বিশ্ব জলদিৱস, ২২ মাৰ্চ আৰু আমাৰ কৰণীয়ঃ — ৰূপলেখা দেৱী

পানীয়ে প্ৰাণীৰ প্ৰাণ অৰ্থাৎ পানী অবিহনে কোনো প্ৰাণীয়েই জীয়াই থকা সম্ভৱ নহয়৷ সৌৰজগতৰ তৃতীয় গ্ৰহ পৃথিৱীয়েই হ’ল সকলো প্ৰাণীৰে একমাত্ৰ বসতিস্থল আৰু এইটো সম্ভৱ হৈছে কেৱল ইয়াত উপলব্ধ পানীৰ বাবে৷ পৃথিৱীৰ উপৰিভাগত তিনিভাগৰ দুভাগ পানী আৰু এভাগ মাটি৷ আমাৰ চাৰিওফালে পানীৰে আগুৰা হ’লেও কিন্তু বিশুদ্ধ খোৱা পানীৰ পৰিমাণ অতি কম৷ বৰ্ধিত জনসংখ্যা আৰু প্ৰদূষণৰ বাবে বিশুদ্ধ খোৱা পানীৰ উৎসবোৰ লাহে লাহে কমি আহিছে ফলত জনসাধাৰণে নিৰ্মল পানী বিচাৰি চাৰিওফালে হাবাঠুৰী খাবলগীয়া অৱস্থা হৈছে৷

জীৱন ধাৰণ আৰু পৰিবেশৰ ভাৰসমতা ৰক্ষাৰ বাবে পানী অতি জৰুৰী৷ খেতিবাতি বা কৃষিকৰ্মত পানীৰ প্ৰয়োজনীয়তাৰ উপৰিও পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু অনাময় ব্যৱস্থাৰ বাবেও পানী অপৰিহাৰ্য৷ বিশুদ্ধ খোৱা পানীৰ অভাব আৰু নিম্ন মানৰ অনাময়ৰ অপৰ্য্যাপ্ততাই বিশ্বজুৰি খাদ্য, বাসস্থান আৰু শিক্ষাৰ সা সুবিধাৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাব পেলায়৷ আনহাতে পানীৰ লগত জড়িত প্ৰাকৃতিক দূৰ্যোগ, বান, চুনামী, সামুদ্ৰিক ধুমুহা আদিয়ে প্ৰাণী জগতৰ প্ৰতি প্ৰবল ভাবুকিৰ সৃষ্টি কৰি আহিছে৷ কোনো অঞ্চলত আকৌ খৰাং বতৰৰ ফলত অপুষ্টি আৰু ক্ষুধা পিড়িত হৈ বহুতো মানুহ মৃত্যুমুখত পৰাও দেখা যায়৷

ৰাষ্ট্ৰসংঘৰ এক তথ্য অনুসৰি বিশ্বৰ জনসংখ্যাৰ আধা সংখ্যক লোকে খোৱা পানীৰ বাবে ভূগৰ্ভৰ পানীৰ ওপৰত নিৰ্ভৰ কৰে আৰু বাকী আধা সংখ্যকে অন্যান্য উৎস যেনে নৈ, নিজৰা, পুখুৰী, হ্ৰদ আদিৰ পৰা খোৱা পানী সংগ্ৰহ কৰে৷ বৰ্তমান সমগ্ৰ বিশ্বতে পানীৰ অভাবে এক জটিল সমস্যাৰ সৃষ্টি কৰিছে৷ সেয়েহে পানীৰ সংৰক্ষণ আৰু ইয়াৰ সঠিক ব্যৱহাৰ, অপব্যয় ৰোধ আদিৰ বিষয়ে পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়াকো সজাগ কৰাৰ দিন আহি পৰিছে৷ সাধাৰণ মানুহৰ মাজত ইয়াৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে ২২মাৰ্চৰ দিনটো “বিশ্ব জল দিৱস“ ৰূপে পালন কৰা হয়৷ ১৯৯২চনত ব্ৰাজিলৰ ৰিও-ডি -জেনেৰিওত ৰাষ্ট্ৰসংঘৰ পৰিবেশ আৰু পাৰিপাৰ্শ্বিক পৰিবেশ সন্দৰ্ভত অনুষ্ঠিত এক বৈঠকত জল সংকতৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব জল দিৱস পালন কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু ১৯৯৩ চন ২২মাৰ্চৰ পৰা এতিয়ালৈকে প্ৰতি বছৰে এই দিৱস পালন কৰি অহা হৈছে৷ মানুহে যাতে পানী অপব্যয় নকৰে আৰু বিশুদ্ধ খোৱা পানী ব্যৱহাৰ কৰে তাৰ বিষয়ে সজাগ কৰি তোলাই হৈছে এই দিৱস পালনৰ মূল লক্ষ্য৷ প্ৰতি বছৰে ৰাষ্ট্ৰসংঘৰ দ্বাৰা অনুমোদিত একোটা সংস্থাই এই দিৱসৰ ওপৰত আলোকপাত কৰে৷ ইয়াৰোপৰি ৰাষ্ট্ৰ সংঘৰ সদস্য ৰাষ্ট্ৰৰ লগতে স্বেচ্ছাসেৱী সংগঠন, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে জনসাধাৰণক সজাগ কৰিবলৈ নানান উদ্যোগ হাতত লয়৷ এই বছৰ অৰ্থাৎ ২০১৯ৰ জল দিৱসৰ মূল বিষয় হ’ল “ সকলোৰে বাবে পানী, আৰু কোনো মানুহ যাতে পানীৰ পৰা বঞ্চিত নহয়“ অৰ্থাৎ “water for all n living no one behind৷“ ভৱিষ্যতৰ বাবে পানী সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি অহা দশকটোত (২০১৯–৩০) ইয়াৰ বাবে নানান উদ্যোগ হাতত লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷

জল দিৱস: –প্ৰকৃত বাস্তৱ আৰু অৱস্থিতি

২.১ বিলিয়ন মানুহে এতিয়াও ঘৰত বিশুদ্ধ পানী ব্যৱহাৰৰ পৰা পৰা বঞ্চিত হৈ আছে৷

প্ৰত্যেক চাৰিখন প্ৰাথমিক বিদ্যালয়ৰ বিপৰীতে এখন বিদ্যালয়ত বিশুদ্ধ খোৱা পানীৰ অভাৱ দেখা যায় য’ত ছাত্ৰ ছাত্ৰী সকলে দূষিত পানীয়ে ব্যৱহাৰ কৰিবলৈ বাধ্য হয়৷

সমগ্ৰ বিশ্বত প্ৰত্যেক দিনে পাচ বছৰ বয়সৰ তলৰ প্ৰায় ৭০০ তকৈ অধিক শিশু দূষিত পানী পান কৰাৰ ফলত হোৱা পেটৰ অসুখত ভুগি মৃত্যু বৰণ কৰে৷

দূষিত পানী ব্যৱহাৰ কৰা বিশ্বৰ আশী শতাংশ মানুহ প্ৰধানকৈ গাঁও বা অতি পিছ পৰা অঞ্চলত বাস কৰে৷

প্ৰত্যেক দহটা পৰিয়ালৰ আঠটাতে মহিলা আৰু ছোৱালী সকলেহে ঘৰৰ ব্যৱহাৰ্য পানী দূৰৰ পৰা সংগ্ৰহ কৰাৰ দায়িত্ব লোৱা দেখা যায়৷

বিশ্বৰ ৬.৮ মিলিয়ন মানুহে পানীৰ অভাৱত অনিচ্ছা স্বত্বেও নিজ বাসস্থান ত্যাগ কৰিবলগীয়া হয়৷

বিশ্বৰ প্ৰায় চাৰি মিলিয়ন মানুহ বা মুঠ জনসংখ্যাৰ তিনি ভাগৰ দুভাগেই বছৰত কমেও এটা মাহ পানীৰ সমস্যাৰ সন্মুখীন হব লগীয়া হয়৷

এক সমীক্ষা মতে পানীৰ অভাৱত প্ৰতি দিনে সমগ্ৰ বিশ্বতে প্ৰায় ৭০০ গৰ্ভবতী মহিলা মৃত্যু মুখত পৰে৷

সেয়েহে ২০৩০ চনৰ ভিতৰত সমগ্ৰ বিশ্বতে পানীৰ যি নাটনি সেয়া পূৰণ কৰিবলৈ যথেষ্ট উদ্যোগ হাতত লোৱা হৈছ৷

তলত ঘৰুৱা ভাবে পানী সংৰক্ষণ কৰাৰ কেইটামান সহজ উপায় উল্লেখ কৰা হ’ল

☆ দাঁত ব্ৰাচ কৰাৰ সময়ত বা হাতত চাবোন ঘঁহি থকাৰ সময়ত পানীৰ টেপটো বন্ধ কৰি থব লাগে৷
☆ ঘৰৰ টেপবোৰ যাতে লিক কৰি পানী গৈ নাথাকে তাৰ প্ৰতি গুৰুত্ব দিব লাগে৷
☆ গা ধূওঁতে স্বাৱাৰ ব্যৱহাৰ কৰিব লাগে, তেতিয়া বাকেটৰ পৰা মগেৰে বাকি গা ধুৱাতকৈ কম পানী খৰচ হয়৷ পানীৰ পাইপ আৰু টেপবোৰত প্ৰেছাৰ কম কৰা ভাল্ভ লগাব পাৰে, তেতিয়া পানী বহু ৰাহি হব৷
☆ ইকো ফ্ৰেন্দলী ৱাচিং মেচিন ব্যৱহাৰ কৰিব লাগে আৰু কাপোৰৰ ধাৰণ ক্ষমতা যিমান তাতকৈ কম কাপোৰ দিব নালাগে কাৰণ কম কাপোৰ ধূলেও বেছি কাপোৰ ধোৱাৰ সমান পানী খৰচ হয়৷
☆ঘৰৰ মজিয়া মচোতে ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ এৰাই চলিব লাগে, এইবোৰ ব্যৱহাৰ কৰিলে পানী বেছিকৈ খৰচ কৰিব লগা হয়৷
☆ ডিচ ৱাচাৰটো বাচনেৰে পূৰা ভৰ্তিকৈ লৈ ব্যৱহাৰ কৰিব লাগে৷
☆ বাৰে বাৰে পানী খৰচ কৰাতকৈ ১০০% ৰিচাইক্লিং পেপাৰ ব্যৱহাৰ কৰিব লাগে৷
☆ বৰষুণৰ পানী সংৰক্ষণ আৰু শোধন কৰি কাপোৰকানি ধোৱা, ফুলত পানী দিয়া, ঘৰ মোচা, কাপোৰ ধোৱা আদি কামত ব্যৱহাৰ কৰিব লাগে৷
☆ পাকঘৰত শাকপাচলি আৰু চাউল আদি ধোৱা পানীবোৰ পেলাই নিদি বাল্টি এটাত ৰাখি থৈ সেইবোৰ ফুলৰ টাবত দিব পাৰে৷
গাড়ী ধুবলৈ বাল্টিত পানী লৈ কম পানীৰে ধোৱাৰ অভ্যাস কৰিব লাগে৷
☆ ফুলৰ টাবত পানী দিওঁতে ফুটা ফুটা জালি থকা জাৰেৰে পানী দিব লাগে৷
☆ পাইখানাত দুৱেল ফ্লাচ পদ্ধতি থকা চিচটাৰ্ণ লগাব লাগে৷
☆কাপোৰ আওদালা শেষৰ পানীখিনি পেলাই নিদি বাথৰূমটো ধুবলৈ ব্যৱহাৰ কৰিব পাৰে৷
উক্ত উপায় সমূহ অনুসৰণ কৰি কাৰ্যকৰী কৰিলে অলপ হ’লেও পানী ৰাহি হ’ব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!