বিবাহ বাৰ্ষিকী বিশেষ ( অজয়লাল দত্ত )

বিবাহ বাৰ্ষিকী বিশেষ

অজয়লাল দত্ত

 

(১) নিমন্ত্ৰণী

ফাগুনৰ এনে এটা ধূলিয়ৰী দিনতে এখন চিঠি ছপাইছিলো ৷ সাধাৰণ কাৰ্ড এখন ৷ বিয়ালৈ নিমন্ত্ৰণৰ বাবে ৷ তাতে এটা কবিতা লিখি দিছিলো আমন্ত্ৰণৰ ৷ কিন্তু এতিয়া সেই কাৰ্ডৰ কপিও নাই ৷ নাই সেই কবিতাটো ৷ অথচ তাৰ আঁত ধৰি আৰম্ভ কৰা সংসাৰখনত আছে সিবোৰ অলেখ সোঁৱৰণি ৷

যোৱা বছৰ এটা মেইল পাইছিলো চিনাকী বাইদেউ এগৰাকীৰ পৰা৷ তেখেতে সেই আমাৰ বিয়াৰ নিমন্ত্ৰণীখনৰ কপি এটা বিচাৰিছিল ৷ মই প্ৰশ্ন কৰিছিলো, কিয়নো? নহয়, তোমাৰ কবিতাটো বৰ সুন্দৰ আছিল ৷ নঁগাৱত মোৰ ভাইটিৰ বিয়া, তাৰ নিমত্ৰণী পত্ৰত দিবলৈ বিছাৰিছিলো ৷ মনটো ভাল লাগি গৈছিল ৷ লগে লগে ভবেন্দ্ৰ নাথ শইকীয়াদেৱৰ সৃষ্টি দীনবন্ধুৰ এটা সংলাপলৈ মনত পৰিছিল ৷ কাতৰ দেউতাকে জীয়েকক বিয়া পাতি খৰছ কৰাতকৈ পলাই যাবলৈকে কৈছিল, সেই প্ৰসংগত উল্লেখ কৰা এটা কথা, “তই পলাই যোৱাৰ খবৰটো যিমান দিন মানুহে মনত ৰাখিব, তোৰ বিয়াত খুওৱা ৰসগোল্লাটোৰ সোৱাদৰ কথা তাতকৈ কমহে মনত ৰাখিব”! এনেকুৱাই আছিল চাগৈ মন চুই যোৱা সংলাপটো !

তথাপি তিনিটা বছৰ কোনোৱে বিয়াৰ ব্যঞ্জনৰ কথা অথবা দিনটোৰ কথা মনত নাৰাখিলেও অন্ততঃ এটা কবিতাৰ আবেদন ১০০০ দিনৰ পাছতো এগৰাকীয়ে মনত ৰাখি থোৱাটোৱে মোৰ সেই চাৰিটকীয়া কাৰ্ডখনক অন্য অৰ্থত যেন বহুমূলীয়া কৰি পেলালে ৷ মই মালৈ ফোন কৰি, মোৰ বিয়াৰ ফাইলটোত অফিচত দিবৰ বাবে কৰা এটা ফটোকপিকে বাইদেউ গৰাকীৰ ঘৰত দি আহিবলৈ ক’লো ৷

এনে লাগিছে, আজিও যেন বিচাৰি আনিমগৈ সেই বাইদেউৰ পৰা সেই নিমন্ত্ৰণী কবিতাটো…সোৱঁৰণিত অকন ৰঙ সানিবলৈকে !

কেতিয়াবা আকৌ নিজক সোধো কবিতাৰ সোৱাদ কি ৰসগোল্লাতকৈ বেছি নে স্থায়ী !

(২) সেওঁতাত ৰঙঃ

বিয়া বুলিলে মই যাৰ সেওঁতাত ৰঙ সানিম বুলি নীলিম কুমাৰৰ কবিতাটোলৈ মনত পৰে ৷ ভাবিছিলো , দিম কপাল ৰঙা কৰি ৷ পাছতহে গম পালো, জোৰোণত সেইটো কাম আমাৰ মায়েই কৰিলে ৷বেলেগৰ কি নিয়ম নাজানো, মোৰ হলে হেঁপাহ থাকি গল !

(৩) এখনেই চিনেমা, মই হিৰ’ তুমি নায়িকাঃ

বিয়াৰ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ কথা ওলাল ৷ তদানীন্তন মোৰ বিয়াৰ কেমেৰামেন এতিয়া নিউজ লাইভৰ স্থানীয় কেমেৰা পাৰচন ৷ বিৰাট ধুনীয়া কভাৰেজ , বংশৰ সকলোকে অন্ততঃ দূৰৈত থাকিলেও সেই চিডিখনতে চাব পাৰো ৷ সেইয়া পেহী পেহা, মাহী, মহা, আইতা, ককা….ভতিজাটোক কওঁ তই কিমান সৰু আছিলি চা !

ভাজিৰ বাবে মাছ চকল কৰাৰ দৃশ্যৰ পৰা মোৰ গাত হালধি সনা লৈকে লাইভ ! সঁচাই নিজৰ বিয়াৰ দিনা উদুলি-মুদুলিত কিনো হল গমেই নাপায় ৷ ৰীতি-নীতি কিনো হল, সকলো ঘুৰাই চাবলৈ এনে ৰেকৰ্ডিং জৰুৰী ৷ নতুনক বংশ চিনাবৰ বাবেও সুবিধা ৷ কইনাৰ ঘৰো বেছি দুৰ নহয় ৷ কেমেৰা একেটাই, সেয়ে কওঁ, হেৰা চিনেমা এখনেই আৰু, মই হিৰ’ তুমি নায়িকা! হিৰ’ হোৱাৰ বাসনাটো হলে পূৰ হ’ল দেই আৰু এওঁৰ নায়িকাৰ !

(৪)ওজনঃ

মোৰ ওজন বেছি, এওঁৰ কম ৷ ৰগৰৰ ওপৰত ৰগৰ ! মোকেই কামোৰ দিয়ে, মই কওঁ সচাই তাই অৰ্ধাংগিনী…মানে আধা মই নব্বৈ, তাই পঞ্চলিশ ! দাদাই মাজতে মাত দিলে, নহয় ইহঁতৰ এভাৰেজটো ভাল ! পাছত মৌচুৰীলৈ ফুৰিবলৈ যাওঁতে, এহালৰ লগত চিনাকী হলো, তেওঁলোক বিপৰীত৷ পত্নী স্বাস্থ্যবান, পতি অৰ্ধাংগ ! মানুহজনে ক’লে- মই যদি ঘিউ খাও, সিও পানী হৈ যায়; আৰু এই যদি পানীও খায়, সেয়াও ঘিউ হৈ পৰে; আচৰিত৷ মই সান্তনাটোকে দিলো, হব দিয়কহে, এভাৰেজটোহে মেইন! সকলোৱে সোধে, তই যে বাঢ়ি বাঢ়ি গৈ আছ, আৰু তাই কমি ! উত্তৰ দিও, চৰু একেটাই ৷ খালী মই ভাতত মন দিওঁ, এওঁ বাটত…মানে চিপচ্, কুৰকুৰে ৷ এই দুটা খাই কাৰ স্বাস্থ্য হোৱা দেখিছাহে!

বিবাহ বাৰ্ষিকী বুলি বৌৱে লুচি কৰিছে , এওঁ আছে সংখ্যা গণি ৷ বোলো বাদ দিয়া আজি , কাইলৈৰ পৰা ওজন কমাম , হাঁহেৰেও ৰাজী মাহেৰেও ৰাজী ! লগে লগে এওঁৰ গাল দুখন ফুলা লুচি ৷ চোৱা জুতি লগা খাদ্যৰ নাম লৈহে এওঁ লয় নোখোৱাৰ শপত ; উস কিযে ভকত ! মই কলো এনেয়ে জানো শকত !

(৫) অভিনন্দনঃ

সহকৰ্মীজনে ফোন কৰিলে, বোলে অভিনন্দন ! বোলো কিহৰ অভিনন্দন৷ পুৰণা হোৱাৰ ? নহয় হে অল্ড ইজ গল্ড নহয় জানো, মেঘালীক বিয়া কৰি আনিলেও সময়ৰ সতে সোনালী হৈ পৰে ৷ অন্ততঃ চুলি ৰূপালী হোৱাৰ আগলৈকে ! হয় হয় দিয়ক তেন্তে৷ অভিনন্দন, ও ধন্যবাদ হে!

সিদিনা ফেচবুকতে দেখিলো ছিকচটিন য়েৰচ অৱ টুগেদাৰ নেচ শীৰ্ষক ফটো ৷ বিষয়- বিবাহ বাৰ্ষিকী ৷ লগৰ জনে সুধিলে, ধৰিব পৰা নাই হে, ই গৌৰৱ নে বক্ৰোক্তি!

(৬) বিয়া পতাৰ ফলঃ

লগৰটোক বুজাও, তয়ো পাত৷ সি ৰহস্যসনা হাঁহিটো মাৰে৷ মই কওঁ, পাত পাত, বহুত লাভ৷ সি কয়, লিষ্ট কৰি দে৷ মই কওঁ হো ল!
ক. মবাইলৰ বিল বাচে ৷
খ. ঘৰ এখন হয়, ঘৰলৈ ঘূৰি আহি গৰম ভাত থকা চৰু এটা পায় ৷
গ. কাপোৰ-কানিৰ বিভাগটোৰ পৰা দায় সাৰিব পাৰি ৷
ঘ. ভৱিষ্যত শব্দটো চিৰিয়াছলি লব লগা হয় ৷
ঙ. বিশেষকৈ তোৰ ক্ষেত্ৰত লিভাৰটোৱে সকাহ পাব !

ইস তোৰ ক্ষেত্ৰত সকাহ পোৱাহে নাই যেন ! সি গেঙেৰী মাৰি আহে ৷ মই বোলো তেনেখন আজি অন্ততঃ নকৰিবি ৷
কিয়? চাল্লা পাহৰিলি, আজি আমাৰ বিবাহ বাৰ্ষিকী !

——————
অংকণ: উদ্দীপ তালুকদাৰ

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!