বুদ্ধক দুচকু খুলি দিলোঁ (- জ্যোতিময় দত্ত )

পুৰণি নাদৰ কপি থকা পানীত ন-জোনে

মুখখন চাওঁতে

এন্ধাৰে ক’লা দাগ কাটি দিছিল চকুৱে-চকুৱে

 

ৰাতিৰ নগ্নতাই খুলি আছিল

স্বপ্নহাৰা বুকুৰ কাপোৰ

 

পোৰামাটিৰ দেৱালয়ত

মূৰ্তিৰ ভাও দিছিল ঈশ্বৰে

জ্বলি আছিল ৰঙা হৈ ভোকাতুৰ চকুবোৰ

 

শতিকাৰ সোঁতে সোঁতে গৈ আমি

হেৰুৱাই আছিলোঁ মিনাকৰা প্ৰাচীন দিন-ৰাতি

 

হেৰুৱাইছিলোঁ আমি সাঁচিপাতৰ পাঠ

আৰু

বুদ্ধক দুচকু খুলি দিছিলোঁ এটা এটাকৈ ।

One thought on “বুদ্ধক দুচকু খুলি দিলোঁ (- জ্যোতিময় দত্ত )

  • November 16, 2011 at 11:04 pm
    Permalink

    সুন্দৰ..!

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!