বাৰিষা – নূপুৰ হাজৰিকা

দিনৰ দিনটো
আঁঠুৱনীয়া পানীত খেলিলোঁ৷
বোকাৰ গোন্ধে মেৰিয়াই ল’লে
ৰ’দত দেই যোৱা শৰীৰ;
পথাৰে ক’ব –
মোৰ দ’ মাটিডৰাত
নৈয়ে পলস পেলাইছিল
কাহানিবাই –
শ্যামল সপোনেৰে ভৰুণ হৈছিলোঁ মই!
সন্ধ্যা যেতিয়া
তোমাৰ পদূলি গৰকি আহোঁ
বকুলৰ গোন্ধে
মোৰ আঁচল নেৰে!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!