বসন্ত কালৰ ৰোগ আৰু ইয়াৰ ঘৰুৱা প্ৰতিকাৰ (ডা০ ছুহেল আলম)

 

 

বসন্ত ঋতুৰ সময়ত প্ৰকৃতিয়ে ইয়াৰ সমস্ত ৰং আৰু সুগন্ধি ছটিয়াই দিয়ে৷ বছৰটোৰ এই সৰ্বাংগসুন্দৰ সময়ছোৱাতে গছ লতা, পশু-পক্ষীৰ বংশ বিস্তাৰৰ প্ৰচেষ্টা পূৰ্ণগতিত চলে৷ কিন্তু প্ৰকৃতিৰ এই সুন্দৰ সময়ছোৱাত আমি আমাৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো অধিক প্ৰয়োজন হৈ পৰে৷ কাৰণ এই সময়তে বিভিন্ন জীৱাণুৰ দ্বাৰা আমি আক্ৰান্ত হ‘ব পাৰো ৷

এই লেখাৰ জৰিয়তে বসন্ত কালত সাধাৰণতে হোৱা বিভিন্ন ৰোগ আৰু ইয়াৰ ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে এক আভাস দিবলৈ যত্ন কৰা হৈছে৷

বসন্তকালৰ এই সময়ছোৱাত বায়ুমণ্ডলত বেক্টেৰীয়া,ভাইৰাছ আৰু ভেঁকুৰৰ বিচৰণৰ ফলত বিভিন্ন ধৰণৰ ছালৰ ৰোগ হব পাৰে৷ ইয়াৰ ভিতৰত Tinea নামৰ ভেঁকুৰৰ পৰা খৰ হ‘ব পাৰে৷ লেতেৰা কাপোৰ নাইবা তিতা কাপোৰ নাইবা ইজনে আনজনৰ কাপোৰ পিন্ধাৰ ফলত বিয়পিব পাৰে৷ ছালৰ ওপৰ ভাগত ৰঙা বা কজলা বৰণৰ সৰু সৰু ফোঁহা হয় আৰু খুব খজুৱায়৷ ঘৰুৱা বিধি হিচাবে নহৰু কেইফুটমান খুন্দি খৰ হোৱা ঠাইত লগালে খৰ সহজে ভাল হয়৷ নতুবা কেঁচা হালধি পিহি দিনে তিনিবাৰকৈ লগালেও সুফল পোৱা যায়৷
১০২৹ ফা:ৰ পৰা ১০৪৹ ফা: পৰ্য্যন্ত জ্বৰৰ লগত সমগ্ৰ শৰীৰতেই সৰু সৰু ঢৌৰ দৰে ফোঁহা উঠিলে ইয়াক আমি সৰু আই বুলি কওঁ ৷ কিছুদিনৰ পিছত এইবোৰ আপোনা আপুনি পকি ফুটি শুকাই যায়৷পৰিস্কাৰ পৰিচ্ছন্নতাই ইয়াক বিয়পাৰ পৰা ৰোধ কৰিব পাৰে৷ শুকান শেৱালী ফুল গুড়ি কৰি মৌৰ লগত খালে সুফল পোৱা যায়৷ বসন্ত কালত দেখা দিয়া ৰোগৰ ভিতৰত অন্যতম হ’ল কাঁহ৷ ষ্ট্ৰেপ্টোকোক্কাছ, ষ্টেফাইলোকোক্কাছ  আদি জীৱানুৰ দ্বাৰা কাঁহ বিয়পে৷ ধূম্ৰপান কৰা লোকৰ ক্ষেত্ৰত এই ৰোগৰ প্ৰাধান্য বেছি৷ একাপ গৰম পানীত ৫ চামুচ কেঁচা হালধিৰ ৰস মিহলাই  অলপ খালে কাঁহৰ পৰা সহজে পৰিত্ৰাণ পাব পাৰি৷ ধূম্ৰপান কৰা লোকে মৰাণ আদা চোবাই খালে শুকান কাঁহৰ পৰা সাময়িক ভাৱে আৰোগ্য লাভ কৰিব পাৰি৷

বছৰৰ এইছোৱা সময়ত বহুতৰ হাঁপানী ৰোগে আমনি কৰে৷ শ্বাসযন্ত্ৰৰ কোনো অংশত বীজানুৰ দ্বাৰা আক্ৰমণ, এলাৰ্জী নাইবা বংশগত কাৰণত হ’ব পাৰে৷ বতাহত থকা ধূলি বালি,পৰাগ ৰেণু ইত্যাদিৰ দ্বাৰা এই ৰোগ সহজে বিয়পে৷হাঁপানী হ’লে ৰোগীৰ উশাহ-নিশাহ লোৱাত কষ্ট হয় আৰু বুকুত শব্দ হয়৷ নেমুৰ লগত মৰাণ আদা খুন্দি খালে এই ৰোগৰ পৰা বহুত আৰাম পোৱা যায়৷

বতৰৰ পৰি‍‍ৱৰ্তন হোৱাৰ লগে লগে বহুতৰে পানীলগা বেমাৰ হ’ব পাৰে৷ ঠান্ডা লাগিলে, বৰষুণত তিতিলে নাইবা উশাহত ধূলি-মাকতি সোমালে এই ৰোগ হ’ব পাৰে৷ নাকেৰে পানী ওলোৱা, জ্বৰ, হাঁচি, গাৰ বিষ ইত্যাদি এই ৰোগৰ লক্ষণ৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ এটা সুস্বাদু বিধি হ’ল পাৰ চৰাইৰ মাংস জালুক দি খোৱা৷ মৌ জোলৰ লগত কেইটামান লং পিহি খালেও এই ৰোগৰ পৰা আৰাম পোৱা যায়৷

এইবোৰেই সাধাৰণতে বসন্ত কালত হোৱা বিভিন্ন ধৰণৰ ৰোগ যিবোৰত আপুনি সাধাৰণ ঘৰুৱা চিকিৎসাৰ দ্বাৰা বহু পৰিমাণে আৰোগ্য লাভ কৰিব পাৰে৷

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!