বহিৰ্বিশ্বত জীৱনৰ সন্ধান আৰু আমাৰ নিকটতম প্ৰতিবেশী – পংকজ বৰুৱা

 

পৃথিৱীৰ আটাইতকৈ নিকটতম প্ৰতিবেশী হ’ল আলফা চেণ্টাউৰি ত্ৰি-নক্ষত্ৰ প্ৰণালী৷ ইয়াত আৱিষ্কৃত প্ৰক্সিমা চেণ্টাউৰি বি গ্ৰহেই হ’ল আমাৰ সকলোতকৈ ওচৰৰ প্ৰতিবেশী গ্ৰহ৷ এই গ্ৰহৰ দূৰত্ব আমাৰ পৃথিৱীৰ পৰা প্ৰায় ৪.২৫ আলোকবৰ্ষ৷ এই গ্ৰহটোৱে প্ৰক্সিমা চেণ্টাউৰি নামৰ যিটো বামন নক্ষত্ৰক প্ৰদক্ষিণ কৰে সেই নক্ষত্ৰৰ তেজস্ক্ৰিয়তা অতি বেছি যাৰ বাবে ইয়াত জীৱন সম্ভৱ বুলি বিজ্ঞানী সকলে নাভাবে৷ প্ৰক্সিমা চেণ্টাউৰি নক্ষত্ৰৰ পাছতেই আমাৰ দ্বিতীয় নিকতটম প্ৰতিৱেশী হ’ল বাৰ্ণাডছ নক্ষত্ৰ যি আমাৰ পৰা ৬ আলোকবৰ্ষ দূৰত্বত অৱস্থিত৷ এই নক্ষত্ৰৰো এক সৌৰজগত আছে বুলি বিজ্ঞানী সকলে অধ্যয়নৰ পৰা জানিব পাৰিছে৷ ইয়াতে এক বিশাল পৃথিৱী সদৃশ গ্ৰহৰ অৱস্থিতি ধৰা পৰিছে যদিও এই সৌৰজগতৰ গঠন আমাৰ সৌৰজগততকৈ বহু পৃথক৷ এই গ্ৰহ পৃথিৱীৰ আকাৰতকৈ বহু ডাঙৰ যদিও ইউৰেনাছৰ দৰে গ্ৰহতকৈ আকাৰত সৰু৷ এই গ্ৰহই সূৰ্য্যতকৈ বহু কম উজ্জ্বল বাৰ্ণাডছ নক্ষত্ৰৰ পৰাও বহু দূৰত অৱস্থিত৷ তথাপিও বিজ্ঞানীসকলে আশা কৰে যে এই গ্ৰহৰ চাৰিওফালে বৰফৰ আৱৰণ থাকিব পাৰে আৰু এই বৰফৰ তলত জলীয় ৰূপত পানী থাকিব পাৰে য’ত জীৱন সম্ভৱ৷

আমাৰ ওচৰৰ এই পৃথিৱী সদৃশ বৃহৎ গ্ৰহটো পৃথিৱীৰ দ্বিতীয় নিকটম প্ৰতিৱেশী গ্ৰহ৷ সেইদিন হয়তো বেছি দূৰৈত নহয় যেতিয়া আমি মানৱ জাতিয়ে অতিশয় শক্তিশালী টেলিস্কোপ বনাব পাৰিম যাৰ সহায়ত বৰফে আবৃত এই বিশাল গ্ৰহৰ পৃষ্ঠভাগৰ স্পষ্ট ফ’টো ল’ব পাৰিম আৰু এই গ্ৰহত কি আছে সঠিক কৈ জানিব পাৰিম আৰু এদিন হলিউদৰ চাইঞ্চ ফিকচন বোলছবিত দেখুৱাৰ কথাবোৰ আমাৰ বাবে সত্য বুলি প্ৰতিপন্ন হ’ব৷

আমাৰ সূৰ্যৰ দ্বিতীয় প্ৰতিবেশী এই নক্ষত্ৰৰ নাম বাৰ্ণাড নক্ষত্ৰ৷ ইয়াতকৈ কেৱল ত্ৰি-তাৰকাযুক্ত আলফা চেণ্টাউৰি নক্ষত্ৰৰ প্ৰক্সিমা চেণ্টাউৰি নক্ষত্ৰহে কেৱল সূৰ্যৰ ওচৰত আছে৷ বাৰ্ণাড নক্ষত্ৰ পৃথিৱীৰ পৰা ৬ আলোকবৰ্ষ দূৰত অৱস্থিত৷

পৃথিৱীৰ মানৱ জাতিয়ে সদায় বহিৰ্বিশ্বত জীৱৰ উপস্থিতিৰ সন্ধানৰ বিষয়ে কাম কৰি আহিছে৷ ১৯৭০ চনত এজন ব্ৰিটিছ মহাকাশ বিজ্ঞানীয়ে ষ্টাৰচিপ প্ৰেৰণ কৰি বহিৰ্বিশ্বত জীৱৰ সন্ধান কৰাৰ মানে এলিয়েন বিচৰাৰ কথা উল্লেখ কৰিছিল৷ কিন্তু সেই সময়ত ষ্টাৰচিপ প্ৰেৰণ কৰিবলৈ সৌৰজগতৰ গ্ৰহ কেইটাৰ বাদে পৃথিৱীবাসীৰ বাবে অন্য কোনো জ্ঞাত গ্ৰহৰ তথ্য মানৱ জাতিৰ ওচৰত নাছিল৷ আজিৰ সময়ত আমাৰ হাতত বহিৰ্বিশ্বৰ অসংখ্য গ্ৰহৰ তথ্য আছে৷ পৃথিৱীৰ পৰা মাত্ৰ ৪.২৫ আলোকবৰ্ষ দূৰত থকা প্ৰক্সিমা চেণ্টাউৰি নক্ষত্ৰক জীৱন সম্ভৱ দূৰত্বৰ পৰা প্ৰদক্ষিণ কৰা প্ৰক্সিমা চেণ্টাউৰি বি গ্ৰহ, আমাৰ পৰা ৩৯ আলোকবৰ্ষ দূৰত থকা ট্ৰেপিষ্ট নক্ষত্ৰক প্ৰদক্ষিণ কৰা ৭টা পৃথিৱী সদৃশ গ্ৰহৰ সৌৰজগতখন, আকৌ নকৈ আৱিষ্কাৰ হোৱা আমাৰ পৰা মাত্ৰ ৬ আলোকবৰ্ষ দূৰত থকা বাৰ্ণাডছ নক্ষত্ৰক প্ৰদক্ষিণ কৰা পৃথিৱী সদৃশ বৃহৎ গ্ৰহকে ধৰি আৰু বহু আছে৷ এই গ্ৰহসমূহৰ আৱিষ্কাৰে বহিৰ্বিশ্বৰ জীৱন আৱিষ্কাৰৰ সম্ভাৱনীয়তাক অতি প্ৰবল কৰি তুলিছে৷ ইতিমধ্যে প্ৰক্সিমা চেণ্টাউৰি বি গ্ৰহৰ দিশে ষ্টাৰচিপ পঠিওৱাৰ বাবে কাম আৰম্ভ কৰিছেই৷ পোহৰৰ গতিৰ চাৰিভাগৰ এভাগ গতি মহাকাশ যানে পাবৰ সক্ষম হ’লেও ২০ বছৰত এই ষ্টাৰচিপে ৪.২৫ আলোকবৰ্ষ দূৰত থকা প্ৰক্সিমা চেণ্টাউৰি বি গ্ৰহৰ কাষ চাপিব৷

সূৰ্য্যৰ দ্বিতীয় নিকতটম নক্ষত্ৰ বাৰ্ণাডছ এক ৰঙা বামণ শ্ৰেণীৰ ক্ষুদ্ৰ নক্ষত্ৰ ইয়াৰ আকাৰ সূৰ্য্যত কৈ ১০ গুণ সৰু৷ খালী চকুৰে এই নক্ষত্ৰ দেখা পোৱাটো প্ৰায় অসম্ভৱ, এই নক্ষত্ৰ আকাৰত সৰু হোৱাটো অধ্যয়নৰ বাবে সুবিধাজনক৷ বিগত ২০ বছৰ ধৰি বিজ্ঞানী সকলে এই নক্ষত্ৰক অধ্যয়ন কৰি আছিল আৰু প্ৰায় ৮০০ অধ্যয়নৰ সমীক্ষা কৰিহে এই তথ্য সমূহ পোহৰলৈ অনা হৈছে৷ নতুনকৈ আৱিষ্কাৰ হোৱা এই গ্ৰহটোৱে বাৰ্ণাডছ নক্ষত্ৰক ২৩৩ দিনত এক পৰিক্ৰমা সম্পূৰ্ণ কৰে৷ অতিশয় কম গ্ৰহে ইমান বেছি দূৰত্বৰ পৰা নিজ নক্ষত্ৰক পৰিভ্ৰমণ কৰে৷ বাৰ্ণাডছ নামৰ অতিশয় কম উত্তাপযুক্ত ৰঙা বামন নক্ষত্ৰটোৰ পৰা ইমান দূৰেৰে পৰিভ্ৰমণ কৰা এই গ্ৰহৰ পৃষ্ঠ বৰফাবৃত হ’ব পাৰে৷ এই কথাখিনিয়ে এই গ্ৰহক জীৱনৰ অনুপযুক্ত বুলি চিনাক্ত কৰে৷ তথাপিও বিজ্ঞানীসকলে এই গ্ৰহত জীৱন সম্ভৱ হ’ব পাৰে বুলি বিবেচনা কৰে৷ কাৰণ এনে শীতল পৰিস্থিতিত বৰফৰ তলত গলিত পানীত ক্ষুদ্ৰকায় জীৱ থাকিব পাৰে বুলি বিজ্ঞানী সকলৰ বিশ্বাস৷

বাৰ্ণাডছ নক্ষত্ৰৰ বিষয়ে এতিয়াও বিজ্ঞানী সকলৰ মাজত বহু অনিশ্চয়তা আছে৷ এই নক্ষত্ৰৰ সৌৰজগতত আৱিষ্কৃত নতুন গ্ৰহটোৰ পৃষ্ঠ ভাগ বৰফেই হ’ব পাৰে এনে নহয় ই গেছ বা শিলৰ দৰে বস্তুও হ’ব পাৰে যি দৰে আমাৰ সৌৰজগতৰ ইউৰেনাছ গ্ৰহ৷ এই গ্ৰহ পৃথিৱীৰ আকাৰতকৈ প্ৰায় তিনিগুণ ডাঙৰ ই আকাৰত আৰু ডাঙৰো হ’ব পাৰে৷ এই গ্ৰহৰ দূৰত্বক লৈও কিছু সন্দেহ আছে দূৰত্বক গণনাত সামান্য ভুল হ’লেই এই দূৰত্ব বাঢ়িব বা কমিব পাৰে৷ কমাৰ সম্ভাৱনাতকৈ বঢ়াৰ সম্ভাৱনা হে বেছি৷ যি কি নহওক, এই গ্ৰহত জীৱন থাককেই বা নাথাকক কিন্তু এই গ্ৰহ আমি মানৱ জাতিৰ বাবে জীৱন থকাৰ সম্ভাৱনীয়তাৰ দিশত উৎকৃষ্ট স্থান ৰূপে বিবেচিত হ’ব আৰু এদিন বিজ্ঞানে এই সত্যতাক উদ্ঘাটন কৰিব৷ ■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!