বানপানী শুকাল – শান্তনু ডেকা

(এক)
বানপানী শুকাল.
ককাই অ’ আমাৰ,
পঁজাবোৰ ঢুকাল,
অৱশিষ্ট বুলিবলৈ এতিয়াছোন,
একোয়েই নাই,
এখিলা টিনপাতহে আছে,
বোকাত পোত খায়৷

(দুই)

বাৰিষাৰ বানৰ আগত,
পথাৰখনৰ প্ৰাণত,
সাহতে সাহ কৰি,
পিততে পিত মাৰি,
মাঘৰ ভোজত,
ভাত এমুঠি মুখত গুজিম বুলি,
ক’লাকচুৰ আগৰ লগত,
গুজ দিছিলো পুতি ৷
ককাই অ’ পথাৰখনছোন,
নোহোৱা হ’ল,
সপোনবোৰ বলুকাত পোত গ’ল৷

(তিনি)

সিদিনা সোমবাৰ আছিল,
গোসাঁইঘৰত জ্বলাইছিলো এগছি বন্তি,
লক্ষ্মী নাৰায়ণৰ থিতাপি হ’ব,
ভৰাল উপচি পৰিব….!
শৰাই এখনো দিছিলো আগ কৰি,
বগীজহাৰ গুজ লোৱা বুলি৷
ককাই অ’ বানৰ স’তে,
আমাৰ সপোনবোৰো শুকাল,
আশাবোৰে হুমুনিয়াহ কাঢ়ি,
আমাৰ বুকুতেই লুকাল৷

(চাৰি)
ৰাজবাটতে শিবিৰ পাতি,
জীৱন বচাই কোনোমতে,
আছো দে ককাই,
সাহায্যও পাইছো দে,
কেইটামান মানৱদৰদী সন্থাই,
খাদ্য-সামগ্ৰী ঔষধ-পাতিকে ধৰি,
কাপোৰ-কানিও দিছে যুগুতায়৷
মাত্ৰ বিভাগীয় পক্ষৰ পৰা অহা,
দমকলটোতহে পানী নোলায়,
শুনিছো তহঁতে দিয়া খাদ্য বস্তুবোৰ বোলে,
অজগৰে খায়৷
☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!