূৰত এটাই পোক

লাইক্ কৰিছেনে বাৰু কোনোবাই

মোৰ আজিৰ আপডে’টটোক ।

 

ধেৎ তেৰি !

এনে শূন্য দেখা দেখা পালে

উথলে যে মোৰ শোক !

 

ফে’চবুক, ফে’চবুক

ল’ৰাবোৰ যে কি ‘ডৰপোক’

নিজৰ ‘হিম্মত’ নাই

ফে’ক একাউণ্টেৰে ভৰায় তোক ।

 

ফে’চবুক, ফে’চবুক

পেটৰ উৰি যায় ভোক

দেখা পালে অনলাইন্

‘চ্যাট্ বক্স’ত বহু লোক ।

 

ফে’চবুক, ফে’চবুক

কাৰোবাৰ বাবে ‘চেল্ফ্ এডভাৰ্টাইজ’ বুক

নিজৰ গুণহে বখানি ফুৰে

যেন একোটা চেলাপেটী জোক !

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!