বাপু ক'ত আছা তুমি এতিয়া (অভিজিত হাজৰিকা)

অভিজিত হাজৰিকা
 
বাপু পুখুৰীটো বাম হ’ল এতিয়া                                                  
মাছবোৰ ভয়ত বোকাত লুকাই
বাপু বৰশী বোৰ এতিয়া আৰু
ঘৰত বনোৱা নহয় বিদেশৰ পৰা আমদানি কৰা হয়
বিদেশৰ বৰশীৰ সতে টোপবোৰো
বিদেশী ষ্টাইলত আহে বাপু
তুমি দিয়া টুপীটোকে পিন্ধি থাকে…..
তুমি আহিলে কিনো দেখিবা বাপু
কিবা আইডিয়া আছেনে তোমাৰ
তুমি আহিলে দেখিবা তোমাৰ
টুপীটো আগৰ দৰেই আছে
মাথো টুপীপিন্ধা মানুহবিলাক
তোমাৰ অচিনাকী………
হবই দিয়াছোন কিমান দিনৰ মূৰত
তুমি যে আহিবা…..
তোমাৰ জন্মদিনটো
আজি মনত পৰিছে তেওঁলোকৰ।।
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!