বিয়া খোৱাৰ মজা-অসীম বৰা

 বিয়া বুলি ক’লেই সকলোৰে মন ৰাইজাই কৰে৷ কি পিন্ধি যাব? কাৰ লগত চিনাকি হ’ব ইত্যাদি ইত্যাদি৷

অমুকাৰ হ’লে সেইবোৰৰ প্ৰতি বৰ মন কাণ সৰুৰ পৰাই নায়৷ অমুকাৰ ধান্দা খোৱা বোৱাত হে থাকে৷
বিয়া মাতিবলৈ আহোতেই “খানা কি খুৱাবি” বুলি সাধাৰণতে সোধোৱেই৷ চেঙেলীয়া বয়সত অচিনাকি নমতা বিয়া খোৱাৰো অভিজ্ঞতা বহুতেই আছে৷ আচলতে মোৰ মতে মাত কথানো কি? খোৱা বোৱাহে মেইন৷

কৰ্মসূত্ৰে আহি নতুন ঠাইত ভৰি দিয়াৰ ছমাহমান হৈছেহে৷ এনেতে নতুনকৈ চিনাকি হোৱা বন্ধু এজনে বিয়াৰ কাৰ্ড এখন দি ককায়েকৰ বিয়ালৈ নিমন্ত্ৰণ জনালে৷ বন্ধু মানে নলেগলে লগা বন্ধুও নহয়৷ পাণ দোকানৰ সন্মূখত আড্ডা দি থাকোতে চিনাকি হোৱা খন্তেকীয়া বন্ধু৷ তথাপি কাৰ্ডখন পায় ভাল লাগিল৷ অন্ততঃ জীৱনত প্ৰথমবাৰৰ বাবে বঙালী মানুহৰ বিয়া খাবলৈ পাম৷ ( বেণ্ড পাৰ্টি বজোৱা বঙালীমানুহৰ বিয়া বোৰ দেখি খাবলৈ বহুদিনৰ পৰায় তীব্ৰ আশা এটা আছিলেই গতিকে আৰু……)৷
কাৰ্ডখন আনি ভাৰাঘৰৰ দুৱাৰৰমুখত গজাল এটাতে ওলোমাই থলো৷ কিজানি তাৰিখটো পাহৰি যাওঁ৷ যদিওৱা পাহৰাৰ সম্ভাৱনা পইণ্ট জিৰো জিৰো ৱান পাৰ্চেণ্ট হে আছিল ( তথাপি সেইকন ৰিস্ক লোৱাৰ নো কি প্ৰয়োজন)৷
নিৰ্দিষ্ট দিনা সন্ধিয়া আন এটা বন্ধুৰ লগত ওলালো৷
গিফ্টৰ দোকান এখনৰ পৰা প্ৰেজেণ্ট এটা ল’লো৷ নকলেও হব প্ৰেজেণ্টটো অন্ততঃ অমুকাই লোকচান ভৰি নিকিনে৷ কিছু সময়ৰ পাছতেই বিবাহ ভৱনত হাজিৰ৷ বন্ধুৱে গেটৰ মুখতে সকলোকে আঁদৰিছে৷ আমাকো মাত এষাৰ দি ভিতৰত বহিবলৈ ক’লে৷ গৈ গ্ৰাউণ্ড ফ্লৰতে বহিলোগৈ৷ য’ত দৰা-কইনা ধুনীয়াকৈ ফুলেৰে সজোৱা সিংহাসন টাইপৰ চকী এখনত বহি আছো৷ আৰু কোনো কোনোৱে গৈ প্ৰেজেণ্ট দিছে৷ চেলফি লৈছে৷
আমি কাকো চিনি নাপাওঁ৷ গতিকে দুয়োটাই নিজৰ মাজতে মোবাইল টিপি টিপি কথা পাতি আছো৷ এনেতে আগফালৰ পৰা কোট – চ্যুট পিন্ধা অফিচাৰ টাইপৰ মানুহ এজনে মাত লগালে “ভালনে চাৰ, কেতিয়া আহিলে?
ড্ৰেচ পোচাকত কিবা অফিচাৰ যেন লগা মানুহজনক খপজপকৈ উত্তৰ দিলো“ ভালেই, এই জাষ্ট আহিলো৷ আপোনাৰ ভালনে চাৰ৷”
মানুহজন আঁতৰি গ’লত চিন্তা কৰি লগৰটোক “ক’ত বা লগ পাইছিলো মানুহজনক৷ কোন অফিচত কৰে বাৰু?”
লগৰটোৱে খঙেৰে উত্তৰ দিলে “ধেৎ চালা, সেইটো শ্যামলৰ দোকানৰ ওচৰৰ চানা বেপাৰীটো নহয়৷ আমি যে চাকনা বনাই আনো”
“অ’টো এইটো সেই চানা বেপাৰীটোহে৷”

তাৰ পাছত প্ৰেজেণ্টটো দৰা-কইনাক এতিয়াই দিওঁ নে পাছত লগৰটোৰ হাতত দিওঁ তাকে ভাবি থাকোতেই বগা চোলা, ক’লা পেণ্ট, টাই পিন্ধা, “কেটাৰিং পাৰ্টীৰ” ল’ৰা এটা আহি ক’লে৷ চাৰ ওপৰলৈ আহক খানা খাই লওকহি আহক৷”
ওহঃ ৰক্ষা৷ এতিয়াহে আচল জেগাত আহিছে৷ ততাতৈয়াকৈ প্ৰেজেণ্টটো জেকেটৰ ভিতৰত সুমুৱাই চিৰিয়েদি প্ৰথম মহলা পালোগৈ৷ ওপৰ পাওতেই মলমলীয়া মচলাৰ গোন্ধ নাকত লাগিল৷
বেচিনত হাত ধুই আওহতীয়া চুকৰ টেবুল এখনত বহিলো৷ অলপ লাজৰো কথা আছে৷ তাৰ পাছত ডিচ পাৰি গ’ল এটাই৷ পাছে পাছে ভাত দিলেহি আন এটাই৷ আইঐ যিকেইটাহে ভাত দিছে, মাথা টিঙিছ কৰি গ’ল৷ বোলো “ঐ ভাইটি একেবাৰে দি যোৱা আকৌ বাৰে বাৰে দিব নালাগে।”
অলপ বিৰক্তিৰ হাঁহি এটা মাৰি তিনিবাৰ মানত ডিচখন ফুল কৰি গ’ল৷ এটাই দাইল অলপো দি গ’ল৷
তাৰ পাছত আহিল ৰঙালাও, পটল, আলু, বিন ভাজি৷ কমাই দিবি বুলি ক’লো৷
নেক্সট মটৰ-পনিৰ৷ ধেইত বিয়াত মটৰ পনিৰ খাম নেকি? নালাগে বুলিলো৷ নিদিলে৷
এইবাৰ আহিল মুৰিঘণ্টা( নে মুৰিগন্দা? ) বোলা বিধ৷ টেষ্ট কৰো বুলি অলপ ললো৷
শুভ কামত বিলম্ব নকৰি আৰম্ভ কৰি দিলো৷ কেইগৰাহমান গিলাৰ পাছত চালো মাছ, মঙহ কিবা আহিছে নেকি?
নাই৷ অহাৰ লক্ষণো নাই চোন৷ বিলনীয়া কেইটাই ভাজি, দালি, ভাত লৈহে ঘূৰি ফুৰিছে৷
লগৰটোক চিগনেলত সুধিলো“ “ঐ হাড় – কাইট নাহিবই নেকি?”
“মুৰিঘণ্টা দিছে যেতিয়া মাছ আহিব” – তাৰ বিশেষজ্ঞৰ দৰে উত্তৰ৷
খায় আছো, খায় আছো এই শেষ হবলৈ দুগৰাহ মান থাকোতেই দেখিলো বাতি আহিছে৷ ৰৈ দিলো৷ মাছৰ জোল৷ সিহঁতৰ মতে ফিচ -কাৰী৷
হব অন্ততঃ কাইটটো আহিল৷ ঘপাঘপ ভাত কেইটাৰ লগত জোলকণ সানি মাছকণ খাই, দীঘলীয়া উগাৰ এটা মাৰি বেচিন পালোগৈ৷ হাত মূখ ধুই আহোতে দেখিলো মাসংৰ বাতি, পায়স ৰসগোল্লাৰ বাতি আহিছে৷
টিঙিছকৈ খঙতো উঠি আহিল৷ খুৱাব মন নাথাকিলে খুৱাব নালাগে এইবোৰ কিহৰ ধাপ্পাবাজী৷ মানুহ খায় উঠাৰ পাছত মাংস৷
মনতে ভোৰভোৰাই জেপৰ পৰা ৰজনীগন্ধা ৰপেকেট এটা উলিয়াই মিলাই মিলাই ডাইৰেক্ট বাহিৰ পালোহি৷ ৰজনীকন মূখত সুমোৱাই বাইকত বহোতেই দৰাৰ ভায়েকৰ মাত, “যোৱাই নেকি, খুৱাবোৱা হ’লনে?”
“খালো খালো এই ইমাৰজেঞ্চি ফোন এটা আহিছে, সেয়ে যাব লাগে” — বুলি কৈয়ে বাইক ষ্টাৰ্ট কৰি ৰূম পালোহি৷
অ’ পাহৰিছিলোৱেই৷ জেকেটৰ ভিতৰত উভটাই অনা প্ৰেজেণ্টটো সযতনে ড্ৰয়াৰৰ ভিতৰত ভৰাই থলো, ভৱিষ্যতে কামত আহিব বুলি৷ অৱশ্যে চাৰিবছৰ হ’ল সেইটো তেনেকৈয়ে সোমাই আছে৷

☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!