বাবা সংস্কৃতি ( জ্ঞানদীপ শইকীয়া )

“বাবা, মোৰ এটা চাকৰী আছে৷ দৰমহাও বৰ বিশেষ কম নহয়৷ কিন্তুু বাবা মই পইচাহে সাঁচিব পৰা নাই৷ পইচা সাঁচিলেই কিবা নহয় কিবা এটা ওলাই খৰচ হৈ যায়৷ লগতে বাবা মোৰ অলপ মদ্যপানৰো অভ্যাস আছে৷ সেয়ে বাবা মোৰ ঘৰখনতো বহুতো সমস্যাৰ সৃষ্টি হৈছে৷ বহু চেষ্টা কৰিও এই অভ্যাসটো এৰিব পৰা নাই৷ এই সকলোবোৰ সমস্যাৰ কিবা এটা সমাধান দিয়ক বাবা”৷

আজি শুক্ৰবাৰ৷ আজি মোৰ মানে হৃদয়ানন্দ বাবাৰ দৰবাৰৰ দিন৷ ভক্তজনক সমাধান দিয়াৰ আগতে মনটোক ভালকৈ জুকিয়াই লওঁ বুলি ভাবি তেওঁক ক’লো-
-“আপুনি চকুহাল মুদি ভগৱানৰ আৰাধনা কৰক৷ ময়ো আপোনাৰ সমস্যাৰ সমাধান সূত্ৰ বিচাৰো”৷

মনৰ মাজতে কথাবোৰ জুকিয়াই লবলৈ চেষ্টা কৰিলোঁ৷ ময়োটো তেওঁৰ দৰেই আছিলো৷ এটা অতি নি: কিন পৰিয়ালৰ ল’ৰা আছিলো মই৷ এসাজ খালে এসাজৰ বাবে চিন্তা৷ তেতিয়াৰ মা-দেউতাৰ বেদনাভৰা অসহায় চকুহাললৈ মনত পৰিলে আজিও হৃদয়খন কিবা মুচৰি যাব খোজে৷ অৱশ্যে এই বাবা সংষ্কৃতি লোৱাৰ পৰা এতিয়া এই সমস্যা নাই৷ ভক্তৰ কৃপাত এতিয়া মোৰ জয়জয় ময়ময় অৱস্থা৷ সমাধানটো দিয়াৰ আগতে কমিচনৰ অংকটোও ভাবি ললো৷ কোনটো মন্দিৰত শৰাই দিবলৈ পঠিয়ালে কিমান টকা পাম তাৰো মোটামুটি হিচাপ এটা মনতে কৰি ললো৷ লগতে বহুজাতিক কোম্পানী(Multinational Company) কেইটামানৰ উৎপাদিত সামগ্ৰী(Product) কেইটামানৰো বিজ্ঞাপন কৰিব লাগে৷ এই দৰবাৰতে যদি তেনে সামগ্ৰী কেইটামান ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিব পাৰো তেন্তে দেখোন এক ভাল অংকৰ ধন এটা হাতলৈ আহিব আৰু মানুহজনীৰো হীৰাৰ নেকলেচ এডাল পিন্ধাৰ বহুদিনীয়া হেঁপাহকণ পূৰণ কৰিব পাৰিম৷ কথাষাৰ ভাবিয়েই মনটো সন্তুষ্টিৰে ভৰি পৰিল৷
–“বৎস, চকু মেলক৷ আপোনাৰ সমস্যাটো মই বুজি পাইছো৷ আপোনাৰ শনিৰ দশা চলিছে৷ সেয়ে শনিবাৰীত থকা শনি মন্দিৰত আপুনি এভাগি শৰাই আগবঢ়াব৷ লগতে লক্ষ্মীদেৱী সুপ্ৰসন্ন হবৰ বাবেও আপুনি পল্টন বজাৰৰ লক্ষ্মী মন্দিৰত এখনি শৰাই আগবঢ়াব৷ ইয়াৰোপৰি আপোনাৰ স্বাস্থ্যৰো কিছু সমস্যা থকা দেখা পাইছো৷ সেয়ে আপুনি নিতৌ ৰাতিপুৱা এগিলাচকৈ Amul গাখীৰ খোৱাৰ অভ্যাস কৰক৷ ই আপোনাৰ মনটো সতেজ কৰি ৰাখিব৷ লগতে BABA ইলাচী বা BABA চুপাৰি খোৱাৰ অভ্যাস কৰক৷ ই আপোনাৰ মনটো সকলো সময়তে সতেজ কৰি ৰাখি ৰাগিয়াল বস্তুৰ প্ৰতি আপোনাৰ বিৰাগ জন্মাব৷ এইকেইটা কৰিলেই আপুনি সুফল পাব”৷

কথাকেইষাৰ কৈয়েই ভক্তজনলৈ আৰ্শীবাদ দিয়াৰ ভংগীত হাতখন দাঙিলো৷ লগে লগে গোটেই হলটোত মাত্ৰ এটা শব্দই ভাঁহি আহিল – “জয় হৃদয়ানন্দ বাবা কী, জয়”৷

(বি.দ্ৰ.- এইটো এটা কাল্পনিক লিখনি মাথো৷ কাৰো বিশ্বাস, বৃত্তি আৰু মনোভাৱক আঘাত কৰাৰ মানসিকতা মোৰ নাই৷ )

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!