বিষয় – সঞ্চয় আৰু বিনিয়োগ (৩) (-প্রতিম প্রতাপ বৰুৱা)

(যোৱা সংখ্যাৰ পিছৰ পৰা)

 

শ্বেয়াৰ বজাৰত বিনিয়োগৰ কথাৰে –

 

শ্বেয়াৰ বজাৰৰ কথা সকলোৱা জানেই আজিকালি | শ্বেয়াৰ বজাৰত কোম্পানীৰশ্বেয়াৰ বেচা-কিনা কৰা হয় | এই বজাৰত ১৮ বছৰৰ ওপৰৰ সকলোৱে শ্বেয়াৰকিনা-বেচা কৰিব পাৰে | এই শ্বেয়াৰ পোনে পোনে নিজৰ নামত নিজে বা কোনোবাব্ৰকাৰৰ হতুৱাই কিনিব পাৰি বা কোনোবা ইকুইটি বেজ্‌দ্‌ মিউচুৱেল ফাণ্ডৰযোগেদি শ্বেয়াৰত বিনিয়োগ কৰিব পাৰি | সঠিক সময়ত সঠিক কোম্পানীৰ শ্বেয়াৰতবিনিয়োগ কৰিলে দীঘলীয়া সময়ত পাব পৰা ৰিটাৰ্ণ কেতিয়াবা বিশ্বাস কৰিব পৰাতকৈঅলপ বেছি হয় | নিজৰ অভিজ্ঞতাৰ পৰা কৈছো – আজিৰপৰা ৮ বছৰ আগতে ভাৰতীয় ষ্টেটবেংকৰ শ্বেয়াৰত ৫০ হাজাৰ টকা বিনিয়োগ কৰিছিলো | প্ৰায় ১০ হাজাৰ মান টকাডিভিডেণ্ট হিচাপে ঘূৰাই পোৱাৰ পিছত এতিয়া মোৰ ওচৰত থকা সেই শ্বেয়াৰ খিনিৰমূল্য ৪ লাখতকৈ বেছি | মিউচুৱেল ফাণ্ডৰ কথা পিছলৈ থৈ পোনে পোনে শ্বেয়াৰবজাৰত বিনিয়োগ কৰাৰ কথা চমুকৈ, সহজকৈ আলোচনা কৰিম |

আৰম্ভনি কেনেকৈ কৰিব পাৰি –

১) কোনোবা বেংক বা ষ্টক ব্ৰোকাৰেজ ফাৰ্মত গৈ ডিমেট আৰু ষ্টক ট্ৰেডিংএকাউন্ট খুলি লব লাগিব | পেন কাৰ্ড, ফটো, আই ডি প্ৰুফ আদি দৰকাৰ হব | সকলোখিনি ঠিক থাকিলে ডিমেট আৰু ষ্টক ট্ৰেডিং একাউন্ট খোলা হব আৰু ইউজাৰ আইডি আৰু পাচৱৰ্ড পাই যাব |

২) নিজে অন্‌লাইন বা ব্ৰোকাৰেজ ফাৰ্মখনক টেলিফোনেৰে অনুৰোধ কৰি শ্বেয়াৰ কিনা-বেচা কৰিব পাৰি |

৩) একেবাৰে কম মুলধনেৰে শ্বেয়াৰ কিনা কাম আৰম্ভ কৰিব পাৰি | মই ১০ বছৰআগতে প্ৰথম ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজৰ এটা শ্বেয়াৰ ১৭০ টকা দি কিনিছিলো | ৭বছৰমান পিছত সেই এটা শ্বেয়াৰৰ মূল্য ১৫০০ টকাতকৈ বেছি হৈছিল | ডিভিডেণ্টৰকথা নকলোৱেই যেনিবা |

 

নিজৰ বাবে ষ্টক ব্ৰোকাৰেজ ফাৰ্ম বাচনি কৰোতে অলপ সাবধান হব লাগে | ব্ৰেণ্ড ভেল্যু থকা, গ্ৰাহকৰ কথা চিন্তা কৰা, নিজা ৰিচাৰ্চ টিম থকা ফাৰ্মহব লাগে | এই কথাবিলাক জানিবলৈ নিজে ব্ৰোকাৰেজ ফাৰ্মখনৰ কাম কাজ চাই আহিবলাগে |

 

শ্বেয়াৰ বজাৰ –

ভাৰতত দুখন প্ৰধান শ্বেয়াৰ বজাৰ আছে – নেচনেল্‌ ষ্টক একচেঞ্জ (এন.এচ.ই.)আৰু বোম্বাই ষ্টক একচেঞ্জ (বি.এচ.ই.) | প্ৰায় ৯৫% কোম্পানীৰ শ্বেয়াৰ প্ৰায়একে দামতে দুয়োটা একচেঞ্জতে উপলব্ধ | বজাৰৰ গতি নিৰ্ধাৰণ কৰিবলৈ দুয়োখনবজাৰতে দুটা সুচাংক আছে | এই সুচাংক দুটা বিভিন্ন ভাৰ্টিকেলত কাম কৰা কিছুসংখ্যক কোম্পানীৰ শ্বেয়াৰৰ দামৰ (দাম মানে কোম্পানীটোৰ শ্বেয়াৰৰ দাম আৰুলগতে তাৰ মাৰ্কেট কেপিটেলাইজেচন, আদি গননা কৰি উলিওৱা এটা বেইট ভেল্যু)ওপৰত নিৰ্ভৰ কৰে | বি.এচ.ই.ৰ সুচাংক হ’ল চেনচেক্স, যি ৩০ টা শ্বেয়াৰৰদ্বাৰা নিৰ্ধাৰিত | আনহাতে ৫০ টা শ্বেয়াৰৰ দ্বাৰা নিৰ্ধাৰিত এন.এচ.ই.ৰসুচাংক হ’ল নিফ্‌টি | অৱশ্যে মই নিজে চেনচেক্স বা নিফ্‌টিৰ গতিৰ ওপৰতনিৰ্ভৰ কৰি আজিলৈকে বিনিয়োগৰ সিদ্ধান্ত লোৱা নাই |

শ্বেয়াৰ বজাৰে কেনেকৈ কাম কৰে ?

শ্বেয়াৰ বজাৰে কোম্পানীবিলাকক নিজৰ অংশ বিক্ৰী কৰি মূলধন গোটোৱাত সহায়কৰে আৰু আমাৰ দৰে সাধাৰণ মানুহক সেই কোম্পানীৰ অংশ ক্ৰয় কৰি সেইকোম্পানীটোৰ ব্যৱসায়ত নিজৰ মূলধন খটুৱাবলৈ সুবিধা দিয়ে | ডিমাণ্ড আৰুচাপ্লাইৰ ওপৰত এটা কোম্পানীৰ ষ্টকৰ দাম নিৰ্ভৰ কৰে | ডিমাণ্ড (কিনোতা) বেচিহ’লে চাপ্লাই (বেচোতা) কমি যায় আৰু ফলত ষ্টকৰ দাম বাঢ়ি যায় আৰুভাইচা-ভাৰ্চা | ডিমাণ্ড আৰু চাপ্লাই বহুত কথাৰ ওপৰত নিৰ্ভৰ কৰে, যেনে – কোম্পানীটোৰ বেলেঞ্চ শ্বীট, ব্যৱসায়িক প্লেন, মুনাফা, মেনেজমেণ্টৰ দক্ষতাআদি |

(আগলৈ)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!