বিয়াঘৰ (প্ৰতিম প্ৰতাপ বৰুৱা)

 

দৰজাখন দুফালকৈ খুলি অপূৰ্ব খৰধৰকৈ মোৰ অকলশৰীয়া একোঠালীয়া ঘৰটোলৈ সোমাই আহিল । নতুনকৈ চাকৰি লৈ গাঁও যেন লগা এই সৰু চহৰখনত থিতাপি লোৱা মোৰ এবছৰ হোৱাই নাই । নতুনকৈ হোৱা বন্ধুকেইজনৰ মাজত অপূৰ্ব অন্যতম ।  মাক-বাপেকৰ এটিয়ে ল’ৰা ।  গ্ৰেজুৱেট হৈ বহুতদিন ঘৰতে বহি আছিল সি ।  কেইমাহমান আগতে পুলিচত চাকৰি পাই, ট্ৰেইনিং কৰি আহি, নিজৰ চহৰখনতে কনিষ্টবল হৈছেহি ।  মোৰ ঘৰত সোমায়েই ক’লে – “অ’ই, কি কৰি আছ’ ?” মই বোলো – “আহ্ আহ‌্, বহ ।  চাইকেলখন তলা মাৰি থৈ আহিছনে ?”  সি ক’লে – “বাদ দে তলা চলা ।  মই ডাঙৰ কাম এটা কৰিলোঁ । কালি ৰাতি জেউতীক পলুৱাই আনিলোঁ ।  ভিনদেউৰ ঘৰত ৰাতিটো থাকি এতিয়া তোৰ ওচৰলৈ আহিছোঁ ।  ঘৰত দেউতা গৰম হৈ আছে ।  তই কি কৰিব পাৰ কৰ ।”  তাৰ কথা শুনি চক খাই উঠিলোঁ । এবাৰ বিড়ি খাই ধৰা পৰোঁতে দেউতাকে তাক গুৰুলা-গুৰুলকৈ পিটিছিল বুলি সি এদিন নিজেই কৈছিল, কথাষাৰ মনত পৰি গ’ল । মই ক’লোঁ – “হে ভগৱান ! কি ক’লি ?  জেউতী মানে…” ।  সি ক’লে – “অ’ সেইজনীয়েই ।  তোক যে কৈছিলোঁ, সেই এল পি স্কুলত চাকৰি কৰে যে ।  তাইৰ ঘৰত দিগদাৰি নাই,  মোৰহে দিগদাৰ ।  ৰাতিপুৱাই ভিনদেউ আমাৰ ঘৰলৈ গৈছিল,  দেউতাই মোক পালে কাটিম বুলি কৈছে হেনো ।  এতিয়া তই কিবা এটা কৰ ।  মই ঘৰো এৰিব নোৱাৰোঁ,  জেউতীকো এৰিব নোৱাৰোঁ” – কথাষাৰ কওঁতে তাৰ চকু চলচলীয়া হ’ল ।  মই ক’লোঁ – “ৰ’চোন, ভাবিবলৈ দে ।  কৰিম কিবা এটা ।  ব’ল নহ’লে,  দুইটা তহঁতৰ ঘৰলৈ যাওঁ ।”  সি হাত-ভৰি জোকাৰি ক’লে – “নাই নাই, মই নাযাওঁ,  তই যা ।”  তাক পঠিয়াই মই ওলালোঁ সিহঁতৰ ঘৰলৈ । চাইকেলখন ঘূৰাই সিহঁতৰ জেওৰাত আওঁজাই থলোঁ যাতে কেনেবাকৈ পলাব লগা হ’লে লাফ মাৰি উঠি পলাব পাৰোঁ ।  ঘৰখনত থম থম পৰিৱেশ ।  মই গলখাকৰী এটা মাৰি সোমাই যাওঁতেই অপূৰ্বৰ মাক- দেউতাক দুয়ো ওলাই আহিল ।  “দাইটি ভালনে” – মোৰ মাতষাৰ শুনিয়ে দাইটি গৰম হ’লেই – “কিহৰ ভাল অ’, কিহৰ ভাল ।  দেখা নাই, এটাই মিৰি এজনী আনি মোৰ নাক-কাণ কাটিছে । ঘৰ সোমাবলৈ নিদিওঁ তাক মই  আৰু তোক আগতেই কৈ দিছোঁ তাৰ হৈ ওকালতি কৰিবলৈ নাহিবি ।  তোৰো পিঠি ফালিম বাপ্পেৰে ।”  দাইটিৰ খং দেখি মই মুখেৰে একো নকৈ টুল এখনত বহি ল’লোঁ ।  চিন্তা কৰিছোঁ কি কোৱা যায় ।  লাহকৈ বৌটিক ক’লোঁ – “এতিয়া যি হ’ল, হ’ল আৰু ।  সেইবুলি ল’ৰাটো এৰি দিব নোৱাৰি নহয় ।  তাক এৰি আপোনালোকে থাকিব পাৰিব জানো ?”  মোৰ কথাষাৰ শেষ নহ’লেই, দাইটিয়ে ক’লে – “সেইবুলি মই মিৰি এজনীক বোৱাৰী কৰিব নোৱাৰোঁ ।  ক’ত মৰে মৰকগৈ,  ঘৰ সোমাব নোৱাৰে সি ।” এইবাৰ মই পোনে পোনে দাইটিক অলপ টানকৈয়ে ধৰিলোঁ – “এ কিনো মিৰি মিৰি কৰি থাকে ।  মিৰি, আহোম এইবোৰ কি কথানো ?  চব একে মানুহহে ।  আৰু কুকুৰ-শৄগাল-গদৰ্ভৰো আত্মা ৰাম বুলি আপোনালোকে নিজে নামঘৰত গাই থাকে দেখোন ।  গায় নে নাগায় ?”  দাইটি অলপ মনে মনে ৰোৱা দেখি মই আকৌ আৰম্ভ কৰিলোঁ – “আপোনালোকে এৰি দিলে অপূৰ্বই কি কৰিব ?  টাউনত ভাৰা ঘৰ লৈ থাকিব । মানুহে কাক বেয়া বুলিব ? আপোনালোকক ! আৰু আপোনালোকে সিহঁতহালক এৰি থাকিব পাৰিব ?  ভাত খাব পাৰিব, ৰাতি শুব পাৰিব ?  পাৰিবনে নোৱাৰে ?”  কথা শুনি বৌটিয়ে কান্দিয়ে দিলে । মই নৰ’লোঁ, আকৌ আৰম্ভ কৰিলোঁ – “আৰু মিচিং ছোৱালী হ’ল পিছে কি হ’ল ?  তাইক মই দেখিছোঁ – যিহে ধুনীয়া, আপোনালোকৰ ঘৰখন জিলিকি থাকিব ।  ইফালে চাকৰিও কৰে । বোৱাৰীয়েক মাষ্টৰনী বুলি সন্মানটো কাৰ বাঢ়িব ?  আপোনালোকৰহে বাঢ়িব ! দিচাংমুখত মিতিৰ এঘৰ হৈছে ভালহে হৈছে । গৈ পাইছে নে কেতিয়াবা দিচাংমুখলৈ ?”  অলপ সময় মনে মনে থাকি দাইটিয়ে ক’লে – “সেইবুলি একো নিয়ম চিয়ম নকৰাকৈ কেনেকৈ আনো ছোৱালীজনী ?”  হঠাৎ পৰিৱেশটো সুখৰ হৈ পৰিল ।  মই ক’লোঁ – “কৰক আক’ কি কি নিয়ম কৰিব খুজিছে ।  খং কৰি লাভ নাই ।  অপূৰ্বই একো বেয়া কাম কৰা নাই ।  লগৰ ভকত দুজনমানক মাতি কথাটো পাতক ।  মই এতিয়া যাওঁ ।  জেউতী ভিনদেউহঁতৰ ঘৰতে থাকক এতিয়া, অপূৰ্বক এইকেইদিন ময়ে ৰাখিম ।”  বৌটিয়ে ক’লে – “নাযাবি ৰ’ ।  জলপান এটা খাই যা ।” দাইটিয়েও ক’লে – “জলপান খাই যাবি আৰু এটা কাম কৰিবি ।  যাওঁতে সেই সিমূৰৰ নন্দক মই মাতিছোঁ বুলি ক’বি ।  সি আকৌ  আজিকালি বিয়াঘৰৰ ৰভা দিয়া কামটো কৰে ।”……….

 

One thought on “বিয়াঘৰ (প্ৰতিম প্ৰতাপ বৰুৱা)

  • November 16, 2011 at 4:36 pm
    Permalink

    আপোনাৰ এই উচ্চ মানদণ্ডৰ চিন্তা-ধাৰাৰ লিখনিটোৰ বাবে আপুনি ধন্যবাদৰ পাত্ৰ । এনে উৎসাহজনক লিখনিবোৰে আমাৰ সমাজ-খনৰ ভেদা-ভেদ বোৰ কিঞ্চিত হ‘লেও আতঁৰাবলৈ সমৰ্থ হ‘ব বুলি মোৰ দৃঢ় বিশ্বাস ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!