বাপাৰ ভোখ ( ৰক্তিম শৰ্মা )

Bapar BHokh

বাপাহাৰে ঘুমো এ ঘুমো

সাত সাগৰ পাৰহৈ

বগা পুতুনাতু আইছি

পিয়াহত বিহ

আদৰত বিহ

চল পালি চতলোত আহি বইহবো

পিয়াহটু উইলে কব

আহ বাচা গাখীৰ খা

পুন্য হব

স্বৰ্গ পাবি

চখু মুজি থাক এ বাপা ৷

দেখত কংস মাইমে

আৰু এটা পুতুনা পুহে

কলা পুতুনা

আন্ধাৰত পিয়াহ উইলে বহি থাকে ৰাতি

নাযবি এ বাপা আন্ধাৰত

চখু উইলাব

পিয়াহ খুৱাব

ধৰ্ম হব

স্বৰ্গ পাবি ৷

বাপা নালগেদে খাবা পিয়াহ

মায়ৰে এৰি গেল স্বৰ্গত

আমি এতেই থাকু দে

বন্নিবাৰী বাজাৰত ছাগাল কিনিম

বৰ মিঠা ছাগলোৰ গাখীৰ ৷

হাওঁ বাপা

বন্নিবাৰী বাজাৰক নাযং দে

কংস মাইমেৰে আহাৰ পিছত

গৈৰা বাজাৰ হল

হিন্দু বাজাৰ হল

আগৰ বন্নিবাৰীৰ বাজাৰখান নহ হল ৷

চামতাৰ চ’কৰ পে

পাইনা গাখীৰে আনিম দে

হাত জিকে খাবি ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!