বিশ্ব যক্ষ্মা( টি বি) দিৱস: —ড৹ পাৰ্থসাৰথি ভূঞা

আজি মাৰ্চ মাহৰ ২৪ তাৰিখ। আজিৰ দিনটো ভাৰতৰ লগতে বিশ্বৰ প্ৰায়বোৰ দেশেই World TB DAY বা বিশ্ব যক্ষ্মা(টি বি) দিৱস হিচাপে পালন কৰে। ৱৰ্ল্ড হেলথ অৰগেনাইজেচন ( WHO) অৰ্থাৎ বিশ্ব স্বাস্থ্য সংস্থাই জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে পালন কৰা আঠটা দিৱসৰ ভিতৰত ইয়ো এটা। বাকী দিৱস কেইটা হল….
বিশ্ব স্বাস্থ্য দিৱস
বিশ্ব মেলেৰিয়া দিৱস
বিশ্ব টীকাকৰণ সপ্তাহ
বিশ্ব ধপাত মুক্ত দিৱস
বিশ্ব ৰক্তদান দিৱস
বিশ্ব হেপেটাইটিছ দিৱস
আৰু বিশ্ব এইডছ দিৱস
টি বি ৰোগ সৃষ্টিকাৰী বীজানুৰ আৱিষ্কাৰ চিকিৎসাবিজ্ঞানৰ এক চমকপ্ৰদ সফলতা৷ ন’বেল বটা বিজয়ী জাৰ্মান চিকিৎসাবিজ্ঞানী Robert Koch এ ১৮৮২ চনৰ ২৪ মাৰ্চত ইয়াক চিনাক্ত কৰি ঘোষণা কৰে যে “মাইক’বেক্টেৰিয়াম টিউবাৰকিঅল’চিচ” নামৰ এবিধ বেক্টেৰিয়াৰ পৰাই টি বি হয়। বিশ্ব স্বাস্থ্য সংস্হাই এই যুগান্তকাৰী আৱিষ্কাৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি এই বিশেষ দিনটোকে সমগ্ৰ বিশ্বত “বিশ্ব টি বি দিৱস” হিচাপে পালন কৰি আহিছে৷
পৃথিৱীত আটাইতকৈ অধিক সংক্ৰমন হৈ আক্ৰান্ত হোৱা ৰোগবোৰৰ ভিতৰত টি বি অন্যতম৷ মানুহৰ অকাল মৃত্যুৰ প্ৰথম দহোটা কাৰকৰ ভিতৰত টি বি ও এটা। তথ্য অনুসৰি সমগ্ৰ বিশ্বত প্ৰতিদিনে প্ৰায় ৪৫০০ লোকে এই ৰোগত প্ৰাণ হেৰুৱাই আৰু প্ৰায় ৩০,০০০ লোক এই ৰোগত আক্ৰান্ত হয়৷ আমাৰ ভাৰতটো প্ৰতিবছৰে প্ৰায় ২ লাখতকৈয়ো অধিক ব্যক্তি টি বি ত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে৷ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত আকৌ অসমত এই ৰোগৰ প্ৰাদুৰ্ভাৱ আটাইতকৈ বেছি।
বৰ্তমান উন্নত চিকিৎসাৰ দ্বাৰা টি বি ৰোগীক সম্পূৰ্ণৰূপে আৰোগ্য কৰিব পৰা যায়। কিন্তু তাৰ বাবে ৰোগটো সোনকালে ধৰা পৰা আৰু ডাক্তৰৰ চিকিৎসাৰ দীঘলীয়া নিদানসমূহ প্ৰতিজন ৰোগীয়ে সঠিক ভাৱে পালন কৰা দৰকাৰ।এই কথাবিলাককে জনতাৰ মাজলৈ লৈ গৈ সজাগতাৰ সৃষ্টি কৰাৰ উদ্দেশ্যেই বিশ্ব টি বি দিৱস পালন কৰি অহা হৈছে।
প্ৰতি বছৰে এটা থিম বা মূল বিষয়বস্তু লৈ এই দিৱস পালন কৰা হয়। এই বছৰৰ বিশ্ব টি বি দিৱসৰ থিম হৈছে…..ইটছ টাইম….অৰ্থাৎ এইয়াই সময়….এইয়াই সময় সকলো একত্ৰিত হৈ টি বি ৰ বিৰুদ্ধে যুঁজ দি ইয়াক নিৰ্মূল কৰাৰ । সেয়ে বিশ্ব স্বাস্থ্য সংস্থাই সংকল্প লৈছে, আক্ৰান্ত ব্যক্তি, সমাজ, স্বাস্থ্য কৰ্মী, চৰকাৰ আৰু টি বি ৰ বিৰুদ্ধে যুঁজ দি থকা সকলো সংস্থা একগোট হৈ টি বি ৰ প্ৰতিৰোধ আৰু চিকিৎসাৰ বাবে কাম কৰাত। ৰোগীৰ বাবে যাতে সকলো ঠাইতে চিকিৎসা সহজলভ্য হয় সেই দিশত গুৰুত্ব দিয়াত, বৰ্ত্তমানতকৈয়ো উন্নত চিকিৎসাৰ আবিষ্কাৰৰ বাবে গবেষণাত গুৰুত্ব দিয়াত আৰু লগতে এনে ৰোগীৰ প্ৰতি সমাজৰ এচামৰ ভেদভাব সজাগতাৰে নিৰ্মূল কৰাত।
সাধাৰণতে সঘনাই জ্বৰ হৈ থকা আৰু খুব দুৰ্বল লগা, খোৱা বোৱাত অনীহা আৰু শৰীৰৰ ওজন কমা, কপি কপি জ্বৰ উঠা আৰু ৰাতি খুব ঘাম ওলোৱা, তিনি সপ্তাহতকৈ অধিক দিন ভাল নোহোৱা কাহ, বুকুৰ বিষ আৰু কাহৰ লগত তেজ যোৱা আদি টি বি ৰ লক্ষণ হব পাৰে। সেয়ে এনে ক্ষেত্ৰত অলপো পলম নকৰি চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।
আজিৰ এই বিশ্ব টি বি দিৱসত আশা ৰাখিলো যাতে ভৱিষ্যতে কোনো এজন ব্যক্তিও ৰোগ নিৰ্নয় আৰু আৰোগ্য লাভৰ পৰা বঞ্চিত নহয় তাক সুনিশ্চিত কৰিব পৰা যাব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!