বিশ্ব মহামাৰীৰ প্ৰেক্ষাপটত নাৰীৰ বিৰুদ্ধে বৃদ্ধি হোৱা গাৰ্হস্থ্য হিংসাৰ ক্ষেত্ৰত এটি আলোকপাত – প্ৰীতি শইকীয়া

যোৱা ডিচেম্বৰ মাহত চীনদেশৰ য়ুহান প্ৰদেশত পোনপ্ৰথমবাৰৰ বাবে ধৰা পৰা কৰ’না ভাইৰাছে সমগ্ৰ বিশ্বতে কেনেধৰণে তাণ্ডৱ চলাইছে সি সৰ্বজনবিদিত৷ বৰ্তমানলৈকে সমগ্ৰ বিশ্বৰে প্ৰায় ২১২খন উন্নত, উন্নয়নশীল আৰু অনুন্নত ৰাষ্ট্ৰ এই সৰ্বগ্ৰাসী মহামাৰীৰ কবলত পৰিছে৷ এই ভাইৰাছৰ সংক্ৰমণৰপৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে বিশ্বৰ প্ৰায়বোৰ দেশেই সামাজিক দূৰত্ব (social distancing) বৰ্তাই ৰখাৰ ওপৰত প্ৰধানকৈ গুৰুত্ব দিছে৷ গতিকে সম্প্ৰতি প্ৰায়বোৰ দেশেই অফিচ-কাছাৰী, চৰকাৰী তথা অনা-চৰকাৰী ব্যৱসায়িক প্ৰতিষ্ঠান, শিক্ষা প্ৰতিষ্ঠান আনকি ৰাজহুৱা উপাসনা থলীসমূহো বন্ধ ৰাখি সম্পূৰ্ণ লকডাউনৰ ব্যৱস্থা কৰিছে৷ তথাপি এই বিশ্ব মহামাৰীৰ প্ৰকোপ অদ্যপৰিমিত তিলমাত্ৰও হ্ৰাস হোৱা নাই৷ ইয়াৰ প্ৰতিষেধক বা ঔষধ ওলালেও বিশ্বৰ ২০০খন দেশৰ ৭০০ কোটি লোকক প্ৰতিষেধক বা ঔষধ প্ৰদানৰ বাবে কিমান বছৰ লাগিব সেয়াও অনুধাৱন কৰিব পৰা সম্ভৱপৰ নহয়৷

এতিয়া মূল বিষয়লৈ আহোঁ৷ কভিড১৯ ৰ প্ৰভাৱ কেৱল মানুহৰ স্বাস্থ্যৰ ওপৰতে যে পৰিছে, এনে নহয়৷ এই বিশ্ব মহামাৰীৰ ফলত সম্পূৰ্ণ তলাবন্ধ বা লকডাউন ঘোষণা কৰাৰ পাছৰে পৰা বিশ্বৰ প্ৰায়বোৰ দেশৰেপৰা বিভিন্ন বিক্ষিপ্ত ঘটনা ঘটাৰ বাতৰি পোৱা গৈছে যদিও পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ অনুগামী দেশসমূহত অতি ক্ষিপ্ৰ গতিত বৃদ্ধি পোৱা গাৰ্হস্থ্য উৎপীড়ন তথা হিংসাৰ ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে৷ কৰ’না ভাইৰাছৰ সংক্ৰমণৰপৰা নিজৰ লগতে পৰিয়ালৰ সকলোকে সুৰক্ষিত কৰি ৰখাৰ বাবে সম্প্ৰতি ঘৰখনেই সৱাতোকৈ সুৰক্ষিত স্থান বুলি পৰিগণিত হৈছে যদিও তিক্ততাপূৰ্ণ আৰু প্ৰতিকূল পাৰিবাৰিক সম্পৰ্কৰ মাজেৰে জীৱন অতিবাহিত কৰি অহা নাৰীসকলৰ বাবে ই এক দুঃস্বপ্ন তথা প্ৰত্যাহ্বানস্বৰূপ হৈ পৰিছে৷ লকডাউনৰ এই সময়ছোৱাত প্ৰায়বোৰ দেশতে গাৰ্হস্থ্য উৎপীড়নৰ ভুক্তভোগী নাৰীসকলৰ বাবে থকা হেল্পলাইন নম্বৰত বা বে-চৰকাৰী স্বেচ্ছাসেৱী সংগঠনবিলাকৰ জৰুৰীকালীন ফোনসমূহত এনেধৰণৰ বহু ঘটনা পঞ্জীয়ন হোৱাৰ কথা ইতিমধ্যে প্ৰায়বোৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে৷ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্ট’নিঅ’ গুটাৰেজৰ মতে, ’’Over the past weeks as economic and social pressures and fear have grown we have seen a horrifying global surge in domestic violence’’ আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, বেলজিয়াম, চীনদেশ, কলম্বিয়া, ফ্ৰান্স, জাৰ্মানী, স্পেইন, ইংলেণ্ড আনকি আমেৰিকা যুক্তৰাষ্ট্ৰত চৰকাৰী কৰ্তৃপক্ষ আৰু নাৰী সুৰক্ষা কৰ্মী তথা অনা চৰকাৰী স্বেচ্ছাসেৱী সংগঠনসমূহলৈ অহা এনে ফোনকলৰ সংখ্যা অস্বাভাৱিকধৰণে বৃদ্ধি পাইছে৷ ফ্ৰান্সত হেল্পলাইন নম্বৰত ফোনকলৰ সংখ্যা ৩২% বৃদ্ধি হোৱাৰ লগতে ছিংগাপুৰ, ছাইপ্ৰাছত ৩০% আৰু অষ্ট্ৰেলিয়াত ৪০%লৈ বৃদ্ধি হৈছে৷ মাৰ্চ মাহৰ মাজভাগৰে পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় গাৰ্হস্থ্য হিংসা প্ৰতিৰোধৰ বাবে থকা হটলাইনত ব্যক্তিগত ২০০০ৰো অধিক ফোনকল পোৱা গৈছে৷ ঠিক একেদৰে আমাৰ ভাৰতবৰ্ষতো যোৱা মাৰ্চ মাহৰেপৰা ঘোষণা কৰা এই লকডাউনৰ ফলস্বৰূপে নাৰীৰ বিৰুদ্ধে গাৰ্হস্থ্য হিংসাৰ ঘটনা বহু পৰিমাণে বৃদ্ধি পাইছে৷ ৰাষ্ট্ৰীয় মহিলা আয়োগে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি যোৱা ২৩ মাৰ্চৰপৰা ১৬ এপ্ৰিললৈকে নাৰীৰ বিৰুদ্ধে সংঘটিত বিভিন্ন অপৰাধ সম্পৰ্কীয় প্ৰায় ৫৮৭টা গোচৰ ই-মেইল যোগে পোৱা গৈছে৷ এই গোচৰসমূহৰ ভিতৰত ২৩৯টা গোচৰেই হৈছে গাৰ্হস্থ্য উৎপীড়ন সম্পৰ্কীয় ঘটনা৷ আয়োগৰ অধ্যক্ষা ৰেখা শৰ্মাই সংবাদ মাধ্যমক জনোৱা অনুসৰি এনেধৰণৰ উৎপীড়নৰ ঘটনা প্ৰতিদিনেই অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ অধ্যক্ষগৰাকীয়ে সন্দেহ প্ৰকাশ কৰি কয় যে ভুক্তভোগী নাৰীগৰাকী নিৰ্যাতন চলোৱা পুৰুষ সংগীজনৰ সৈতে একেখন ঘৰতে গৃহবন্দী হৈ থাকিবলগীয়া হোৱা বাবে এই সংখ্যা কেইবাগুণলৈ বৃদ্ধি হব পাৰে৷ অৱশ্যে এনে বহু ঘটনা এতিয়াও পোহৰলৈ অহা নাই৷ অসমো ইয়াৰ ব্যতিক্ৰম নহয়৷ এই সময়ছোৱাত ৰাজ্যখনৰ ভালেমান ঠাইৰ পৰা এনে বহু গাৰ্হস্থ্য হিংসাৰ ঘটনা ঘটা বুলি বাতৰি পোৱা গৈছে৷ এনে ঘটনা ঘটা বুলি গম পালে নীৰৱে নাথাকি জিলা সমাজ কল্যাণ বিষয়াক ততালিকে জনাবৰ বাবে জিলা বিশেষে ফ’ন নম্বৰো জাৰী কৰা হৈছে৷

এতিয়া কথা হ’ল এই ল’কডাউনৰ সময়ছোৱাত সমগ্ৰ বিশ্বতে নাৰী তথা কন্যা সন্তানৰ বিৰুদ্ধে অভাৱনীয় হাৰত বাঢ়ি অহা গাৰ্হস্থ্য হিংসা তথা উৎপীড়নৰ মূল কাৰকসমূহ কি হ’ব পাৰে৷

ইয়াৰ প্ৰথম তথা মূল কাৰক হৈছে, এই লকডাউনৰ সময়ছোৱাত আগৰেপৰা পত্নী বা কন্যা সন্তানৰ ওপৰত মানসিক বা দৈহিক নিৰ্যাতন চলাই অহা পুৰুষজনৰ সৈতে একেখন ঘৰতে আৱদ্ধ অৰ্থাৎ একেখন ঘৰতে দিন-মাহ জুৰি একেলগে কটাবলগীয়া হোৱাটো৷ এনে অৱস্থাত পূৰ্বৰেপৰা চলাই থকা নিৰ্যাতন আৰু অধিক প্ৰবল হোৱাৰ যথেষ্ট থল আছে৷ এনে নিৰ্যাতন মৌখিক (সামান্য কথাতে হোৱা বাক-বিতণ্ডা), মানসিক, শাৰীৰিক, আৰ্থিক আনকি যৌন নিৰ্যাতনো হব পাৰে৷ এই সময়ছোৱাত পুৰুষ সংগীগৰাকীৰ নিৰ্যাতন সত্ত্বেও বহু নাৰীয়ে তেওঁলোকৰ নাবালক সন্তান, তেওঁৰ ওপৰত নিৰ্ভয়শীল পিতৃ-মাতৃ, অথবা তেওঁৰ কোনো নিকট আত্মীয়ৰ ভৰণ-পোষণৰ কথা চিন্তা কৰিয়েই নিৰ্যাতনকাৰী পুৰুষ সংগীজনৰ ওপৰতে ভৰসা কৰিবলগীয়া হয়৷ তদুপৰি খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ দৰে মানুহৰ মৌলিক প্ৰয়োজনসমূহৰ পৰা বঞ্চিত হোৱাৰ আশংকায়ো নাৰীসকলক পুৰুষ সংগীজনৰ নিৰ্যাতনৰ বিৰুদ্ধে মাত মতাত বাধাৰ প্ৰাচীৰ হৈ থিয় দিয়ে৷

দ্বিতীয়তে,  ভুক্তভোগী নাৰীগৰাকীৰ পুৰুষ সংগীজন একেটা ঘৰতে সকলো সময়তে তেওঁৰ সৈতে ওচৰে-পাঁজৰে থকা বাবে নিৰ্যাতিতা নাৰীগৰাকীয়ে তেওঁৰ ওপৰত চলোৱা অত্যাচাৰৰ বিষয়ে ততালিকে হেল্পলাইন নম্বৰত বা কোনো স্বেচ্ছাসেৱী সংঠনলৈ ফোন কৰিবলৈ বা গোচৰ দিবলৈ সুবিধা নাপায় আৰু সাহসো কৰিব নোৱাৰে৷ এনেক্ষেত্ৰত বহু ঘটনা সকলোৰে অলক্ষিতে ৰুজু নোহোৱাকৈয়ে ৰৈ যাব পাৰে৷

তদুপৰি এই বিশ্ব মহামাৰীয়ে সমগ্ৰ মানৱজাতিৰ জীৱন আৰু জীৱিকাৰ ওপৰত নিসন্দেহে এক ব্যাপক প্ৰভাৱ পেলাইছে৷  কৰ্মৰত বহু নাৰী-পুৰুষ কৰ্মবিমুখ হৈ পৰাৰ লগতে আন বহু দৈনিক উপাৰ্জন কৰি পৰিয়াল পোহা ব্যক্তিয়ে পৰিয়ালটোৰ সৈতে ঘৰৰ ভিতৰতে দিন অতিবাহিত কৰিবলগীয়া হৈছে৷ এনে পৰিয়ালসমূহে স্বাভাৱিকতে এসাঁজ খাই নতুবা প্ৰায়েই অনাহাৰে দিন কটাবলগীয়া অৱস্থা এটাৰো সৃষ্টি হৈছেগৈ৷ আৰ্থিক দৈন্যত ভোগা এনে পুৰুষচালিত পৰিয়ালবোৰত সাধাৰণতে মুৰব্বীগৰাকীৰ হতাশাৰ ফল নিজৰ পত্নী অথবা তেওঁৰ সতি-সন্ততিয়ে ভুগিবলগীয়া হৈছে৷ কোনোমতে পেটে-ভাতে খাই থকা এনে পৰিয়ালসমূহত গাৰ্হস্থ্য হিংসাৰ প্ৰভাৱ পৰাটো কোনো নতুন ঘটনা নহয়৷

ইয়াৰ উপৰি লকডাউন আৰম্ভ হোৱাৰ পাছত বিশ্বৰ প্ৰায়বোৰ দেশতে বহুতো কৰ্মৰতা নাৰীৰ পৰিয়ালৰ প্ৰতি থকা দায়বদ্ধতা, ঘৰুৱা উৎপীড়নৰ ঘটনা, কৰ্মহীনতা আৰু দৰিদ্ৰতা বৃদ্ধি হোৱাৰ লগতে চিকিৎসা সেৱা খণ্ডত কাম কৰা নাৰীসকলৰ স্বাস্থ্যৰ প্ৰতিও সংকট আহিছে৷

আনকি যোৱামাহত ৰাষ্ট্ৰসংঘয়ো এই বিশ্ব মহামাৰীয়ে সমগ্ৰ বিশ্বৰে নাৰীসমাজৰ ওপৰত এক ধ্বংসাত্মক প্ৰভাৱ পেলাব পাৰে বুলি সতৰ্কতা জাৰি কৰিছে৷ বিশ্ব সংস্থাটোৱে কৈছে যে লকডাউনৰ সময়ছোৱাত এগৰাকী নাৰী তেওঁৰ ওপৰত নিৰ্যাতন চলোৱা পুৰুষ সংগীজনৰ সৈতে একেটা ঘৰতে গৃহবন্দী হৈ থকাৰ ফলত গাৰ্হস্থ্য হিংসাৰ দৰে ঘটনা ২০%লৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷

ইফালে,-ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এন্টনিঅ’ গুটেৰেজে বিশ্বৰ দেশসমূহক লকডাউনত আৱদ্ধ মহিলাসকলক সহায় কৰাৰ অৰ্থে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বিশেষ  ব্যৱস্থা  গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। কিয়নো এই সময়ছোৱাত নিৰ্যাতিতা নাৰীসকলৰ বাবে থকা পুলিচৰ জৰুৰীকালীন নম্বৰত কৰা ফোনকলৰ  সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধিপাইছে৷

এনে ভয়াবহ পৰিস্থিতিত গৃহবন্দী হৈ থাকিবলগীয়া হোৱা নিৰ্যাতিতা নাৰীগৰাকীৰ গাৰ্হস্থ্য হিংসাৰ দৰে বিষয়টো  বিশ্বৰ প্ৰতিখন দেশৰ চৰকাৰে  গুৰুত্ব প্ৰদান কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে৷ বিশ্ব মহামাৰী কভিড১৯ য়ে কেৱল মানৱৰ  শাৰিৰীক স্বাস্থ্যই নহয় ই সামাজিক, মানসিক আৰু আৰ্থিক ক্ষেত্ৰতো সীমাহীন বিয়োগাত্মক প্ৰভাৱ পেলাব আৰু ইয়াৰ বিয়োগাত্মক প্ৰভাৱে পৰিয়ালসমূহত অধিক মানসিক হেঁচাৰ সৃষ্টি কৰিব৷ এনে ধৰণৰ হেঁচাৰ সন্মুখীন হোৱা পৰিয়ালবোৰত নাৰী আৰু সতি-সন্তানেই সৰ্বাধিক ক্ষতিগ্ৰস্ত হয়৷ নাৰীসকলেও নিজৰ ঘৰখনতে সৃষ্টি হোৱা এনে প্ৰতিকূল পৰিস্থিতিৰ বিৰুদ্ধে এক সবল স্থিতি লোৱাত সফল নহয়৷ নাৰীৰ বিৰুদ্ধে সংঘটিত বিভিন্ন গাৰ্হস্থ্য  হিংসাৰ ঘটনাসমূহ এই তলাবন্ধ অৰ্থাৎ লকডাউনৰ সময়ছোৱাত ৰোধ কৰিবলৈ হ’লে দেশৰ পুলিচ প্ৰশাসন, মহিলা আয়োগ, বে-চৰকাৰী স্বেচ্ছাসেৱী সংগঠন আদি তৎপৰ হ’ব লাগিব৷ বিভিন্ন হেল্পলাইন বা মেইল যোগে অহা নিৰ্যাতিতাসকলৰ ফোন নম্বৰ লৈ ততালিকে নিৰ্যাতনকাৰী পুৰুষ বা তেওঁৰ পৰিয়ালৰ লোকক আইনৰ আওতালৈ অনাটো অতি প্ৰয়োজনীয় বিষয়৷ ভাৰতৰ কিছুমান ভিতৰুৱা গাঁৱত নেন’ সেৱা প্ৰদানকাৰী সহায়ক নিৰ্যাতিতা নাৰীগৰাকীক সহায়ৰ বাবে সদা সক্ৰিয় হৈ থাকে৷ সাম্প্ৰতিক সময়ত চৰকাৰে এনে ব্যক্তিসকলৰ সেৱাক অত্যাৱশ্যকীয় সেৱাৰ সৈতে সাঙুৰিব লাগে যাতে যান-বাহন চলাচলৰ বাধানিষেধৰ মাজতো এওঁলোক ততালিকে গৈ নিৰ্যাতিতাগৰাকীৰ কাষত থিয় দিবগৈ পাৰে৷ তদুপৰি বিশ্ব মহামাৰীৰ সংক্ৰমণ প্ৰতিৰোধ সম্পৰ্কে বিভিন্ন সময়ত চৰকাৰে জাৰী কৰা পৰামৰ্শ আৰু নিয়মাৱলীৰ সমান্তৰালকৈ এই সময়ত ভুক্তভোগী নাৰীসকলৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে কিছুমান গাইডলাইন জাৰী কৰাটো অতি জৰুৰী৷ অন্যথা বৰ্তমান সমগ্ৰ বিশ্বতে গাৰ্হস্থ্য হিংসাৰ বলি হোৱা নাৰীৰ সূচকাংকই যিটো হাৰত উৰ্ধমুখী গতি কৰিছে ই অতিশয় দুৰ্ভাগ্যজনক হৈয়েই ৰ’ব৷

০০০০০

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!