বন্ধ দুৱাৰ – মূলঃ প্ৰেমচন্দৰ बंद दरवाजा অনুবাদঃ মিতালী নাৰায়ণি


সূৰ্য আকাশৰ কোলাৰ পৰা মূৰ দাঙি উঠিল আৰু শিশুটিও বিছনাৰ পৰা৷ সেই একেই স্নিগ্ধতা, একেই কোমলতা, একেই লাৱণ্য, একেই উজ্জ্বলতা৷ 

মই বাৰাণ্ডাত বহি আছিলোঁ৷ শিশুটিয়ে দুৱাৰেৰে জুমি চালে৷ মই হাঁহি মাৰি মাতিলোঁ৷ সি আহি মোৰ কোলাত বহি ল’লে৷ তাৰ দুষ্টামিবোৰ আৰম্ভ হৈ গ’ল৷ কেতিয়াবা কলমটোলৈ হাতখন বঢ়াই দিয়ে, কেতিয়াবা কাগজলৈ৷ মই তাক কোলাৰ পৰা নমাই দিলোঁ৷ সি মেজৰ খুৰা এটাত ধৰি থিয় হৈ থাকিল৷ ঘৰৰ ভিতৰলৈ নগ’ল৷ দুৱাৰখন খুলি থোৱাই আছিল৷ 

এটি চৰাই জঁপিয়াই জঁপিয়াই আহিল আৰু সন্মুখৰ পিৰালিতে বহি ৰ’ল৷ শিশুটিৰ বাবে এয়া মনোৰঞ্জনৰ এক নতুন আহিলা আছিল৷ সি খপজপকৈ চৰাইটিৰ ফালে আগবাঢ়ি গ’ল৷ চৰাইটিয়ে অকণো ভয় নাখালে৷ শিশুটিয়ে ভাবিলে, এতিয়া এই পাখিলগা খেলাবস্তুটো তাৰ হ’ব৷ বহি লৈ সি দুয়ো হাতেৰে চৰাইটিক মাতিবলৈ ধৰিলে৷ চৰাইটি উৰি গ’ল৷ নিৰাশাত শিশুটিয়ে কান্দিবলৈ ধৰিলে৷ কিন্তু ভিতৰৰ দুৱাৰখনলৈ ঘূৰিও নাচালে৷ দুৱাৰখন খুলি থোৱাই আছিল৷ 

“গৰম হালৱা”ৰ মিঠা মাত এটি ভাহি আহিল৷ শিশুটিৰ মুখখন আশাত উজলি উঠিল৷ হালৱা বেচিবলৈ অহা বেপাৰীজন সন্মুখেৰে পাৰ হৈ গ’ল৷ শিশুটিয়ে মোলৈ অভিলাষী দৃষ্টিৰে চালে৷ যিমানে বেপাৰীজন দূৰলৈ গৈ থাকিল সিমানে অভিলাষী দৃষ্টি অসন্তোষলৈ পৰিৱৰ্তিত হ’বলৈ ধৰিলে৷ আনকি যেতিয়া আলি-কেঁকুৰিত বেপাৰীজন চকুৰে নেদেখা হৈ গ’ল তেতিয়া অসন্তোষে দুখত পৰা মানুহৰ বিননিৰ ৰূপ ল’লে৷ কিন্তু মই বজাৰৰ বস্তু শিশুটিক খাবলৈ নিদিওঁ৷ শিশুটিৰ বিননিয়ে মোৰ ওপৰত একো প্ৰভাৱ পেলাব নোৱাৰিলে৷ মই এটা কথা চিন্তা কৰি হতভম্ব হৈ ৰ’লোঁ৷ নাজানো যে শিশুটিয়ে তাৰ মাকৰ আদালতত এই গোচৰ তৰাটো দৰকাৰী বুলি ভাবিছিল নে ভবা নাছিল৷ সাধাৰণতে সৰু ল’ৰা-ছোৱালীয়ে এনে সময়ত মাকৰ ওচৰত গোচৰ তৰেগৈ৷ সি কিজানি কিছু সময়ৰ বাবে তাৰ গোচৰটো স্থগিত ৰাখিছে৷ সি দুৱাৰৰ ফালে নজৰেই নিদিলে৷ দুৱাৰখন খুলি থোৱাই আছিল৷ 

মই তাৰ চকুপানী মচি দিবলৈ মোৰ ফাউণ্টেইন পেনটো তাৰ হাতত দিলোঁ৷ সেইটো পাই সি যেন গোটেই পৃথিৱীৰ সম্পদহে পালে! তাৰ আটাইবোৰ ইন্দ্ৰীয় এই নতুন সমস্যাটোৰ সমাধান কৰিবলৈ উঠি-পৰি লাগিল৷ হঠাৎ বতাহ লাগি দুৱাৰখন আপোনা আপুনি বন্ধ হৈ গ’ল৷ দুৱাৰ বন্ধ হোৱাৰ শব্দটো শিশুটিৰ কাণত পৰিল৷ সি দুৱাৰখনৰ ফালে চালে৷ কলমটোক লৈ তাৰ ব্যস্ততা তৎক্ষণাত নাইকিয়া হৈ গ’ল৷ সি ফাউণ্টেইনটো দলিয়াই দিলে আৰু কান্দি কান্দি দুৱাৰখনৰফালে আগবাঢ়ি গ’ল, কাৰণ দুৱাৰখন বন্ধ হৈ গৈছিল৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!