বলিয়া ডিছ্‌পোজেবল (২) (-সমুদ্র কাজল শইকীয়া)


তই এতিয়া আটাইতকৈ গুৰুত্বপূর্ণ ইউ এচ পি
তোৰ নাম নল’লে বজাৰ মন্দা
পোক ধৰা শাক পাছলিবোৰ থ’লোঁ থাপি থুপি
তোৰ নামেৰে সজালোঁ বালিছন্দা
তোৰ নামৰ আলাহ উছাহত
আমি পাহৰিলোঁ কিমান ঘৰত
জুই দিয়া হ’ল বছৰটোত
কিমান ঘৰ গ’ল খহনীয়াত
ভালেই হ’ল দে, আজি তই নাই
পাহৰণিয়ে সাৰ মোৰ কজলা দিনৰ
কমলাকান্তৰ দেশৰ মানুহ বুলিয়ে কওঁ
উলঙ্গৰ দেশত কাম কি ধোবাৰ?
তোৰ হিয়াৰ আমঠু মহাবাহুক
ধৃতৰাষ্ট্রৰ প্রেমেৰে আকোঁৱালি ধৰা হ’ল
আঃ কি প্রেম! কি প্রেম!
বলিয়া, আজি চৌদিশে তোৰ প্রেমৰ কোলাহল।
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!