বিকল্প চিকিৎসা- ডা° অঞ্জন প্ৰতীম দাস

বিকল্প চিকিৎসা বুলি ক’লে বহুতৰে মনত প্ৰশ্ন হয় যে এইটো আকৌ কেনেকুৱা বা কি চিকিৎসা পদ্ধতি? হয়, আমি বহুতেই নাজানো বা জনাৰ ইচ্ছা নকৰো যে বিকল্প চিকিৎসা আচলতে কি? আহকচোন আমাৰ ব্যস্ততাপূৰ্ণ জীৱনৰ সময়ৰ জোলোঙাৰ পৰা অকণমান সময় খৰচ কৰি জানিবলৈ বা বুজিবলৈ চেষ্টা কৰো যে কিনো এই বিকল্প চিকিৎসা?

বিকল্প চিকিৎসা হ’ল আমাৰ মূল পাশ্চাত্য চিকিৎসা ব্যৱস্থাৰ বাহিৰে বা পাশ্চাত্য চিকিৎসা প্ৰণালী (এলোপেথ্যি) ব্যৱহাৰ নকৰাকৈ কৰা চিকিৎসা৷ ইয়াৰ পৰিসৰ বৃহৎ৷ অসংখ্য চিকিৎসা প্ৰণালীৰে গঠিত এই বিকল্প চিকিৎসা৷ হাৰবেল (Herbal) মেডিচিন, এক্যুপ্ৰেচাৰ (Acupressure), এক্যুপাংচাৰ (Acupuncture), চুজ’ক (Sujok) থেৰাপি, মেগনেট (Megnat) থেৰাপি, মিউজিক (Music) থেৰাপি, চিৰ’প্ৰেকটিক (Chiropractic) থেৰাপি, কালাৰ (Colour) থেৰাপি, লাইট (Light) থেৰাপি, ইত্যাদিৰ সমষ্টি এই বিকল্প চিকিৎসা৷ যোগ, ইউনানী, আয়ুৰ্বেদ, হোমিঅ’পেথ্যিক চিকিৎসা প্ৰণালীও কিছু কিছু ক্ষেত্ৰত বিকল্প চিকিৎসাৰে অন্তৰ্ভুক্ত৷

আমাৰ শৰীৰৰ বিভিন্ন ৰোগ এই চিকিৎসাৰ দ্বাৰা নিৰাময় কৰা হয় সুফলভাৱে৷ আমি ভাবিব নোৱাৰাকৈ আচৰিত ধৰণে ৰোগী সুস্থ হৈ উঠে এটা সময়ত এলাগী আমাৰ এই বিকল্প চিকিৎসাৰ দ্বাৰা৷ যিকোনো ধৰণৰ বিষ বিকল্প চিকিৎসাৰ দ্বাৰা প্ৰায় ৮০% ভাল কৰা হয়৷ স্নায়ু (Nerve) ৰ যিকোনো সমস্যা বিকল্প চিকিৎসাৰ দ্বাৰা খুব কম দিনৰ ভিতৰত সমাধান কৰা সম্ভৱ৷ আনকি বহু দিনৰ পৰা ভুগি থকা ’স্পন্দোলাইচিছ’ (Cervical And Lumber Spondylitis) বেমাৰো অতি সহজে আৰু সুকলমে কোনো ধৰণৰ পাৰ্শ্ব-প্ৰতিক্ৰিয়া নোহোৱাকৈ ভাল কৰা সম্ভৱ৷ বাত বিষত (Arthritis) ভুগি থকা ৰোগীকো বিকল্প চিকিৎসাৰ দ্বাৰা নিৰোগী কৰিব পাৰি৷ গেষ্ট্ৰিকৰ সমস্যা (Chronic Gastritis), টোপনি নহা (Insomnia), হাৰ্টৰ ৰোগ (Chronic Heart Disease), বিভিন্ন চৰ্ম ৰোগ (Skin Problems), যকৃতৰ বিভিন্ন সমস্যা (Liver Disease), হাঁপানি ৰোগ (Asthma) ইত্যাদি প্ৰায় সকলো ধৰণৰ ৰোগৰ চিকিৎসা সফলতাৰে কৰা হয় বিকল্প চিকিৎসাৰ দ্বাৰা৷ আনকি নিচামুক্তিৰ কাৰণেও (Deaddiction) বিকল্প চিকিৎসাৰ সহায় লোৱা হয় আৰু এশ শতাংশ সুফল পোৱা যায়৷ ’Stress’ আৰু ’Depression’ আজিৰ সমাজৰ এটি ব্যাধি হৈ পৰিছে৷ ইয়াকো আমি বিকল্প চিকিৎসাৰ দ্বাৰা দূৰ কৰিব পাৰো আৰু বহু এনেকুৱা মানুহ যি এই Stress আৰু Depression ত ভুগি আছে আমাৰ চিকিৎসা কেন্দ্ৰত চিকিৎসা লৈ আছে আৰু সুফল পাইছে৷

বিকল্প চিকিৎসাৰ বিষয়ে যদি আমি বহলাই আলোচনা কৰো তেতিয়া সম্পূৰ্ণ এটা দিনো কম হ’ব৷ গতিকে আমি বেছি সময় খৰচ নকৰি আজি ইমানতে সমাপ্ত কৰি আগলৈ আৰু ইয়াৰ বিষয়ে আলোচনা কৰাৰ আশা এটি মনত পুহি ৰাখিলো৷

শেষত এটা কথা কৈ থব বিচাৰিছো যে আহক আমি সকলোৱে নিৰোগ হওঁ আৰু ৰোগমুক্ত পৃথিৱী এখন গঢ়ো৷ বিকল্প চিকিৎসাৰ সহায়ত অলপো পাৰ্শ্বপ্ৰতিক্ৰিয়া নোহোৱাকৈ সকলো ৰোগকেই আঁতৰ কৰি ৰাখো৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!