বিভিন্ন জনগোষ্ঠীৰ মাজত মাঘ বিহুৰ ৰেহৰূপ –ধীৰেন শইকীয়া

অসমীয়া লোকসংস্কৃতিৰ বৰপেৰা তিনিওটা বিহুৰ ভিতৰত মাঘবিহু অন্যতম। প্ৰায়বোৰ জনগোষ্ঠীৰ মাজত মাঘ বিহুৰ ৰেহৰূপ সুকীয়া সুকীয়া দেখা যায়। মাঘ বিহু সংক্ৰান্তত ড.লীলা গগৈদেৱে তেওঁৰ ‘অসমৰ সংস্কৃতি’ গ্ৰন্থত লিখিছে— ‘‘মাঘ বিহুৰ ভোজৰ থলীৰ জুইকুৰা প্ৰাচীন আৰু থলুৱা প্ৰয়োজনীয়তাৰ পৰিণতি হলেও পৰৱৰ্তীকালত বৈদিক ধাৰণা আৰু মন্ত্ৰ সংযোজিত হৈছিল। প্ৰাক বৈদিক অগ্নি উপাসক আৰ্যসকলৰ মূল দেৱতা মাগী বা মেজাই মাঘবিহুৰ মেজিলৈ ৰূপান্তৰিত হৈছে। মাঘবিহুত পৰশুৰাম কুণ্ডত স্নান কাৰাটোৱে অগ্নি উপাসক জমদগ্নি পুত্ৰ পৰশুৰামৰ সাংস্কৃতিক অৱদানকে সূচায়। প্ৰাকৃত জুইকুৰা সংস্কৃত হৈ মেজি তথা অগ্নি দেৱতালৈ ৰূপান্তৰিত হৈছে। ’’

বড়োসকলৰ মাঘ বিহু

বড়োসকল চীন মঙ্গোলীয় প্ৰজাতিৰ আৰু চীন তিৰ্বতবৰ্মী ভাষা-গোষ্ঠীৰ জনগোষ্ঠী। বড়ো সকলে মাঘ বিহুক ‘মাগৌ দমাংছি’ বোলে। বড়োসকলে অতীজৰে পৰা মাঘ বিহুত তিনিটা মেজি সজা দেখা যায়। এটা ঘাই মেজি বা দৰা মেজি, এটা মাজ বা কন্যা মেজি আৰু শেষৰটো সৰু মেজি বা গা ধোৱা মেজি। উৰুকাৰ দিনা ভোজ ভাত খাই সৰু মেজিটো জ্বলোৱা হয়, পিছদিনাহে বাকী দুটা মেজি জ্বলোৱা হয়। মাঘৰ দোমাহিৰ কেইদিন গা নুধুলে পৰজনমত কাউৰী হয় বুলি বড়োসকলৰ এটা বিশ্বাস আছে। উৰুকাৰ দিনা বড়োসকলে বৰঘৰ, সৰুঘৰৰ বেৰবোৰ চাৰিওফাল গৰুৰ গোবৰেৰে দীঘলকৈ এশাৰী লিপি দিয়ে, তেনে কৰিলে ঘৰখন পৱিত্ৰ হয় বুলি বিশ্বাস আৰু ঘৰৰ ভিতৰলৈ কোনো দেও, দেৱতা সোমাই আহিব নোৱাৰে বুলি ভাবে৷ এয়া তেখেতসকলৰ পৰম্পৰাগত বিশ্বাস। তদুপৰি, এই জনগোষ্ঠীৰ লোকে মুকলি পথাৰত বিহুৰ কেইদিনমান আগৰ পৰাই জাতি বাঁহ, নৰা, কলঠৰুৱা আদিৰে দীঘল গগনচুম্বী মেজী সাজে। আনকি মেজিবোৰৰ বাহবোৰ কোনখন গাঁৱৰ কিমান জোৰেৰে ফুটে তাক লৈও প্ৰতিযোগীত চলে। মেজি জ্বলাওতে বড়োসকলে মানৱ সমাজৰ পৰা মাৰি মৰক আঁতৰ কৰিবলৈ জয় ধ্বনি দি বড়োসকলে যিটো বড়োগীত পৰিৱেশন কৰে তাৰ অৰ্থ হ’ল— ‘‘জয় জয় আমাৰ গাঁৱৰ জয়, উত্তৰ- দক্ষিণ-পূব-পশ্চিমৰ ৰোগ ব্যাধিবোৰ আৰু দূৰলৈ যাওক, আমাৰ গাওঁখনত ধান মাহৰ উৎপাদন বাঢ়ক, পুখুৰীত মাছ বাঢ়ক, আমাৰ গাঁৱৰ গৰুৰ পোৱালিবোৰ নোদোকা হওক। ’’

মিছিংসকলৰ মাঘ বিহু

নৈ পাৰত বসতি কৰা মিছিং জনগোষ্ঠীৰ লোকসকলেও পৰম্পৰাগত ৰীতিনীতিৰে মাঘবিহু উদযাপন কৰে। ড.বসন্ত কুমাৰ দলে দেৱে এই বিষয়ে ‘অসমৰ জনজাতি আৰু সংস্কৃতি’ত( প্ৰকাশকঃ অসম সাহিত্য সভা) লিখিছে বহু কথা — মিছিংসকলে মাঘ বিহুক ‘মাঃগ্’ বোলে। ঘাইকৈ জনগোষ্ঠীটোৱে দুটা মেজি সাজে, এটা ওখ মেজি আৰু আনটো চাপৰ মেজি। ওখ মেজিটোক মতা মেজি আৰু চাপৰ মেজিটোক মাইকী মেজি বোলা হয়। মেজি সজা কাৰ্যক ‘মাঃগ্ পাঃনাম্’ বোলে। এমাহমান আগৰ পৰাই নৈৰ দাঁতিৰ পৰা শুকান ইকৰা, খাগৰি, নল আদি সংগ্ৰহ কৰি মেজি সাজে। উৰুকাৰ নিশা ভোজ ভাত খোৱা প্ৰথা মিছিং সমাজত নাই। আকাশত কাউৰী উৰাৰ আগতেই প্ৰথম মতা মেজীটো জ্বলোৱা হয়, পিছতহে মাইকী মেজি জ্বলোৱা হয়। মেজি জ্বলোৱাৰ আগতে মেজিৰ ওপৰেদি কাউৰী উৰিব নাপায় বুলি বিশ্বাস কৰে। পিতৃ মাতৃ জীয়াই থকা এজন ডেকাই নৈত গা ধুই আহি তিতা গাৰে মেজিত জুই দিয়াটো নিয়ম। মেজিত জুই দিয়াৰ লগে লগে চন্দ্ৰ, সূৰ্য, মেঘ, বৰষুণকে ধৰি নিজৰ পৰিয়ালৰ মঙ্গল কামনা কৰি নিজৰ ভাষাতেই প্ৰাৰ্থনা গাই। সন্তানহীন দম্পতী বা ৰোগাক্ৰান্ত পৰিয়ালে সেইদিনা মেজিৰ দাঁতিত ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰে। সেইদিনা প্ৰতিজন লোকেই আলুজাতীয় (কাঠ আলু, মোৱা আলু আদি)খাদ্য এচিকটা হলেও খোৱাটো নিয়ম। মাঘ বিহু উপলক্ষে গাঁৱৰ মানুহে একেলগ হৈ দুই – তিনিদিন মাছ মৰাটোও এই জনগোষ্ঠীটোৰ স্বকীয় পৰম্পৰা।

ঠেঙাল কছাৰীসকলৰ মাঘ বিহু

অসমৰ আন এটা জনগোষ্ঠী ঠেঙাল কছাৰীসকলেও মাঘ বিহুত ভোজ ভাত খোৱাৰ আগতেই খৰিৰ মেজি সাজি মেজিৰ ওপৰ মূৰত ধনুকাঁড় বান্ধি কাঁড়ত এটা কলডিল ওপৰমুৱাকৈ বান্ধি ৰখাৰ পৰম্পৰা আছে। মেজিৰ তলত ভোজ ভাত খাবলৈ ওচৰ চুবুৰীয়াৰ পৰা হাঁহ, পাৰৰ লগতে আলু, কচু, শাক পাচলি আদি সংগ্ৰহৰ পৰম্পৰা আছে। ভোজ ভাত খাই গঞা জ্ঞাতি ঘৰা ঘৰি যোৱাৰ পিছত ডঙুৱা ডেকাসকলে ৰাতিটো মেজি ৰখে।

সোণোৱাল সকলৰ মাঘ বিহু

সোণোৱাল জনগোষ্ঠীৰ লোকে মাঘ বিহুত ব্ৰহ্মা পূজা আৰু অগ্নিপূজাও পাতে। সোণোৱাল সকলেও দুটা মেজি সাজে, এটা ডাঙৰ আনটো সৰু। সোণোৱাল সকলেও মাঘ বিহুত আলু নাখালে মানুহ গাহৰিলৈ ৰূপান্তৰিত হয় বুলি বিশ্বাস কৰে। বিহুৰ কেইবাদিনৰ আগৰ পৰাই মেজি প্ৰস্তুত কৰা হয়, আনকি ছয় সাত দিন মানৰ আগৰ পৰা পথাৰত মেজি ৰখে, মেজি নৰখিলে বা ফেঁচা আদি মেজিত পৰিলে বা শিয়ালে মূতিলে মেজি অশুচি হয় বুলি সোণোৱালসকলে বিশ্বাস কৰে। মেজি ৰখা কেইদিন ডেকাসকলে বিভিন্ন গীত মাত গাই অঞ্চলটো মুখৰ কৰি ৰাখে। সোণোৱালসকলে মাঘ মাহত সমূহীয়াকৈ মাছ ধৰে।

ডিমাছা সকলৰ মাঘ বিহু

ডিমাছা সকলে মাঘ বিহু সাতদিন পাতে, এইকেইদিনত ৰাতি উজাগৰে থাকিবৰ বাবে বাঁহ, খেৰ, নৰা আদিৰে হাৰলি ঘৰ সাজে। প্ৰত্যেকটো হাৰলি ঘৰৰ আকৃতি বেলেগ বেলেগ। প্ৰতীকবোৰ খেৰ, বাঁহ, জকা, ডাল আৰু কাঁঠেৰে নিৰ্মাণ কৰে। হাৰলি ঘৰক ‘দিয়া মাছাও’ বোলে, দোকমোকালিতে গা পা ধুই বিষ্ণুৰ নাম লৈ বিহুৰ দিনা ‘হাৰলি ঘৰ’বোৰত জুই লগাই দিয়ে। আনকি এই সময়ত গাজাইবাও দেৱতাৰ অৰ্থে তামোল পান সভক্তিৰে আগবঢ়াই দিয়া হয়। ডিমাছা সকলে পাঁচটা, সাতটা বা নটাকৈ এনেধৰণে মেজিবোৰ সাজে।

টাই আহোমসকলৰ মাঘ বিহু

টাই আহোমসকলে মাঘ বিহুত মেজি সাজি অগ্নিদেৱতাৰ পূজা কৰাৰ লগতে ম’হ যুঁজ, কুকুৰা যুঁজ, হাতী যুঁজ, কনী যুঁজ অনুষ্ঠিত কৰিছিল। তাহানি ৰংঘৰ পথাৰ, মেটেকা পথাৰ, বগী দ’ল পথাৰ আদিত এই যুঁজ অনুষ্ঠিত কৰা হৈছিল। প্ৰধানতঃ স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত এই যুঁজ অনুষ্ঠিত হৈছিল। এই বিহুত বিবিধ পিঠা পনা বনোৱা হয়, উপৰিপুৰুষক এই বিহুত স্মৰণ কৰাও নিয়ম। বিহুৰ দিনা ৰংঘৰৰ বাকৰিত আহোম স্বৰ্গদেউ আৰু দা ডাঙৰীয়াৰ উদ্যোগত বিভিন্ন খেল-ধেমালি, ৰং-ৰহইচৰ আয়োজন কৰা হৈছিল, ইয়াত পুৰস্কৃতসকলক বঁটা বাহন দিয়াৰো পৰম্পৰা আছিল। স্বৰ্গদেউসকলে ডা-ডাঙৰীয়াসকলৰ সৈতে উপস্থিত থাকি এই উৎসৱ উপভোগ কৰিছিল। আকাশত শেন-কণুৱা আদি চৰাইক প্ৰশিক্ষণ দি ৰণ লগোৱা হৈছিল।

তিৱা সকলৰ মাঘ বিহু

‘অসমৰ জনজাতি আৰু সংস্কৃতি’ গ্ৰন্থত লিখামতে তিৱা সকলে উৰুকাৰ ৰাতি এবিধ বিশেষ ধৰণৰ গীত মাত গায়৷ পাঁচ ছয়টা নগঞা পাতি ঢোলৰ চেৱে চেৱে জনগোষ্ঠীয় যৌন সম্পৰ্ক থকা এইবোৰ গীত গোৱাৰ পৰম্পৰা থকাটো বিশেষভাৱে মনকৰিবলগীয়া কথা। মাজতে ইটো ঢুলীয়াই সিটো ঢুলীয়াক ঢোলৰ চেৱেৰে কাজিয়াৰ সূত্ৰপাত ঘটায়। এনেদৰে গোটেই ৰাতি যৌৱন উচ্চল গীতমাত গাই পুৱা বয়োজ্যেষ্ঠ এজনক মেজি জ্বলাবলৈ আহ্বান কৰে। মেজি সাজোতে মেজিলৈ বুলি গুৱা-পান এজোৰ সভক্তিৰে আগবঢ়োৱাটো পৰম্পৰাগত এটা ৰীতি। দুপৰীয়া প্ৰত্যেকঘৰ মানুহেই দেওঘৰত দেওপূজা কৰি উঠিহে পিঠা পনা খোৱা আৰম্ভ কৰে। আনহাতে সন্ধিয়াও দেওঘৰত মৃত ককাক, আইতাক তথা মাক দেউতাকৰ নামত চাকি বন্তি দিয়াৰ নিয়ম এটা আছে। পিছদিনা ঘৰে ঘৰে গৈ বিহুৰ পিঠা পনা খাই। গাঁৱৰ ৰাইজে বিভিন্ন খেল ধেমালিৰ আয়োজন কৰি আনন্দ কৰে।

উপসংহাৰ

উল্লিখিত ঐতিহ্য পৰম্পৰা আজি ভালেখিনি লয় পালে যদিও প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ নিজৰ ধৰণে সাধ্যনুসৰি মাঘবিহু পালন কৰি আহিছে। আজি নতুন পুৰুষে মাঘবিহুত ব্যৱসায়িক দৃষ্টিভংগী আৰু কিছু ‘ফেছনেবোল’ কৰিবলৈও যত্ন নকৰা নহয়, তথাপি যেন সকলোৰে সংমিশ্ৰণত চলি আছে বাপতি সাহোন মাঘবিহুৰ পৰম্পৰা।

**
সহায়ক গ্ৰন্থপঞ্জী
ক)অসমৰ জনজাতি আৰু সংস্কৃতি, প্ৰকাশকঃ অসম সাহিত্য সভা।
খ)অসমৰ সংস্কৃতি- ড.লীলা গগৈ।
গ)ইণ্টাৰনেটত প্ৰাপ্ত তথ্য।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!