বসন্তৰ স্তবক (নৱ কোঁৱৰ)

(১)

সৰা পাতত খোজ দিলে
শব্দ নকৰে
এতিয়া বসন্তকাল।
নাহৰৰ ৰঙা পাতত লিখা থাকে
বসন্তৰ বাতৰি
আৰু লিখা থাকে
নাচনিৰ টোলপৰা গালৰ হাঁহিৰ অৰ্থ
ঢুলীয়াৰ কলিজাৰ ঢপঢপনি
কুহুমীয়া মনৰ বতৰা

(২)
বসন্তত মেঘে বৰকৈ নগাজে
এনেয়ে বৰষুণ আহে।
বৰষুণলৈ ভয় নাই
ধুমুহালৈহে ভয়
বৰদৈচিলা কেনেকৈ যে আহে
গছ–বন চাল–বেৰ একো নামানে

(৩)
হীৰামন দাইতিৰ দুখ
হেতুলুকা চৰাইবোৰ নাই
তথাপি মুগাখেতি বেয়া

ঘিলা পিঠাত গুৰ নহ’লেও হ’ব
জলপানৰ বাতিত দৈ কম হ’লেও হ’ব
ভাতৰ পাতত মঙহ নহ’লেও হ’ব
আইজনী গাভৰু হ’ল–
ৰঙালীৰ ৰং সানিবলে’
ৰঙা বুটাৰ মুগাৰ এসাঁজ দিলেই হ’ব

Leave a Reply

Your email address will not be published. Required fields are marked *