বিজ্ঞাপন বিজ্ঞাপন বিজ্ঞাপন (মনজিৎ)

p style=”text-align: justify;”>আমাৰ আতি মৰমৰ থুলুকৰ নতুন প্রজেক্ট আপকামিং হৈ এই আহো আহো আৰু..
এখন ফাটাফাটি বোলছবি ৷ সকলো ৰেকর্ড ব্রেক কৰো কৰো কে গুজৰি গুমৰি আছে ।
প্রযোজক থুলুকে ইংৰাজী অসমীয়া হিন্দি তামিল তেলেগুকে ধৰি মুঠ ওঠৰতা ভাষাত ৰিলিজ দিব বোলে ।
প্রায় সকলো কামেই সম্পুর্ণ হৈ উঠিছে ডিষ্টিবিউটৰ পালেই পুজাৰ আগে আগে ৰিলিজ দিয়াটো খাটাং ।

সেই খবৰটো পাই আমাৰ ফিউজ লাইভৰ একমাত্র এদিটৰ ইন চিফ তথা একমাত্র সাংবাদিক নবীনে সদায় ইন্টাৰভিউত যোৱা দি বিনা কেমেৰা মেনেৰে থুলুকৰ অফিছ পালেগৈ ৷ চিনেমা খনৰ বিষয়ে থুল মুল আভাষ এটা লওঁ বুলি ।
নবীন আৰু থুলুক যদিও ‘ক’ শ্রেণীৰ পৰা একেলগে দুই তিনিবছৰ কে প্রতিটো শ্রেণীত পাৰ কৰি তিনিবাৰৰ মুৰত মেট্রিকৰ দেওনা একবাৰতে পাৰ কৰিছিল বা নবীন আৰু থুলুক খুবেই অন্তৰংগ বন্ধুযদিও দুয়োটাই কিন্তু কামৰ ক্ষেত্রত বেছ প্রফেছনেল ।

< নবীনে প্রপাৰ এপইন্টমেন্ট লৈ হে থুলুকৰ অফিছ সোমাইছে । নবীনক দেখা পাই থুলুকে স্বভাব সুলভ গহীন মাতেৰে ক'লে " কাম মিষ্টাৰ নবীন ৱেলকাম টু মাই অফিছ, প্লিজ হেভ এ চিট" সমুখৰ চকী খন দেখুৱাই ক'লে নবীনেও থুলুকৰ সাদৰ সম্ভাষনত আপ্লুত ঐ ধন্যবাদ সুচক মিচিকি হাঁহিৰে চকী খনত বহি পৰিল । " মিষ্টাৰ থুলুক মই ফিউজ লাইভৰ এদিটৰ ইন চীফ নবীন। নাম ট' চুনা হি হৌগা (অলপ বুকু চুকু ফিন্দাই)। মই আমাৰ ' চিলভাৰ পর্দা ' নামৰ জনপ্রিয় প্রগ্রেমটোত আপোনাৰ আহিব লগীয়া নতুন ছবি খনৰ বিষয়ে ৰাইজক জনাবৰ বাবে কিছুকথা আপোনাৰ পৰা জানিবলে আহিছো । মানে কেনেধৰণৰ ছবি কি কথা কি বতৰা ???" প্রফেচনেল হোৱাৰ প্রমাণ দি দাইৰেক্ট কামৰ কথাত আহি গ'ল " অহ ৰিয়েলী !ইটছ মাই প্লেজাৰ । আহক মই মুখেৰে কোৱাত কৈ আপোনাক ৰেডী কৰি থোৱা টেইলৰটোকে দেখাই দিওঁ , নে কি কয়?? " বুলি কৈ থুলুকেও অভিজ্ঞ প্রযোজকৰ দৰে তৎক্ষনাত ৩বছৰ আগতেই লাখটকীয়া বজাৰৰ পৰা ১২০০ টকাত কিনা ডি ভি ডি টোত চিনেমা খনৰ চিডিখন ভৰাই ভাড়ালে অনা প্রজেক্টৰত ফকাছ কৰিলে । অলপ সময় এংগোল মিলোৱাৰ পাছত, প্রজেক্টৰটোৰ তলত চিডিৰ কাভাৰ কেইখন দি ডাঙি দিয়াত বগা পর্দা খনত চিনেমাখন পৰিষ্কাৰ কৈ দেখা গ'ল । নবীনেও এটা আঙুলি গালত দি একদম ফিলিম-ক্রিটিকছ টাইপত লুক এটা বনাই চিনেমাৰ টেইলৰটোত মনোযোগ দিলে । চিনেমা আৰম্ভভহ'ল মিউজিকৰ তালে তালে নেম কাষ্টিং ..শ্যাম ৰুপালী ফ্রন্টত চিনেমা খনৰ নামভাহি আহিল " থুলুক.... ডি কমেডি মেন ” দি দি দিচ দি দিত দি ধিচ......... (মিউজিক ) ইন্ত্রদিউচিং 'শ্রী শ্রী থুলুক পণ্ডিত' প্রযোজনা/পৰিকল্পনা/পৰিচালনা/সংগীত পৰিচালনা/কাহিনী/চিত্রনাট্য/কৰিয়গ্রাফী...... 'শ্রী শ্রী থুলুক পণ্ডিত' {থুলুক থুলুক থুলুক...... দি দি দিত দি দি দিত দি ধিচ......... (মিউজিক )} নেমকাষ্টিং শেষ হোৱাৰ লগে লগেই পর্দাত চুট বুট পিন্ধি টুৱেন্টি টাইট হৈ থুলুকে বেৰত আৰি থোৱা ছবি এখন দেখুৱাই সহ অভিনেতা জনক কৈছে.. “ সেই যে ছবি খন দেখিছেনে?” “ অ দেখিছো দেখিছো ।” সহ অভিনেতাজনৰ উৎসাহী প্রতুত্তৰ “ ময়ো দেখিছো । ছবিখনৰ কাষত বগাই ফুৰা জেঠীটো দেখিছেনে ?” থুলুকৰ প্রশ্নবান “ অ দেখিছো দেখিছো ।” সহ অভিনেতা জনৰ আকৌ উৎসাহী প্রতুত্তৰ “গুদ ময়ো দেখিছো । সেই ফটো খনত থকা মকৰা জাল বোৰ দেখিছেনে ?” থুলুকৰ প্রশ্নবান কন্টিনিউইং ৷ “ অ দেখিছো দেখিছো ।” এইবাৰ সহ অভিনেতা জনে এইবাৰ সেমেনা-সেমেনি কে একো বুজি নোপোৱাৰ দৰে উত্তৰ দিলে “বেৰি গুদ ময়ো দেখিছো । এইবাৰ কওক চোন ফটো খনৰ ক’লা ফ্রেমটো ক’লাই দেখিচেনে বাৰু আপুনি ? ” থুলুকৰ আকৌ উৎসাহী প্রশ্ন “ অ দেখিছো দেখিছো ।” আচৰিত ভাব এটা চকুত আঁৰি লৈ সহ অভিনেতা জনে উত্তৰ দিলে । তেওৰ উত্তৰটো সুনি থুলুকে একো নকৈ মিচিকয়াই হাঁহি ভিতৰলৈ গুছি গ’ল..... আৰু লগা লগ পর্দাত আকৌ শ্যামৰুপালী ফ্রন্টত ভাহি আহিল সোলোক ধোলোক প্রডাকচন প্রেজেন্টছ...... " থুলুক.... ডি কমেডি মেন ” {থুলুক থুলুক থুলুক...... দি দি দিচ দি দিত দি ধিচ......... (মিউজিক )} নবীনে টর্জনী আঙুলিৰে বুদ্ধিজীৱিৰ পজ দি থকোতে টেইলৰ শেষ হ’ল বুলি গমেই নাপালে । থুলুকে টেইলৰ শেষ হ’ল উঠক বুলি ক’লত হে সম্বিত ঘুৰাই পায় । ৰঙা হৈ গালত ধৰা দিব খোজা লাজটোক গহীন কে ঢাকি ক’লে “ নাই নাই মই আপুনি কোৱাৰ আগতেই গম পাইছো শেষ হ’ল বুলি । অলপ দ কে ভাবিহে আছিলো কহিনীটোৰ গূঢার্থটোৰ কথা । বেছ ইন্টাৰেষ্টিং । সুন্দৰ নিটোল কাহিনী সুদক্ষ অভিনয় আৰু পৰিচালনা ।কোনো এংগোলৰ পৰাই নালাগিল আপোনাৰ প্রথম চিনেমা যেন । বাহ কি দাইলগ! কি মিউজিক ! অপুর্ব অনন্য “ “এহ কি যে কয় মিষ্টাৰ নবীন অলপ বেছিকৈয়ে কৈ দিলে নেকি “ দেখাত সলাজ কৈ পিছে ভিতৰি ভিতৰি গংগাটোপ টো হৈ থুলুকে ক’লে “ পিছে এটা কথা নুবুজিলো চিনেমা খনটো কমেডী বুলি কৈছিল আপুনি ?” নবীনে প্রশ্নবোধক চিন এটা ভ্রুকুটিত আঁকি সুধিলে “ কিয় আপুনি টেইলৰটোত কমেডী বিচাৰি নাপালে নেকি ? “ থুলুকে ওলোটাই সুধিলে “ পাইছো পাইছো ভাল কমেডী হৈছে খুব ভাল হৈছে । পিছে বেলেগ কমেডী বোৰৰ দৰে নহয় দেখোন ইয়াৰ কমেডী বোৰ অলপ বেলেগ ।মই অকনমান বুজাত অসুবিধা পাইছো ,আপুনি যদি বেয়া নাপায় ???” “ হে: হে: হে:” বয়স্ক হাঁহি এটা মাৰি থুলুকে পাণ এটা মুখত ভৰাই ক’ব ধৰিলে “ কি জানে মিষ্টাৰ নবীণ এই খন এলা পেছা কমেডী ছবি নহয় এই খন এখন চাচপেন্স-কমেডী ছবি । ইয়াত টেইলৰত দেখুৱাৰ ধৰণৰ অনেক জ’ক বা ডাইলগ থাকিব আৰম্ভনিৰপৰা শেষলৈকে । কিন্তু দশর্কে চিনেমা শেষ হৈ ঘৰ পোৱালৈকে এইটো চাচপেন্সত থাকিব যে এদজেক্টলি হাঁহিব লাগিছিল ক’ত ?? বুজিললে নে ” পাকৈত বিশেষজ্ঞৰদৰে বুজাই নবীনলে চাই পঠালে একো মাথা মুণ্ড নুবুজিলে যদিও আমাৰ প্রফেচনেল নবীনে গহীন হাঁহি এটাৰে ক’লে “ ৱাহ হোৱাট এন আইডিয়া থুলুক জি “ আৰু ওলাই আহিল মনত এটি বুজা নুবুজা চাচপেন্স লৈ যি কি নহওক ... ৰাইজ ৩১ ছেপ্টেম্বৰৰ চাৰে আঠ বজাত ফিউজ লাইভৰ “চিলভাৰ পর্দাত” প্রিভিউ চাবলৈ নাপাহৰিব বোলছবি বিশেযজ্ঞ মিষ্টাৰ নবীনৰ সতে নতুন ‘সোলোক ধোলোক প্রডাকচনৰ’ বেনাৰত নৱনির্মীত বোলছবি "****থুলুক.... ডি কমেডি মেন*****” <<<<এ পিউৰ চাচপেন্স কমেডী>>>>

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!