বগা সৰিয়হ বটাৰে সৈতে চিতল মাছৰ কাৰী ( শেৱালি দত্ত )

chitol_sewali

 

 

উপকৰণ:

 

চিতল মাছ — ৪/৫ টুকুৰা

 

সৰিয়হ বটা — ১ কাপ

 

আলু — ১ টা (সৰু আকাৰৰ)

 

বিলাহী বটা — ১ টা (ডাঙৰ আকাৰৰ)

 

পিয়াঁজ — ২টা (বটি লোৱা)

 

জলকীয়া গুড়ি — ১ চাহ চামুচ

 

গৰম মছলা — ১ চাহ চামুচ

 

আদা বটা, নহৰু বটা, জীৰা, ধনিয়া গুড়ি — ১ চাহ চামুচকৈ

 

হালধি, নিমখ, তেল আন্দাজমতে

 

প্ৰস্তুত প্ৰণালী: প্ৰথমে মাছখিনি ধুই নিমখ, হালধি সানি পাঁচ মিনিট মান থৈ দিব৷ আলুটো বইল কৰি মিহিকৈ ভাঙি পেলাব৷ কেৰাহীত তেল গৰম কৰি সৰিয়হ বটাৰ বাহিৰে বাকী মছলাখিনি ৰঙচুৱাকৈ ভাজিব৷ তাৰপিছত আলু, বিলাহী বটা আৰু সৰিয়হ বটা খিনি দি দিব৷ তাৰপিছত পানী দি তাতে মাছখিনি অলপ ভাজি দি দিব৷ উতলি ডাঠ হৈ আহিলে গৰম মছলা দি নমাই থ’ব৷ ভাতৰ লগত গৰমে গৰমে পৰিবেশন কৰক৷

 

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!