বিষয় – সঞ্চয় আৰু বিনিয়োগ (২) (প্রতিম প্রতাপ বৰুৱা)

বিষয় – সঞ্চয় আৰু বিনিয়োগ (২)

প্রতিম প্রতাপ বৰুৱা

আৰ্থিক ভাৱে লব পৰা ৰিস্ক এনালাইচিচ কৰোঁ আহক –

 

এই প্ৰশ্নকেইটাৰ উত্তৰ দিয়ক –

১) আপোনাৰ বয়স

ক) ৫০ বছৰতকৈ বেছি |

খ) ৪০-৫০ বছৰৰ ভিতৰত |

 

২) আপোনাৰ বছৰেকীয়া আয়

ক) ৫ লাখৰ তলত |

খ) ৫-১০ লাখ |

গ) ১০ লাখতকৈ বেছি |

 

৩) আৰু কিমান বছৰলৈকে আপোনাৰ ওপৰত কোনোবাই আৰ্থিকভাৱে সম্পূৰ্ণ নিৰ্ভৰ কৰি থাকিব (কোনোবাই মানে বিশেষকৈ নিজৰ লৰা-ছোৱালীয়ে)

ক) ১০ বছৰতকৈ বেছি |

খ) ১০ বছৰলৈকে |

গ) একো দায়িত্ত্ব নাই |

 

৪) অহা ৫ বছৰলৈ আপোনাৰ চাকৰিৰ বা ব্যৱসায়ৰ নিৰাপত্তা কিমান

ক) সিমান ভাল নহয় |

খ) ভালেই আৰু |

গ) খুব ভাল |

 

৫) আপোনাৰ বৰ্ত্তমান আৰু ভবিষ্যতৰ আৰ্থিক লক্ষ্য ধাৰ্য্য কৰাৰ পিছত, সেইখিনি পূৰণ কৰিবলৈ আপোনাৰ ওচৰত কিমানখিনি সম্বল আছে

ক) একেবাৰে নাই |

খ) মোটামোটি ঠিকেই আছে |

গ) একেবাৰে ঠিক আছে |

 

৬) নিজৰ বিষয়ে মন্তব্য

ক) ৰক্ষণশীল, ৰিস্ক লবলৈ ভয় লাগে |

খ) নিজৰ আঁচনিবোৰ সম্পূৰ্ণ কৰিবলৈ নিজকে নিয়ন্ত্রন কৰিব পাৰোঁ |

গ) গমি পিতি চাই লৈ অলপ ৰিস্ক লোৱাত আপত্তি নাই |

 

উত্তৰখিনি দি নিজকে নম্বৰ দিয়ক –

ক) – ৫ নম্বৰ

খ) – ১০ নম্বৰ

গ) – ১৫ নম্বৰ

 

যদি আপোনাৰ স্কোৰ ৩০ – ৪০ নম্বৰ, তেন্তে আপোনাৰ ৰিস্ক প্ৰফাইল নিম্ন (Low)। এনেক্ষেত্ৰত বেংক আৰু পোষ্ট অফিচৰ বিভিন্ন হ্ৰস্বম্যাদী আঁচনিত বিনিয়োগ কৰিব লাগে। অলপ দীঘলীয়া (৫-৭ বছৰ) সময়ৰ বাবে বিনিয়োগ কৰিব খুজিলে কোনোবা ভাল Capital Protection Fund ত বিনিয়োগ কৰিব পাৰে। তাতোকৈ অলপ দীঘলীয়া (৭ – ১০ বছৰ) সময়ৰ বাবে বিনিয়োগ কৰিব খুজিলে নিজৰ মুঠ বিনিয়োগৰ ১০ বা ২০% কোনোবা ভাল Mutual Fund ৰ যোগেদি শ্বেয়াৰ বজাৰত লগাব পাৰে।

 

যদি আপোনাৰ স্কোৰ ৪৫ – ৭০ নম্বৰ, তেন্তে আপোনাৰ ৰিস্ক প্ৰফাইল মধ্যম (Moderate)। এইক্ষেত্ৰত হ্ৰস্বম্যাদী বিনিয়োগৰ বাবে Capital Protection Fund  আৰু বেংক আৰু পোষ্ট অফিচৰ আঁচনিত বিনিয়োগ কৰিব লাগে। মধ্যম ম্যাদী বিনিয়োগৰ বাবে বেংক বা কোম্পানী ফিক্স ডিপোজিটত বিনিয়োগ কৰিব পাৰে। অলপ দীঘলীয়া (৭ – ১০ বছৰ) সময়ৰ বাবে বিনিয়োগ কৰিব খুজিলে নিজৰ মুঠ বিনিয়োগৰ ৫০% লৈকে ভাল Mutual Fund ৰ যোগেদি শ্বেয়াৰ বজাৰত লগাব পাৰে।

 

যদি আপোনাৰ স্কৰ ৭৫ – ৯০ নম্বৰ, তেন্তে আপোনাৰ ৰিস্ক প্ৰফাইল উন্নত (high)।  এইক্ষেত্ৰত হ্ৰস্বম্যাদী বিনিয়োগৰ বাবে বেংক আৰু পোষ্ট অফিচৰ আঁচনিত বিনিয়োগ কৰিব লাগে। মধ্যম ম্যাদী বিনিয়োগৰ বাবে Capital Protection Fund আৰু বেংক বা কোম্পানী ফিক্স ডিপোজিটত বিনিয়োগ কৰিব পাৰে। অলপ দীঘলীয়া (৭ – ১০ বছৰ) সময়ৰ বাবে বিনিয়োগ কৰিব খুজিলে নিজৰ মুঠ বিনিয়োগৰ ৫০% ৰ পৰা ৭০% লৈকে ভাল Mutual Fund ৰ যোগেদি শ্বেয়াৰ বজাৰত লগাব পাৰে।

 

ভালকৈ বুজি নাপালে শ্বেয়াৰ বজাৰত পোনে পোনে টকা বিনিয়োগ নকৰাই ভাল।

(আগলৈ)

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!