বিহুৰ গোন্ধ থকা পাঁচটা পালমৰা পদ্য (ঈশানজ্যোতি বৰা)

বিহুৰ গোন্ধ থকা পাচটা পালমৰা পদ্য
ঈশানজ্যোতি বৰা
(১)

বিহুবলীয়া ডেকাই বিহু পাতে আহাৰ-শাওন মাহত,
আৰ্টিষ্টক আনি বহুৱাই থয় লাক্সাৰিয়াছ কাৰত,
নিশা ১বজাত গান গায়,
ঘনে ঘনে পানী টোপা খায়,
ককা-আইতা টোপনি যায় সিহঁতৰ মিঠা মাতত ৷

(২)

গড়গাঁওৰ সৰুপোনাই পিন্ধিব নাজানে ধুতি,
এটা খোজ দিওঁতেই সি খালে উজুটি
পিন্ধি ল’লে থ্ৰি-কোৱাৰ্টাৰ,
উদং দেহাত এটা ছুৱেটাৰ,
মনেশ্বৰ গাঁওবুঢ়াই তাকে দেখি ধৰিলে উগ্ৰমূৰ্ত্তি ৷

(৩)

বিহুৰ নামত দাদাহতে বিচাৰে বহুত চান্দা,
দামী শিল্পী নহ’লে বিহুমঞ্চই ঠাণ্ডা
ৰছিদ থাকে পকেটত,
চানগ্লাছ পিন্ধে কপালত,
দিনে-ৰাতিয়ে কেৱল কৰে ইজি-মানীৰ ধান্দা ৷

(৪)

গৰু বিহুৰ দিনা জলপান খাই পেট বিষাল মোৰ,
বৰবজাৰৰ পৰা কিনি আনিছিলোঁ ২০ টকাত গুৰ,
খাই দিলোঁ হজমোলা,
লগত দুটা ৰচগোলা,
পাঁচ মিনিটতে উভটাই পালোঁ ভীমৰ সমান জোৰ ৷

(৫)
সোমেশ্বৰ দাইটিৰ গৰু চুৰ হ’ল গৰু বিহুৰ গধূলি,
টোপনি মাৰি থকা দাইটিয়ে গম নাপালে সমূলি,
মালতীৰ লাগিছে দুখ,
ৰঙালীটো নহ’ল সুখ,
লালচাহ আৰু বিস্কুট খুৱাই খেদিলে বিহুৰ আলহী ৷

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!