বিহুটিত মোৰ মৰমৰ ভাষা (প্রিন্স গোস্বামী)

জুবিন গাৰ্গ নৱপ্ৰজন্মৰ হাৰ্টথ্ৰ’ৱ৷ তেওঁ কেৱল নৱপ্ৰজন্মৰ নহয় অসমৰ সকলো শ্ৰেণীৰ লোকৰ হিয়াৰ আমঠু৷ কাৰণ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে শুনিব পৰা সকলো ধৰণৰ গানতেই তেওঁৰ বিচক্ষণতা অপাৰ৷ সন্মান কৰোঁ৷ সন্মান সকলো শিল্পীকে সমানেই কৰোঁ৷ শিল্পীয়ে সৃষ্টি কৰে সৌন্দৰ্য্যৰ৷ ভগৱানে তেওঁক বহু গুণৰ অধিকাৰী বনাইছে৷ তেখেতৰ দৰদী সুৰত অসমীয়া গীত এশাৰী শুনাৰ লগে লগে গাৰ নোম শিয়ঁৰি উঠে; বুকুৰ ভিতৰেদি বৈ যায় এক অজান অনুভূতি৷শান্তি কেৱল শান্তি৷ বৰ্তমান গোলকীকৰণৰ যুগত সমগ্ৰ বিশ্বতে তেওঁৰ জনপ্ৰিয়তা বাঢ়িছে৷ বিশেষকৈ অসমীয়া সকলৰ মাজত৷ তেওঁৰ লগে লগে আৰু ১০জন শিল্পী অসমত ওলাওক৷ সকলোকে আমি আদৰিম, হিয়াৰ আমঠু কৰি ৰাখিম৷ জগতত জিলিকাই তোলক অসম আৰু অসমীয়াক৷ শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গ দেৱৰ ২০ হাজাৰমান অসমীয়া তথা বিভিন্ন ভাষাৰ গীত আছে৷ দিনে দিনে ভালৰ ওপৰত ভাল গান ওলাই আছে৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বাদ্যযন্ত্ৰও অসমীয়া গানত ব্যৱহাৰ কৰিছে৷ কোনো কম নাই অসমীয়া গানত৷ পুৰণাৰ পৰা নতুনলৈকে বচা বচা অসমীয়া গান সমূহ গাবলৈ এৰাতিৰ মঞ্চখন, পৰিবেশন কৰিবৰ বাবে একোৱেই নহয়৷ পুৰণাৰ পৰা নতুনলৈ বিভিন্ন গায়কৰ সুন্দৰ গানসমূহ এনে এজন মহান খ্যাতনামা শিল্পীৰ পৰা শুনিবলৈ পাম, ইয়াতকৈ আৰু সৌভাগ্য বিহুৰ বতৰত কি হ’ব পাৰে? সেয়ে গায়ক-গায়িকাসকলক চিঞৰি চিঞৰি ক’বলৈ মন গৈছে “অসমীয়া গানসমূহ গাই গাই মঞ্চ তাল-ফাল লগাই দিয়ক না; চৌদিশে ৰজনজনাই যাওক অসমীয়াৰ বিহু; অসমীয়া গায়কৰ সৰলতা৷যাতে অহা বিহুলৈকে আপোনাসৱে গোৱা গান কাণত বাজি থাকে৷”
হিন্দী গান ভাল পাওঁ আৰু বিশ্বত হিন্দীগীতৰ জনপ্ৰিয়তা অলেখ৷ ঠাই বিশেষে অসম আৰু অসমৰ বাহিৰতো হিন্দী ভাষাৰ প্ৰয়োজন অত্যাধিক, ৰাষ্ট্ৰভাষা স্বীকৃতিপ্ৰাপ্ত নহ’লেও৷হিন্দীভাষাৰ গীত গোৱাৰ বাবে বহুতো উৎসৱ আৰু মঞ্চ আছে ভাৰতৰ বিভিন্ন প্ৰান্তত৷ কিন্তু এটা জাতীয় উৎসৱত আঞ্চলিক ভাষা ব্যৱহাৰ কৰাৰ স্বকীয়তাই অতুলনীয়৷ প্ৰায়ে দেখা যায় আমি আনৰটোক ভাল দেখোঁ আৰু মৰম কৰোঁ, যাৰ বাবে নিজৰটোলৈপাহৰি যাওঁ; পিছতহে দুঃখ কৰোঁ৷ আমি কিয় হিন্দী ভাষাৰ পিছত লাগি আছোঁ? আমাৰ লগতে থকা ভাই-ভনীসকলক আমি আৰু অলপ আপোন কৰি ল’ব পাৰোঁ৷ বড়ো-কাৰ্বি-মিচিং-ডিমাচা-দেউৰী-চাহ-বাগানীয়া… আদি ইমান সুন্দৰ ভাষাৰ লোকসকল আমাৰ মাজত আছে৷ নতুন শব্দ-নতুন সুৰ পাম৷
সৰু কাহিনী এটা কওঁ৷ চাকৰি সূত্ৰে মই ডোহাত থাকোঁ৷ মোৰ থকা ঠাইৰ পৰা ৫০কিমি মান দূৰত QNCC(Qatar National Convention Centre, যিটো সমগ্ৰ এছিয়াতে বিখ্যাত) প্ৰেক্ষাগৃহত যোৱা ২০১৩ চনৰ অক্টোবৰত আহিছিল শ্ৰদ্ধাৰ য়েছুদাস(Kattassery Joseph Yesudas)৷ টিকটৰ মূল্য নূন্যতম ১০০ কাটাৰী ৰিয়াল (১৭০০টকা)৷ বলীউদৰ কেইবাটাও জনপ্ৰিয় গীতত তেখেতে কণ্ঠনিগৰাইছিল৷ তেখেতে নেপথ্যকণ্ঠশিল্পী হিচাপে ৭ বাৰ ৰাষ্ট্ৰীয় আৰু ৪৩ বাৰ ৰাজ্যিক সন্মান পোৱাৰ উপৰিও “পদ্মশ্ৰী” আৰু “পদ্মভূষণ” সন্মান পাইছে ভাৰত চৰকাৰৰ পৰা৷ ৫০,০০০ৰ ওপৰত গীতত কণ্ঠদান কৰিছে৷ তাত বিভিন্ন দেশৰ, বিভিন্ন ভাষিক ৰাইজ উপস্থিত আছিল৷ মোৰ আৰু দুজন অসমীয়া বন্ধু গৈছিল তালৈ; কিন্তু দুৰ্ভাগ্যবশতঃ অনুষ্ঠান উপভোগ কৰোঁতে লগ নাপালোঁ, ওলাই আহিহে লগ পালোঁ৷ তাত থকা ৪ ঘন্টা সময় কেনেদৰে পাৰ হৈ গল গমেই নাপালোঁ৷ আমি পিছত আলোচনাকৰিলোঁ, কিমান ভাল লাগিল তেওঁৰ অনুষ্ঠান৷ তেওঁ মাত্ৰ এটা হিন্দী আৰু এটা আৰবী গান গালে৷ বাকী সকলো গানেই দক্ষিণ ভাৰতীয়৷ এটা শব্দও বুজি নাপালোঁ৷ কিন্তু তেওঁ সংগীতৰ মাজে মাজে কাহিনীটোও কৈ গৈ আছিল৷ তেওঁৰ গায়ন শৈলী, প্ৰকাশ ভঙ্গী, বাদ্যযন্ত্ৰৰ ব্যৱহাৰ,.. এইবোৰতেই আপ্লুত হৈছিলোঁ৷ তেওঁ ব্যৱহাৰ কৰা থলুৱা বাদ্যযন্ত্ৰই অনুষ্ঠানক এক অনন্য মাত্ৰা দিছিল৷ বিভিন্ন বাদ্য যন্ত্ৰীসকলৰ লগত ধীৰে-সুস্থিৰে চিনাকি কৰি দিছিল৷ বলিউদী সংগীতৰ সলনি এনেধৰণৰ অগতানুগতিক সংগীত শুনাৰ বাবে গায়কজনক অশেষ ধন্যবাদ দিছিলোঁ৷ আচলতে মই তাত আশা কৰি যোৱা নাই এটা হিন্দী গান পালেহে ভাল পাম বুলি৷ গায়কজনে বহন কৰা জাতিৰ স্বকীয়তা ৰক্ষা কৰা দেখি নথৈ আনন্দিত হৈছিলোঁ৷
অসমী আইক লৈ আমি সদায় গৌৰৱ কৰিব লাগিব৷ তাৰ বাবে আন কোনোৱে আমাক অহংকাৰী, গোড়া-অসমীয়া নাইবা অত্যাধিক জাত্যভিমানী নোবোলক কিয়? কিন্তু ইয়াৰ মানে এইটো নহয় যে আমি ভাৰতীয় হিচাপে গৌৰৱ নকৰোঁ৷ আমি কোনো হিন্দী বা ইংলিছ গানৰ বিৰোধী নহওঁ; কিয়নো দৈনন্দিন বিভিন্ন ভাষাৰ গান শুনোঁ, অসমীয়াৰ বাহিৰে বেলেগ ভাষাত ভাৱ বিনিময় কৰোঁ৷ কিন্তু বিহুটি আমাৰ মৰম-চেনেহ-একতাৰ প্ৰতীক য’ত জ্যেষ্ঠ-কণিষ্ঠ সকলোকে সন্মান-আদৰ কৰোঁ৷ নিজস্ব বুলি ক’বলৈ বাপতি সাহোন বিহুটিয়েইআছেগৈ; তাক সজাবলৈ অসমীয়া গীত মাতৰ নিশ্চিতভাৱে অভাৱ হোৱা নাই৷ জুবিন গাৰ্গৰ দৰে এজন মহান অন্তৰৰ বিশেষজ্ঞ শিল্পীয়ে আশা কৰিছোঁ এই বহাগত সকলো অসমীয়া লোকক যেন তেওঁৰ যুগান্তকাৰী সংগীতেৰে মোহিত কৰক; লগতে আদৰ্শৱান হৈ পৰক সাংস্কৃতিক পৰিধিৰ মাজত থকা কলা কুশলীৰ মাজত আৰু তেখেতৰ গীতত যেন অসমৰ মান, স্বকীয় বৈশিষ্ট্য, জাত্যাভিমান প্ৰস্ফুটিত হওঁক৷ অনাগত দিনবোৰত সকলোৰে মংগল হওঁক –তাৰেই কামনাৰে৷
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!