বিগত বৰ্ষৰ অসমীয়া চিনেমা: প্ৰত্যাশা আৰু প্ৰত্যাহ্বান – অংগৰাগ ভূঞা

 বিগত বৰ্ষৰ ছয় জানুৱাৰীত মুক্তি পোৱা ৰাজেশ ভূঞা পৰিচালিত “কোঁৱৰপুৰৰ কোঁৱৰ” চিনেমাখনৰ পৰা আৰম্ভ কৰি ১৫ ডিচেম্বৰত হেমন্ত নীলিম দাসৰ প্ৰথম পৰিচালনাৰ “খলনায়িকা”লৈ বহু কেইখন অসমীয়া চিনেমাই এই বছৰ পৰ্দাত ভূমুকি মাৰিলে৷ প্ৰথমতে আমি মুক্তি পোৱা চিনেমা কেইখন মনত পেলাই লওঁ।

“কোঁৱৰপুৰৰ কোঁৱৰ”ৰ পাছত মুক্তি লভা চিনেমা কেইখন হল -১৩ জানুৱাৰীত মুক্তি পোৱা কংকন ৰাজখোৱাৰ “দূৰ”, ২০ জানুৱাৰীত হিমাংশু প্ৰসাদ দাসৰ “ছাকিৰা আহিব বকুলতলৰ বিহুলৈ”, ১৭ ফেব্ৰুৱাৰীত কংকন ডেকা পৰিচালিত “বিউটীফুল লাইভজ”, ৩ মাৰ্চত হেমেন দাসৰ “মৃগনাভি”, ২৪ মাৰ্চত মনি সিনহাৰ “ৰাফ এণ্ড টাফ”, ৩১ মাৰ্চত হেমন্ত কুমাৰ দাসৰ “অথেলো”, ১৯ এপ্ৰিলত কেনী বসুমতাৰীৰ লোকেল কুংফুৰ ছিকুৱেল “লোকেল কুংফু ২”, ৫ মে’ত মঞ্জুল বৰুৱাৰ “অন্তৰীণ”, ১৯ মে’ত চন্দ্ৰ মুদৈৰ “ছয়গাৱঁৰ চম্পা”, ৯ জুনত নৱ কুমাৰ নাথৰ “চাকনৈয়া”, ১৬ জুনত প্ৰণয় ফুকনৰ “শেষ অংগীকাৰ”, ৭ জুলাইত ধ্ৰুৱজ্যোতি বৰদলৈৰ “দূৰণিৰ নিৰলা পঁজা”, ২৮ জুলাইত ডিম্বেশ্বৰ গগৈ আৰু ৰাজেন বৰদলৈৰ “অজানিতে”, ৮ ছেপ্টেম্বৰত জুবিন গাৰ্গৰ “মিছন চাইনা”, ২২ ছেপ্টেম্বৰত “তুমি আহিবানে”, ২৯ ছেপ্টেম্বৰত “ক্ষোভ”, ৬ অক্টোবৰত সীতানাথ লহকৰৰ “এই মাটিতে”, ২৭ অক্টোবৰত সান্ত্বনা বৰদলৈৰ “মাজ ৰাতি কেতেকী”, ৩ নৱেম্বৰত শংকৰ বৰুৱাৰ “দ্য কিউৰিয়ছিটী শ্বপ”, ১০ নৱেম্বৰত মুনীন বৰুৱাৰ “প্ৰিয়াৰ প্ৰিয়”, ২৪ নৱেম্বৰত প্ৰশান্ত শইকীয়াৰ “ৰাম ভডকা হুইস্কী”, একে তাৰিখতে ববী শৰ্মা বৰুৱাৰ “সোণাৰ বৰণ পাখি” আৰু ১৫ নৱেম্বৰত “খলনায়িকা”৷

   ইতিবাচক দৃষ্টিভংগীৰে যদি চোৱা হয়, ২০১৭ চনৰ অসমীয়া চিনেমাৰ সংখ্যালৈ আঙুলিয়াব পাৰি৷ অভিলেখ স্থাপন কৰি বছৰটোত ২৪ খন চিনেমাই মুক্তি লাভ কৰিছে৷ বছৰটোৰ আগষ্ট মাহটো বাদ দি প্ৰতিটো মাহতেই দুই এখন চিনেমাই চিনেমাহলত ভূমুকি মাৰিছে৷ দৰ্শকৰ সঁহাৰি অবিহনেও অভিলেখ কৰিব পৰা সংখ্যাৰ চিনেমাই মুক্তি পোৱা কথাটোৱে এক বিশেষ তাত্পৰ্য বহন কৰিছে৷ সেই দিশটো লক্ষ্য কৰিলে স্পষ্ট হৈ পৰে যে লাভ লোকচানৰ কথা বাদ দিও চিনেমা নিৰ্মাণৰ বাবে বহু লোক আগুৱাই আহিছে৷ এজন পেশ্যনেট পৰিচালকৰ বাবে চিনেমাখনৰ বাণিজ্যিক লাভ লোকচানতকৈ নিৰ্মাণ কৰি পোৱা সন্তুষ্টিহে অধিক৷ আন শিল্পৰ ক্ষেত্ৰটো একেই কথা খাটে৷ সেয়া হলেও প্ৰশ্ন এটা ৰৈ যায়, এই সৃষ্টিসমূহ আচলতে কাৰ বাবে? দৰ্শকৰ বাবেইটো এজন পৰিচালকে চিনেমা এখন কৰে৷ চাবলৈ দৰ্শক হোৱা মানেইতো বাণিজ্যিক সফলতা৷ তেনে সফলতানো অসমীয়া চিনেমাত কিমানজনে পাইছে?

অসমৰ শিল্পীসকলৰ ভিতৰত সবাতোকৈ জনপ্ৰিয় জুবিন গাৰ্গ৷ অসমীয়া চিনেমাৰ দুৰৱস্থাত ব্যথিত হৈ খেয়ালি শিল্পীজনে ঘোষণা কৰি দিলে-তেওঁ চিনেমা নিৰ্মাণ কৰিব– যাতে দৰ্শক আহে চিনেমাহললৈ৷ অসমীয়া চিনেমা চোৱাৰ অভ্যাস যাতে গঢ়ি উঠে৷ তেনে এক চিন্তা লৈ জুবিন গাৰ্গে “মিছন চাইনা” নামৰ চিনেমাখন কৰিলে৷ চিনেমাখনৰ প্ৰচাৰৰ দিশতো তেওঁ কোনো কৃপণালি কৰা নাছিল৷ সচৰাচৰ অসমীয়া চিনেমাত নোহোৱা ধৰণৰ প্ৰচাৰ অভিযান চলাই জুবিনে মিছন চাইনা চাবলৈ দৰ্শকক বাধ্যই কৰিলে৷ চিনেমাখন চাবলৈ যোৱাক লৈ অনুৰাগীসকলে, তেওঁৰ ফেন ক্লাবে এটা শ্ল’গানৰো সৃষ্টি কৰিলে৷ প্ৰায় আঢ়ৈ কোটি টকাৰে নিৰ্মাণ কৰা হৈছিল চিনেমাখন৷ জুবিন গাৰ্গৰ অনুৰাগী আৰু চিনেমাখনৰ প্ৰচাৰে এনে এচাৰ ঢৌৰ সৃষ্টি কৰিলে যে অসমৰ ৫৫টা চিনেমাহলত একেলগে মুক্তি লাভ কৰা চিনেমাখনে প্ৰথম দিনাই ৩৮ লাখ টকা আৰ্জন কৰে৷ অসমীয়া চিনেমাৰ ক্ষেত্ৰত সেয়া এক অভিলেখ৷ দ্বিতীয় দিনটোত চিনেমাখনে নিজৰেই অভিলেখ ভংগ কৰি ৪০ লাখ আৰু তৃতীয় দিনা নতুন এক অভিলেখ গঢ়ি ৪২ লাখ টকা উপাৰ্জন কৰে৷ অসমীয়া চিনেমাৰ ক্ষেত্ৰত দৰ্শকে দেখুউৱা এনে সঁহাৰি অভূতপূৰ্ব আছিল যদিও অকল্পনীয় নাছিল৷ ইয়াৰ মূল কাৰণ আছিল চিনেমাখনক লৈ সৃষ্টি হোৱা উন্মাদনা– ৰিস্ক লৈ হলেও অসমীয়া চিনেমাক এক নতুন পথেৰে লৈ যাব খোজা জুবিন গাৰ্গৰ সেই প্ৰচেষ্টাক সন্মান জনায়েই দৰ্শক ঢাপলি মেলিলে চিনেমাহললৈ৷ প্ৰথম সপ্তাহত ২ কোটি ৪৪ লাখ টকা উপাৰ্জন কৰা মিছন চাইনাৰ লাইফ টাইম কালেকশ্যন প্ৰায় ছয় কোটিৰ কাষ চাপিছে বুলি জনা যায়৷ সেই দিশৰ পৰা চাবলৈ গলে উপাৰ্জনৰ ক্ষেত্ৰটো মিছন চাইনাই এক অভিলেখ স্থাপন কৰিলে যাক ভংগ কৰাটো বৰ সহজ কাম হয়তো নহ’ব৷ হয়তো বুলি এই বাবেই কোৱা হৈছে যে পৰিৱৰ্তিত সময়ত দৰ্শকৰ ৰুচিলৈ মন কৰি অধিক উন্নত মানৰ চিনেমাৰ প্ৰযোজনা হলে দৰ্শক নিশ্চয় চিনেমাহললৈ আহিব৷ নিৰ্মাণ শৈলীলৈ মন কৰিলে দেখা যায় যে কেমেৰা আৰু লোকেশ্যনৰ বাহিৰে মিচন চাইনাক এখন সাধাৰণ মানৰ চিনেমা বুলিব পৰা যায়৷ তাতকৈ উন্নত মানৰ চিনেমা এখনৰ প্ৰত্যাশা নিশ্চয়কৈ কৰিব পাৰি আৰু দৰ্শক নিশ্চয় হ’ব৷

পিছে এটা কথা পাহৰিলে নচলে যে কেৱল জুবিন গাৰ্গৰ নামতেই চিনেমাহলত দৰ্শক নাহে৷ দৰ্শকৰ পৰিৱৰ্তিত ৰুচি-অভিৰুচিলৈ লক্ষ্য কৰি চিনেমা নিৰ্মাণ নকৰিলে সকলোৰে মৰমৰ শিল্পীজন থাকিলেও চিনেমা হলত দৰ্শক প্ৰত্যাশিতভাৱে নাথাকিব পাৰে৷ সেই কথা সকলোৱে উপলব্ধি কৰা ভাল৷ মিছন চাইনাই মুক্তি পাইছিল ৮ ছেপ্টেম্বৰত৷ তাৰ দুমাহৰ পাছত ১০ নৱেম্বৰত চিনেমা হললৈ অহা “প্ৰিয়াৰ প্ৰিয়” নামৰ চিনেমাখনৰ প্ৰতি দৰ্শকে আশানুৰূপ সঁহাৰি নজনালে৷ চিনেমাখনৰ পৰিচালক আছিল মুনীন বৰুৱা যাৰ আছে সফলতাৰ এক ঈৰ্ষণীয় ট্ৰেক ৰেকৰ্ড৷ জুবিন গাৰ্গৰ ফেন ক্লাবেও এইখনৰ প্ৰচাৰ ক্ষেত্ৰত মিছন চাইনাক দেখুউৱা উত্সাহ নেদেখুৱালে৷ এই কথাই প্ৰতীয়মান কৰিলে যে কোনোবা চিনেমাৰ প্ৰতি দেখুউৱা আগ্ৰহ সকলো চিনেমাৰ ক্ষেত্ৰত নাথাকিবও পাৰে লাগিলে সেই চিনেমাত অসমৰ সবাতোকৈ জনপ্ৰিয় শিল্পীজনেই থাকক৷ অৱশ্যে সেয়া হলেও অসমীয়া চিনেমাৰ দৰ্শক নাই বোলা কথাষাৰ মিছা বুলি প্ৰমাণিত হল৷ সেয়া এক প্ৰত্যাশা জগাব পৰা বিষয়৷

মিছন চাইনাৰ প্ৰচাৰৰ কাষ চাপিব নোৱাৰিলেও হিমাংশু প্ৰসাদ দাসৰ “ছাকিৰা আহিব বকুলতলৰ বিহুলৈ” নামৰ চিনেমাখনে প্ৰচাৰৰ ক্ষেত্ৰত এক নতুনত্ব অনাৰ প্ৰয়াস কৰিছিল আৰু কম বেছি পৰিমাণে সফলো হৈছিল৷ পিছে চিনেমা প্ৰদৰ্শৰ ক্ষেত্ৰত বলিউডী চিনেমাৰ মুক্তিৰ সৈতে সময় নিমিলাৰ পৰিণতিতে চিনেমাখন বেছিদিন চলাব পৰা নগ’ল৷ আৰম্ভণিতে চিনেমাখনে দৰ্শকৰ ভাল সঁহাৰি লাভ কৰিছিল যদিও শ্বাহৰুখ খান অভিনীত “ৰয়ীছ”ৰ মুক্তি হোৱাত চাকিৰাই শ্বাহৰুখক হল এৰি দিব লগীয়া হয়৷ এই পৰিপ্ৰেক্ষিতত চিনেমাখনৰ প্ৰযোজক, পৰিচালক হিমাংশু প্ৰসাদ দাসে উপায়হীন হৈ পৰেশ বৰুৱালৈ চিঠি লিখাক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল৷ বিতৰ্কৰ শাম কাটিল যদিও এই বিষয়ত চৰকাৰৰ লগতে ৰাইজৰ এটা সুস্পষ্ট নীতি নহ’লে পৰিবেশনৰ বাবে সমস্যা থাকিয়েই যাব, যাৰ কু-পৰিণতিৰ চিকাৰ হৈ থাকিব অসমীয়া চিনেমা৷ উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মিছন চাইনাৰ প্ৰিমিয়াৰক লৈও পৰিবেশকৰ সৈতে সংঘাতৰ সৃষ্টি হৈছিল৷

প্ৰচাৰৰ দৰে পৰিবেশনক লৈ অসমীয়া প্ৰযোজকসকল সজাগ নহলে অসমীয়া চিনেমাৰ দুৰ্গতি অব্যাহত থাকিবই৷ উদাহৰণ স্বৰূপে “ছাকিৰা আহিব বকুলতলৰ বিহুলৈ” চিনেমাখনৰ পিনে আঙুলিয়াব পাৰি৷ শ্বাহৰুখ খানক দৰে বক্স অফিচত প্ৰতিপত্তি থকা নায়ক অভিনীত চিনেমাক পৰিবেশক সকলে অদিক গুৰুত্ব দিয়াটো স্বাভাৱিক৷ তাতে অসমত অসমীয়া চিনেমা চলোৱাৰ ক্ষেত্ৰত এক সুস্পষ্ট নীতি নাই৷ তদুপৰি বলিউডৰ প্ৰতিখন চিনেমাৰ মুক্তিৰ তাৰিখ বহুত আগতেই ঠিক কৰি থোৱা থাকে আৰু সেয়ে কম বাজেটৰ চিনেমাৰ মুক্তিৰ তাৰিখ ওচৰত নাৰাখে৷ তাৰকাসকলে পৰাপক্ষত নিজৰ চিনেমাৰ মুক্তিৰ তাৰিখ আন এজনৰ চিনেমাৰ ওচৰত নাৰাখে৷ তেনে স্থলত অসমীয়া চিনেমাৰ নিৰ্মাতাসকলেও নিজৰ চিনেমাৰ মুক্তিৰ তাৰিখ নিৰ্দ্ধাৰণ কৰোতে চিন্তা চৰ্চা কৰি লোৱাৰ প্ৰয়োজন আছে৷ মিছন চাইনাৰ ঢৌ চলি থাকোতেই “তুমি আহিবানে” নামৰ চিনেমাখনৰ মুক্তি দিয়াটো বৰ এটা বুদ্ধিমানৰ কাম নহল৷

ব্যৱসায়ৰ কথা বাদ দিলে সান্ত্বনা বৰদলৈৰ “মাজ ৰাতি কেতেকী” আছিল সংবেদনশীল বিষয়ক লৈ নিৰ্মাণ কৰা চিনেমা৷ প্ৰচাৰত গুৰুত্ব দিলে মাজ ৰাতি কেতেকীৰ দৰে চিনেমাৰ দৰ্শক হয়তো হ’লহেঁতেন৷ অনুৰূপ কথা কব পাৰি কংকন ডেকাৰ “বিউটীফুল লাইভজ”ৰ ক্ষেত্ৰতো৷ এটা সংবেদনশীল বিষয়ক লৈ নিৰ্মাণ কৰা চিনেমাখনৰ প্ৰচাৰ আশানুৰূপ নাছিল৷ অসমীয়া চিনেমাৰ মানত কেইটামান সাহসী দৃশ্যৰে চিনেমাখন সমৃদ্ধ আছিল কিন্তু সেয়া চৰ্চিত হবলৈ নাপালে ঘাইকৈ প্ৰচাৰৰ বাবে৷ নিৰ্মাণৰ কিছুমান আসোঁৱাহ আছিল যদিও প্ৰচাৰ সঠিক হোৱা হ’লে দৰ্শকে হয়তো চিনেমাখন আদৰি ল’লেহেঁতেন৷

প্ৰচাৰৰ বিষয়ে কলেই অসমীয়া চিনেমাৰ প্ৰযোজকে বাতৰি কাকতত প্ৰকাশ হোৱা বাতৰি, টেলিভিশ্যনৰ নিউজ চেনেলত হোৱা কেইটামান আলোচনাকে লৈ আত্মপ্ৰসাদত ভোগা দেখা যায়৷ চিনেমাৰ প্ৰচাৰ কেনে ধৰণৰ হব পাৰে সেইবিষয়ে প্ৰযোজকসকলে আমিৰ খান, শ্বাহৰুখ খানৰ নললেও অন্তত জুবিন গাৰ্গৰ উদাহৰণ লব পাৰে৷ বাতৰি কাকতত চিনেমাৰ নিৰ্মাণ, মুক্তি বা পেইড সমালোচনা পঢ়ি আজিকালি কোনোবাই চিনেমা হললৈ ঢাপলি মেলিব বুলি ভবাটো অত্যন্ত আশাবাদী চিন্তা৷ বাতৰি কাকতত যোৱা বছৰৰ উচ্চ প্ৰশংসিত চিনেমা কেইখনে তাৰেই ইংগিত দিয়ে৷ দাক্ষিণাত্যৰ চিনেমাৰ অনুকৰণকে সফল বাণিজ্যিক উপাদান বুলি ভবা প্ৰযোজকৰ বাবে অৱশ্যে ব্যাপক প্ৰচাৰেও কাম নিদিব৷ আনহাতে ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰভাৱৰ পৰা মুক্ত হব পৰাটোও অসমীয়া চিনেমাৰ বাবে প্ৰত্যাহ্বান৷ কাৰণ দৰ্শকে কেমেৰাৰে তুলি ধৰা থিয়েটাৰ এখন চাবলৈ চিনেমা হললৈ নাযায়৷ ☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!