বুট-মাহৰ বৰাঃ মিতালী নাৰায়ণী

 

প্ৰণালী: তিয়াই থোৱা বুট-মগু (দেশী বুট/কাবুলী বুট, গোটা মগু/ফলা মগু) দুমুঠি, কেঁচা মটৰ এমুঠি, নৰসিংহ পাত পাঁচ-ছয়খিলা, কেঁচা জলকীয়া ৫/৬টা একেলগে মিক্সিত বা পটাত পিহি লওক৷ মিহি নহ’লেও কথা নাই৷ এতিয়া মিশ্ৰণটো বাচন এটাত উলিয়াই লৈ এক টেবুল চামোচ বেচন, মিহিকৈ কটা পিঁয়াজ (মজলীয়া ২টা) আৰু সোৱাদ অনুযায়ী নিমখ দি অকণমান পানীৰে সৈতে ভালদৰে মিহলাওক৷ কেৰাহীত তেল গৰম কৰি মিশ্ৰণটো চামোচেৰে অলপ অলপকৈ দিয়ক আৰু মধ্যমীয়া জুইত ভালদৰে ভাজক৷ ৰঙচুৱা হ’লে নমাই থওক আৰু চাহ/কফিৰ লগত পৰিবেশন কৰক৷■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!