বিহু বিষয়ক কেইটিমান তথ্য : নিতুল বৰা (সংগ্ৰহ)

বাপতি-সাহোন ৰঙালী বিহুটি পালেহি। সেয়ে ৰাইজলৈ বুলি এই চেগতে বিহু বিষয়ক কেইটিমান তথ্য সংগ্ৰহ কৰি আগবঢ়ালোঁ। আশা কৰোঁ ৰাইজ উপকৃত হ’ব।

 

১) ৰঙালীৰ সাত বিহুৰ নামবোৰ :-

গৰুবিহু, মানুহ বিহু, গোঁসাই বহু বা হাত বিহু, চেনেহী বিহু, ৰঙালী বিহু, চেৰা বিহু বা এৰা বিহু, ৰাতি বিহু।

 

২) ৰঙালী বিহুৰ সাত দিনত গোৱা হুঁচৰিৰ ভাগ দুটা :- ক) হুঁচৰি খোলা আৰু খ) বিহুতলী নাচ বা যোজনা নাচ।

 

৩) আকৌ হুঁচৰিৰ প্ৰতি দলত এজন গুৰি ধৰোঁতা থাকে, তেওঁক বাৰিক বোলা হয়।

 

৪) গামোচাৰ বিভিন্ন নামবোৰ :-

পানী গামোচা, তিয়নি গামোচা, ফুটুকী গামোচা, কমৰবন্ধ গামোচা, ফুলাম গামোচা।

 

৫) বিভিন্ন প্ৰকাৰৰ জাপিৰ নামবোৰ :-

বৰদৈয়া, সৰুদৈয়া, লাই-লিঙিয়া, টুপী, হালোৱা, দাং, বৰৈ লগা, জৰু লগা জাপি।

 

৬) বিহুৰ পতাকা উত্তোলনৰ সময়ত পৰিবেশন কৰা গীতটো :- “শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে উছৱৰ মধু আলোড়ন”- এই গীতটোৰ কথা আৰু সুৰ – পুৰুষোত্তম দাস।

 

৭) দুইবিধ গগনাৰ নাম :- ৰামধন গগনা আৰু লাহৰী গগনা।

 

৮) ঢোলৰ প্ৰধান অংশ সমূহৰ নাম :- কাঁঠৰ খোলা, কাটনী, ফৰিং, মলুৱা, কোবনি, কুৰল, ফৰিঙা পুলি আৰু বৰটি।

 

৯) সুতুলি তিনি প্ৰাকৰৰ :- বটল সুতুলি, পিঠা সুতুলি আৰু পক্ষী সুতুলি।

 

১০) খোপাৰ নাম :- নেঘেৰী খোপা আৰু কলডিলিয়া খোপা।

 

১১) ৰাতিবিহুৰ ৰাতি ডেকা-গাভৰু সকলে সুকীয়াকৈ দুটা দলত বিভক্ত হৈ বিহু মাৰে। ডেকা দলৰ মুখিয়াল জনক ডেকাবৰা আৰু গাভৰু দলৰ মুখিয়াল গৰাকীক গাভৰুবৰা বোলা হয়।

 

১২) তাঁত-শালত ব্যৱহাৰ হোৱা সঁজুলি সমূহৰ নাম :- চালিমাৰি, টোলোঠা, গৰকা, নাচনী, শ্ৰী, শলি, ফুলকাঁঠি, পুতল, গেজেং, মাকোঁ, ব, চুঙা, ৰাঁছ, মহুঁৰা, চেৰেকি, লেটা, উঘা, যঁতৰ, ঘুৰ্ঘূৰি, আঁচুসূতা, বাৰণীয়া সূতা, লেধিয়ন সূতা আদি।

 

১৩) গৰুৰ পঘা তৈয়াৰ কৰাত ব্যৱহাৰ হোৱা বস্তুবোৰৰ নাম :- তৰা, মৰাপাট, গুণমাৰি।

এইবোৰৰ পৰা তৈয়াৰ কৰা গৰুৰ প্ৰয়োজনীয় সামগ্ৰী সমূহ হ’ল পঘা, এগুণীয়া পঘা, তিনিগুণীয়া পঘা, নাকি, গলপটা, মৰাপাটৰ মোখোৰা, এৰাল, মৈ-জৰী আদি।

 

১৪) বিহুৰ কেইদিনত আখলত গৃহিণীসকলে তৈয়াৰ কৰা পিঠাপনাৰ নাম :- তিলপিঠা, নাৰিকল পিঠা, ঘিলা পিঠা, সুতুলি পিঠা, ৰস্কৰা, পকামিঠৈ, টেকেলী পিঠা, চুঙাপিঠা, পানী পিঠা, সান্দহ, আখৈ, মুৰি, বকুলবৰা ধানৰ চিৰা আদি।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!