বিহপুৰীয়াৰ বিধায়কলৈ এখন মুকলি চিঠি (অপূর্ব জোনাক দত্ত)

 
প্রতি মাননীয়
ভূপেন কুমাৰ বৰা ডাঙৰীয়া
বিধায়ক, বিহপুৰীয়া ৷

শ্রদ্ধা গ্রহণ কৰিব৷ প্রথমে আপোনাৰ সুস্বাস্থ্য আৰু দীর্ঘায়ু কামনা কৰিছো৷ আশা কৰিছো অনাগত দিনত আপোনাৰ নেতৃত্বত অকল বিহপুৰীয়াই নহয় সমগ্র তেজপুৰ লোকসভা সমষ্টিৰ লগতে অসমখনো উন্নতিৰ শিখৰলৈ আগুৱাই যাওক৷ সন্মানীয় বিধায়ক ডাঙৰীয়া, আমি অসমবাসীয়ে ইতিমধ্যেই আপোনাৰ সৈতে পৰিচিত৷ অসম বিধান সভাৰ শ্রেষ্ট বিধায়ক ৰূপে পোৱা স্বীকৃতিয়ে বিহপুৰীয়াবাসীক যথেষ্ঠ উৎসাহিত কৰাৰ লগতে আপোনাৰ পৰা তেওঁলোকেও বহু আশা কৰিছিল৷ নাজানো আপুনি তেওঁলোকক কিমান সন্তুষ্ট কৰিব পাৰিছে কিন্তু আজি মই বিহপুৰীয়া সমষ্টিৰ বহু কেইজন মানুহৰ মনত সেই উৎসাহ, সেই সন্তুষ্টিৰ হাঁহি দেখিবলৈ নাপালো৷ সন্মানীয় বিধায়ক ডাঙৰীয়া, কালিৰ পৰা মই আপোনাৰ সমষ্টিৰ বাসিন্দা হৈ আছো৷ আপোনাৰ সমষ্টিৰ কোনো তথ্য উদঘাটন কৰিবলৈ নহয়, মাত্র ব্রহ্মপুত্রৰ উত্তৰ পাৰ চাবলৈহে ইয়াত উপস্থিত হৈছোহি৷ বিধায়ক ডাঙৰীয়া, আজি বৰ অসম একত্রিত কৰি ৰাখিবলৈ চেষ্টা কৰা মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীলৈ ঢাপলি মেলিলো৷ গৈয়ে এটা বৃহৎ প্রশ্নৰ সম্মুখীন হ’লো৷ এজন মহাপুৰুষ, দুখনকৈ জন্মস্থান৷ এয়া জানো সম্ভৱ৷ কিন্তু কিয়, কিয় ভক্ত সকলক বিপথে পৰি‍চালিত কৰিছে৷ এই ক্ষেত্রত আপোনাৰ হস্তক্ষেপৰ প্রয়োজনবোধ কৰিছো৷ বিধায়ক ডাঙৰীয়া, এই প্রশ্ন পিছলৈ এৰিছো বাৰু৷ এতিয়া আহো অন্য এক প্রসংগলৈ৷ বিধায়ক ডাঙৰীয়া, আপোনাৰ সমষ্টি বিহপুৰীয়াৰ মূল চহৰখনৰ মধ্য ভাগেৰে যোৱা পথছোৱাৰ অৱস্হাই তথৈবচ৷ বাকী কথা নকওঁ, নাৰায়ণপুৰ তিনিআলিৰ পৰা বিহপুৰীয়া হৈ লেটেকুপুখুৰীলৈ যোৱা পথচোৱালৈ এবাৰ মনত পেলাওকচোন৷ কেনেদৰে যাত্রীয়ে দুর্ভোগ ভুগিছে৷ ওখৰা-মোখৰা লগতে ধুলি আৰু ধুলি৷ অৱশ্যে অসমৰ আন আন সমষ্টিত দেখা মূল পথছোৱাতকৈ ইয়াৰ মূল পথটো সঁচাই ভাবিব লগীয়া৷ এই ক্ষেত্রত আপুনি কেনে ভুমিকা পালন কৰিছে সেইয়া সমষ্টিবাসীৰ জ্ঞাত৷ আমি এদিনীয়া আলহী, এদিনতে যাত্রাৰ তিতা কেঁহা অভিজ্ঞতাৰে পুষ্ট হ’লো৷ কিন্তু তাৰ বিপৰীতে বিহপুৰীয়াবাসী এই ক্ষেত্রত অভ্যস্ত হ’ল৷ যি কি নহওক আপোনাক এনেকৈয়ে জ্ঞাত কৰাৰ বাবে দুখি‍ত৷ আশা কৰিছো পুনৰ লখিমপুৰলৈ আহিলে একেখন ছবি যাতে দেখিবলৈ নাপাওঁ৷

শেষত আপোনাৰ ওপৰত সম্পূর্ণ আস্হা ৰাখি এই টোকাটো সামৰিলো৷
ধন্যবাদেৰে
অপূর্ব জোনাক দত্ত

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!