বান -ৰঞ্জন বৰ্মন

বান৷
ৰঞ্জন বৰ্মন

গান গোৱা চৰাইজাক এতিয়া মৌন
ভগা ডেউকাত ওলমি আছে নিথৰ সময়
বীণাৰ তাঁৰ ছিঙি
বৈ গৈছে নদী
মানুহবোৰে
দু-আঁঠুত মুখ গুজি
বহি আছে বালিৰ উপত্যকাত
তাত এখন গাঁও আছিল
চৰাইৰ কোলাহলত ৰাতি পুৱাইছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!