বননিৰ সংগীত কপৌফুল – নিৰু দত্ত

ব’হাগৰ নাচনীৰ খোপা শুৱনি কপৌফুল বননিৰ বসন্ত সংগীত। এই পাহি প্ৰকৃতি-অৰ্কিড। কপৌফুল পৰাশ্ৰয়ী শ্ৰেণীৰ উদ্ভিদ, পৰজীৱী নহয়। কাকো শোষণ নকৰে, কাৰো ভাগৰ কাঢ়ি নাখায়। থাকিবলৈ অকণমান আশ্ৰয় পালে এধানি আদৰতে উলহ-মালহেৰে ফুলাৰ যা-জোগাৰ কৰে।
কপৌফুল কেৱল প্ৰকৃতিৰ কোলা আৰু নাচনীৰ খোপা সজাবলৈকে নুফুলে। সঁচা অৰ্থত ই আলংকৰিক উদ্ভিদ। এইবিধ উদ্ভিদৰ বাসস্থান ডাঙৰ ডাঙৰ গছৰ ফেৰেঙণিবোৰ। মানুহৰ বাসস্থানৰ বাবে ঠাইৰ সম্প্ৰসাৰণ কৰোঁতে ইহঁতৰ বাসস্থানৰ যে মুদা মৰিছে সেই বিষয়ে লক্ষ্য ৰাখিব লাগিব। আলংকৰিক উদ্ভিদ হিচাপে ইয়াৰ এখন বৃহৎ বজাৰ আছে। সেয়ে সচেতনতাৰে ইয়াৰ বংশ বৃদ্ধিৰ প্ৰতি মনোনিবেশ কৰিব লাগিব।
প্ৰকৃতি সন্ধানীসকলে বৰ্ত্তমান বিভিন্ন প্ৰকাৰৰ কপৌফুলৰ সন্ধান পোৱাৰ বাতৰি দিছে। অসমত পোৱা কপৌফুলৰ ভিতৰত গোলাঘাটৰ গৰম পানী সংৰক্ষিত বনাঞ্চলত পোৱা প্ৰজাতিবিধ হ’ল Anoectochilus brevilaris আৰু ইয়াক Jewel Orchid বুলি কয়। জয়পুৰ বৰ্ষাৰণ্যতো উপলভ্য এইটো প্ৰজাতি চেঁচা, ছাঁ পৰা ঠাইতহে হয়। Ladie’s Slipper বুলি পৰিচিত অৰ্কিড প্ৰজাতিটো গেংটক, ম্যানমাৰ আৰু মেঘালয়ত পোৱা যায়। এইবিধৰ বৈজ্ঞানিক নাম Paphiopedilum venustum আৰু Paphiopedilum insigne l ইয়াৰ ৮টা প্ৰজাতিৰ সন্ধান পোৱা গৈছে। অসমত পোৱা অন্য এবিধ প্ৰজাতি হ’ল বগা কপৌফুল, Rhynchostylis albiflora l
প্ৰকৃতিপ্ৰেমী অখিল গগৈৰ “অৰ্কিড পাৰ্ক”ৰ ধাৰণাটোৱে প্ৰাপ্য-দুষ্প্ৰাপ্য কপৌফুলৰ প্ৰজাতিবোৰৰ প্ৰতি জীৱন সঞ্জীৱনী কঢ়িয়াইছে। অৰ্কিড সংৰক্ষক ক্ষণজিৎ গগৈৰ ৩৫০ বিধতকৈও অধিক সংগ্ৰহ তাতে দেখাৰ আমাৰ সৌভাগ্য হৈছিল। তেনে সংগ্ৰহে উদ্ভিদপ্ৰেমীক প্ৰেৰণা যোগাইছে।
বাঁহৰ পাব, বাঁহৰ খৰাহি, প্লাষ্টিকৰ খৰাহি আদিত মাটি ভৰাই নাৰিকলৰ বাকলিৰ ওপৰত বহুতে কপৌফুল গছ ৰোপণ কৰা আৰম্ভ কৰিছে। টাবতো তদ্ৰুপ কপৌফুলৰ খেতি কৰিব পাৰি।
“পাহাৰ বগাই বগাই জান ঐ কপৌফুল মই আনিছোঁ
খোপাতে ঐ গুজি দিম বুলি”
পাহাৰ নবগোৱাকৈ যদি চেনেহীৰ খোপাত নিজে উৎপন্ন কৰা এপাহি কপৌফুল ডেকাই গুজি দি বনৰ সংগীত চেনেহীৰ মনত বজাই দিব পাৰে তাতকৈ শ্ৰেষ্ঠ উপহাৰ পৃথিৱীত একো নোলাব চাগৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!