বিষয় : গৰু বিহুৰ পৰম্পৰা আৰু বৰ্তমান সময়ৰ কিছু দু:চিন্তা (মধুস্মিতা দাস)

প্ৰতি
মাননীয় সম্পাদক মহোদয়,
সাহিত্য ডট অৰ্গ
মাৰ্চ-এপ্ৰিল’২০১৪ সংখ্যা।

বিষয় : গৰু বিহুৰ পৰম্পৰা আৰু বৰ্তমান সময়ৰ কিছু দু:চিন্তা।
মহোদয়,
আপোনাৰ সম্পাদনাত এইবেলি ব’হাগত প্ৰকাশৰ পথত আগবঢ়া ‘সাহিত্য ডট অৰ্গ’ সংখ্যাটিৰ বিষয়ৰ সৈতে সংগতি ৰাখি এই চিঠি লিখাৰ প্ৰয়াস কৰিছোঁ।
অসমত ৰঙালী বিহুৰ সন্মোহন আন উৎসৱতকৈ সুকীয়া। প্ৰকৃতি আৰু পৰিৱেশে নিজকে নতুনকৈ সজাই লোৱাৰ দৰে প্ৰতিজন অসমীয়াই ব’হাগ বিহুত দেহে মনে নিজকে ন ৰূপত সজাই লয়। সেয়ে, আজিৰ এই যান্ত্ৰিক যুগতো ৰঙালী বিহুৰ প্ৰতি থকা অসমীয়াৰ আদৰ কমি যোৱা নাই। বিশেষকৈ অসমৰ গাঁও অঞ্চলৰ লগতে কৃষিজীৱী সমাজত আজিও মতলীয়া হৈ থকা দেখা যায় অসমবাসীক। প্ৰতি বছৰতে বিহু আহে আৰু যায়। তথাপিও এই বিহুক আদৰিবলৈ সকলো সমানেই ব্যস্ত হৈ পৰে।

চ’তৰ সংক্ৰান্তিৰ দিনাই অসমীয়া লোকসকলে পালন কৰে গৰু বিহু। গৰু অসমীয়া চহা সমাজৰ পৰিচায়ক। এই গৰু বিহুৰ উদ্দেশ্য হ’ল গৰুৰ শ্ৰীবৃদ্ধি আৰু অপায় অমংগলৰ পৰা ৰক্ষা কৰা। গৰু বিহুৰ দিনা ঘৰৰ গৰু কেইজনীক সজাই পৰাই তুলিবৰ বাবে এসপ্তাহৰ আগতেই সাঁজু হয় আমাৰ গাঁৱৰ ডেকা-বুঢ়াসকল। সেইমৰ্মে তেওঁলোকে গাই গৰু কেইজনীক বিহুৰ দিনা পিন্ধাবৰ বাবে তৰাপাতৰ পঘা বটে আৰু গৰুবিহুৰ আগদিনা হাবি বননি অথবা বাৰীৰ পৰা দীঘলতি আৰু মাখিয়তি যুগুত কৰে। বিহুৰ দিনা ৰাতিপুৱা জাতিবাঁহ পাবৰ তলত দুই, তিনি, চাৰি বা পাঁচ ফেৰেঙীয়াকৈ চাক সাঁজে। অতীতৰ পৰা এই ক্ষেত্ৰত অসমীয়াৰ মাজত এক লোকবিশ্বাস চলি আহিছে যে যদি গাই গৰুৰ সংখ্যাতকৈ এডাল চাক বেছিকৈ সাঁজিব লাগে। তেতিয়া ঘৰখনত গৰুৰ সংখ্যা বৃদ্ধি হয়। সেই চাকডালত বাৰীৰ লাউ, বেঙেনা, থেকেৰা, তিঁয়হ, হালধি ইত্যাদি চকল চকলকৈ কাটি সী দিয়ে। তাৰোপৰি গৰুকেইজনীৰ গাঁত ঘহিবলৈ মাটি মাহ, হালধি বতি তাৰ লগত মিঠাতেল মিহলাই লেপন প্ৰস্তুত কৰি কলপাতত সাজু কৰা হয়।

এই সকলোবোৰ প্ৰস্তুতি শেষ কৰি গৃহস্থই নিজ গোহালিতে ঘৰৰ গাই গৰুকেইটাক মাহ হালধি ঘঁহে আৰু ওচৰচুবুৰীয়াৰ লগত মিলি একেলগে নৈ বা পুখুৰীৰ পাৰত নিজ নিজ গৰুবোৰ গা ধোৱাবলৈ লৈ যায়। তাত তেওঁলোকে দীঘলতি মাখিয়তিৰে গৰুবোৰৰ গাত কোবাই কিয়নো বিশ্বাস অনুযায়ী এনেদৰে দীঘলতি, মাখিয়তি আদিৰে কোবালে বছৰটোত গাই গৰুকেইটাক ম’হ-মাখিয়ে আমনি কৰিব নোৱাৰে। তাৰ পাছত তেওঁলোকে গৰুবোৰ পানীত নমাই চাকৰ পৰা লাউ, বেঙেনাবোৰ উলিয়াই গৰুৰ গাত মাৰিবলৈ আৰম্ভ কৰে। লগতে শুনা যায়- “দীঘ লতি দীঘল পাত, মাখি মাৰোঁ জাত জাত” ধৰণৰ সমস্বৰে গোৱা কিছু চহা গীত।

এনেদৰে গীত গায় উঠি গৰুবোৰৰ গাত পুণৰ মাহ হালধি ঘঁহি দিয়া হয় আৰু সিঁহতৰ ডিঙিৰ পৰা পুৰণি পঘাডাল খুলি নৈত বা পুখুৰীত দলিয়াই দিয়া হয়। ইয়াতো এক বিশ্বাস আছে যে এনেদৰে পঘাডাল খুলি পেলাই দিলে গৰুৰ পুৰণি ৰোগ ভাল হয়। গৰু গা ধোৱাওতে তলত পৰা লাউ, বেঙেনাবোৰ আৰু মাহ-হালধিবোৰ ঘৰলৈ বুটলি অনা হয়। উজনি অসমৰ ফালে এই লাউ বেঙেনাবোৰ ভাজিৰ লগত মিহলাই খোৱা হয়, অৱশ্যে এই ভাজিখনত এশ এবিধ শাক মিহলাই ৰন্ধা হয়। ইও অতীতৰে পৰা প্ৰচলিত এক পৰম্পৰা। ঠিক সেইদৰে হালধিবোৰ পিছদিনা মাহ হালধিৰ লগত একেলগে বটি ঘৰৰ প্ৰতিজন মানুহে গাত ঘঁহে। নদীৰ পাৰত গৰুৰ গা ধুওৱাৰ পাছত ডেকা বুঢ়া সকলোৱে একেলগে ঢোল, তাল, পেঁপা আদি বজাই বিহু মাৰি আনন্দ কৰে আৰু শেষত গা পা ধুই ঘৰলৈ উভতি আহে। ঘৰলৈ উভতি আহোতে তেওঁলোকে দীঘলতি, মাখিয়তি, চাটমাৰি লগত লৈ আনে আৰু সেইবোৰ গোহালিৰ চালত গুজি থয়। গধুলি আকৌ গৰুক পিন্ধাবৰ বাবে তৰাপাতৰ পঘাৰ লগত ৰঙা এৱা সূতা মিহলাই সাজু কৰি থয়। চোতালত আৰু গোহালিত টিকনি বৰুৱা, খেৰ, কপাহ গুটি, তুঁহ আৰু বিভিন্ন লতাৰে জাগ দি গৰুক নতুন পঘাৰে বন্ধাৰ লগতে ভৰি ধোৱাই, ধূপধূনা জ্বলাই নতুন বিচনীৰে বিচি লাউ পিঠা খুওৱা হয়। এনে কৰিলে বছৰটোলৈ গাই গৰুবোৰ শক্তিশালী হয় বুলি অসমীয়াৰ মনত এক বিশ্বাস আছে। তাৰোপৰি সেইদিনা গধুলি সময়ত ঘৰৰ গৃহিনীয়ে নহৰু খুন্দি পানীৰ লগত মিহলাই ঘৰৰ চাৰিওফালে ছটিওৱা দেখা যায়। এনে কৰিলে গোটেই বছৰ ঘৰৰ ভিতৰত সাপ সোমাব নোৱাৰে বুলি লোকবিশ্বাস আছে। গৰুবিহুৰ দিনা “কণীযুঁজ” খেলৰ পৰম্পৰা অতীতৰ পৰাই অসমত চলি আহিছে। ডেকাসকলে কণীযুঁজ কৰিবলৈ বিহুৰ কেইবাদিনৰো আগতেই ঘৰত কণী গোটাই থয়।

গৰু বিহু হ’ল অসমৰ চহাজীৱনৰ একধৰণৰ গো পূজা। নতুন উলাহেৰে নতুন শক্তি লৈ শস্য উৎপাদন কৰিবলৈ সাজু হোৱা অসমীয়াৰ আনন্দৰ পৰিচায়ক হ’ল এই গৰু বিহু। অৱশ্যে এই বিহুৱে জীৱজন্তুৰ প্ৰতি থকা মৰম,চেনেহকে প্ৰতিফলিত কৰে। সেয়েহে বিহু গীততো আছে-
চ’ততে চকৰী ব’হাগত বগৰী
জেঠতে আমনা ধান
গৰুৰ বিহু দিনাখন শৰাই আগবঢাবা
তেহে পাবা বৈকুণ্ঠত স্থান।

কিন্তু এতিয়া একবিংশ শতিকা। অসমৰ কৃষিক্ষেত্ৰত ন ন প্ৰযুক্তি সংযোজিত হৈছে। মানুহৰ চহৰমুখী হোৱাৰ প্ৰৱণতাই চহৰৰ দাঁতি-কাষৰীয়া অঞ্চলসমুহত কৃষিভুমি শেষ কৰি আহিছে। গ্ৰাম্যাঞ্চলত গৰুৰ ঠাই ট্ৰেক্টৰ, পাৱাৰ টিলাৰে লৈছে। তাতোকৈও ডাঙৰ সমস্যা হিচাবে থিয় দিছে নতুন প্ৰজন্মই কৃষিক্ষেত্ৰৰ পৰা নিজকে আঁতৰাই ৰখাতো। এই ধাৰাটো যদি চলি থাকে তেন্তে অদূৰ ভৱিষ্যতে অসমত গৰু বিহুৰ এই জাকজমকীয়া পৰম্পৰাটো প্ৰতিকী অৰ্থতহে থাকিবগৈ যেন বোধ হয়। এই ক্ষেত্ৰত আপোনাৰ এই আলোচনীৰ মাধ্যমেৰে বিষয়টোৰ ধণাত্মক আলোচনা আশা কৰিলোঁ যাতে ইয়াৰ যোগেদি এই প ৰম্পৰাৰ সম্ভাৱনীয় বিলুপ্তিক কিছু পৰিমাণে হ’লেও বাধা দিব পৰা যায়।

ধন্যবাদ।

ইতি

মধুস্মিতা দাস,
৯ এপ্ৰিল,২০১৪
শিৱসাগৰ।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!