বিষয়:- পতি (পতি মানে পতিয়েই, ই না সভাপতি না নাচপতি) (মনজিৎ)

 

 

পৰিচয় :
———
পতি এবিধ ঘৰচীয়া দুঠেঙীয়া তেনেই নিমাখিত প্রাণী। দেখাত ঠিক মানুহৰ দৰেই।

স্থান :
—–
দিনৰ ভাগত অফিছ নামৰ ‘য়েছ বছ’ ‘য়েছ বছ’ বুলি ভাইব্রেটিং ম’ডত মূৰ জোকাৰি থকা ঠাইডোখৰত আৰু ৰাতিৰ ভাগত ৰিম’টটো এবাৰমান চুবলে পোৱা হ’লে! বুলি অসহায় ভাৱ এটা লৈ মনমোহন ম’ডত টি ভিৰ সমুখত বহি থকা অৱস্থাত পোৱা যায়।

গঠন ও বৰণ :
—————-
পতি দুঠেঙীয়া হোৱাৰ লগতে এমূৰীয়া, এনকীয়া, দুকাণীয়া আৰু দুচকুৱা হয়। সদা জাগ্রত কাণ আৰু সদা জাপ খাই ৰোৱা ওঁঠেৰে পতিক সকলো সময়তে বেছ শান্ত আৰু অসহায় অৱস্থাত দেখা যায়। পতিৰ বৰণ সদায় অসহায় বৰণীয়া। একমাত্র ৰিলায়েন্সৰ নেটৱর্কৰ দৰে বিৰল হৈ পৰা বন্ধুৰ আড্ডাত হে পতিক সতেজ আৰু সপ্রতিভ বৰণত দেখা পোৱা যায়।

জন্ম ৰহস্য :
——————–
পতিৰ কাহানিও পোনপটীয়াকৈ জন্ম নহয়। প্রথম অৱস্থাত মানুহ হৈয়ে জনম লয়। কিন্তু ব্যৱহাৰিক অর্থত ই এক জটিল ক্রমবিবৰ্তনৰ ফচল হিচাপে পতিলৈ পর্যবসিত হয়। সোণালী শৈশৱ, ৰূপালী যৌৱন, হীৰা পান্না প্রেম ইত্যাদি ইত্যাদি আৰু বুঢ়া হৈ অহা মাতৃ-পিতৃৰ নেৰানেপেৰা খেছ্‌খেছনিকে আদি কৰি সৰু-ডাঙৰ বহু কেইটা পর্য্যায়ৰ চেপা-খুন্দাতহে মানুহৰ ৰূপটোৱে পতিৰ চেপ লয়। টকাৰ হিচাপত অতি কমেও নগদ ৩/৪ লাখ টকাৰ গহনা-গাঁঠৰিৰ ঘোছখোৰী কৰিলেহে যি কোনো মানুহৰূপী জীৱই পতি নামৰ ডেজিগ্‌নেছন্‌টোৰ অধিকাৰী হ’ব পাৰে। আৰু সেই ডেজিগ্‌নেছন্‌টোৰ ওপৰত ভিত্তি কৰিয়েই পোন প্রথমে পত্নী নামৰ কাহানিও ক্লজ নোহোৱা ফাইলটো হেণ্ড অভাৰ কৰা হয়, যি বেছিভাগ সময়তে সফলতাৰ গোটেই ভাগটো অকলে লৈ বিফলতাৰ বাবে পতিকেই দোষী সাব্যস্ত কৰাত গোটেই জীৱন ব্যস্ত থাকে।

বিশেষত্ব :
———-
মাথোঁ মূৰ জোকাৰিয়েই সংলাপ বিহীন ভাৱে বেছি ভাগ সময় পাৰ কৰে। মানে ক’ব গ’লে পতি আৰু স্প্লিট এ চি একেই। বাহিৰত যিমানেই ডাঙৰ শব্দ নকৰক কিয় ভিতৰত কিন্তু একেবাৰে শব্দ নকৰাকে নিজৰ কাম কৰি থাকে। আনকি ঠাণ্ডা দিনত বাচন ধুবলে গৰম পানীও নিজেই কৰি লয়। বেলনা মাৰি আৰু চকুপানী নামৰ পৃথিৱীৰ অন্যতম ভয়ানক ভয়ংকৰ মুহূৰ্ততে বিভীষিকা আনিব পৰা পাৰমাণৱিক অস্ত্র দুপাটৰ ওচৰত সেও হৈ পতিয়ে যুগ যুগ ধৰি পত্নীৰ তালিবানী শাসনক উপাই বিহীন হৈ মানি লৈছে। কিন্তু মনে-প্রাণে বিচাৰে কেতিয়া মহ এটা আহি পত্নীৰ গালত পৰিব আৰু…………. ???

প্রকাৰ :
——-
পতি সাধাৰণতে দুই প্রকাৰৰ
১) জ’ৰু কে গোলাম
২) জ’ৰু কে বাদশ্বাহ
কিন্তু দ্বিতীয় প্রকাৰৰ পতি প্রায় এতিয়া অর্কূটৰ দৰেই বিলুপ্তিৰ পথত। পাবলে নাই বুলি ক’লেও মিছা কোৱা নহ’ব। আনটো বাদেই আনকি চুলবুল পাণ্ডেৰ দৰে ডবং ব্যক্তিয়েও ২য় শ্রেণীৰ পতিক হে পতি-নিধিত্ব কৰে।

প্রিয় ঠাই :
———-
পত্নী মাকৰ ঘৰত থকা সময় চোৱাত সকলো সময় আৰু সকলো ঠায়েই প্রিয় হৈ পৰে।

প্রিয় ব্যক্তি :
————
পত্নীৰ লিগেল এডভাইজাৰ মানে শাহু আইক বাদ দি সকলো।

পত্নীৰ দৃষ্টিত পতি :
——————–
পত্নীৰ বাবে পতি এটা জীৱন্ত জিন। যি বিচাৰে, যি অর্ডাৰ দিয়ে বিনাবাক্যে তাক ১০০% পালন কৰে বা পালন কৰাত অকনো ক্রটি নাৰাখে।

পতিৰ দৃষ্টিত পত্নী :
——————-
পতিৰ বাবে পত্নী ঠিক ভৰ দুপৰীয়াৰ সূর্য্যটোৰ দৰেই, কাৰণ দুয়োলৈকে চকুতুলি চোৱা প্রায় অসম্ভৱ।

সামৰণি :
———-
‘বিষয় পতি’ এটা কাহানিও সামৰণি মাৰিব পৰা বিষয় নহয়। এইয়া মাথোঁ থুলমুল আভাস এটা দিয়াৰ নিষ্পাপ চেষ্টাহে। “কাৰণ নোকোৱাকেও থাকিব নোৱাৰোঁ ফটা মুখ, কলেও লাগে ভকতৰ দোষ।” কিন্তু এটা কথা ঠিক পতিৰ ওপৰত শাসন দুঃশাসন চলিলেও পতি-পত্নীৰ মাজত মৰম চেনেহ কিন্তু অপৰিসীম। দোয়ো যেন একেবাৰে হিমেশ ৰেছমীয়া আৰু তেওঁৰ টুপিটোহে। বেলেগক দেখুৱাই কেটেৰা-জেঙেৰা মাৰিলেও ভিতৰি কিন্তু অমিতাভ ৰেখা। টাই ডাল মাৰি দিয়াৰ চলেৰে দিয়া পুৱাৰ মিঠা চুমাটোৱে দিনটো ফেছবুক কৰি ভাল লগাৰ দৰে জিপাল কৰি ৰাখে। উভতি আহি পাওঁতে ৱেলকাম বেক জনাই মৰা সেই মন পৰশা হাঁহিটোত কামৰ সকলো টেনচন মুহূর্ততে বজাৰলে ওলাই গ’লে হাজাৰ টকা খন উৰা দি উৰি যায়। আৰু ৰাতি টেবুলত আটোম-টোকাৰিকে সজাই দিয়া আন্তৰিকতা ভৰা সুস্বাদু খাদ্য-সম্ভাৰেৰে শৰীৰক দিয়ে প্রয়োজনীয় সকলো কার্বহাইড্রেট প্রটিন আইৰণ কেলচিয়াম ইত্যাদি ইত্যাদি। লগতে দিয়ে ফাইভ ষ্টাৰৰ খানাতকৈও অধিক বেছি শক্তি আৰু সোৱাদ। আৰু নিশাৰ চেনেহী বার্তলাপত নিঃশেষ হয় দিনটোৰ সকলো অৱসাদ।

কবিতাৰ ভাষাৰে ক’ব গ’লে :

“পতি পত্নী এহাল যুৰীয়া শালিকী
গোটেই জীৱন লাগি থাকে মৰমৰে খুটিয়া খুটি
পতি পত্নীৰ বাহিৰে কিন্তু নাই দুনীয়াত আন কোনো হিট যুটি ।।”

**সর্বশেষত সকলো পতিলৈ এটি বিধি সন্মত সতর্কীকৰণ**
“পত্নীলে ভয় কৰা পতিয়ে স্বর্গত ঠাই পাই
কিন্তু পত্নীলে ভয় নকৰা পতিয়ে পৃথিৱীতে স্বর্গ সুখ পাই”

( অনুৰোধ: ই এটি তেনেই অনভিজ্ঞ লিখনি। ভুল-ভ্রান্তি হ’লেও পতি বা পত্নী বা আন কোনো তেওঁলোকৰ সমন্ধীয়ই মাৰিবলে খেদি নাহে যেন।)

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!