বৃন্দাবনৰ প্ৰেম (১) (প্ৰতিম প্ৰতাপ বৰুৱা)

বৃন্দাবনৰ প্ৰেম (১)

–      প্ৰতিম প্ৰতাপ বৰুৱা

“ইয়াত সিংহাসনত বহি আছা, বৃন্দাবনত ৰাধাৰ পিছে পিছে দৌৰি ফুৰা |ইয়াত ভক্ত আহে আশীৰ্বাদ বিচাৰি, বৃন্দাবনত প্ৰেমীৰ ঘৰৰ মাখন চুৰ কৰি খোৱা ।”

২০০৭ চনৰ অক্টোবৰ মাহৰ কোনোবা এটা দিনত এঠাইলৈ যাওঁতে এজন মানুহৰ লগত চিনাকি হৈছিলোঁ | কথাত কথা ওলাই তেওঁ ক’লে – “আমি কেইজনমানে প্ৰত্যেক মাহে এবাৰ গোবৰ্ধন পৰিক্ৰমা কৰিবলৈ যাওঁ” | অলপ কথা পতাৰ পিছ্ত মই ক’লোঁ এইবাৰ মোকো লৈ ব’লা | এনেকৈয়ে আৰম্ভ হ’ল মোৰ বৃন্দাবন-গোবৰ্ধন পৰিক্ৰমা যাত্ৰা | তেতিয়াৰ পৰা এতিয়ালৈকে প্ৰত্যেক মাহে এবাৰ, কেতিয়াবা দুবাৰ বৃন্দাবন-গোবৰ্ধনলৈ গৈ আছোঁ | দিল্লীৰ পৰা ১৫০ কি.মি. দূৰত্বত আছে বৃন্দাবন, তাৰ পৰা মাত্ৰ ৩০ কি.মি. দূৰত্বত আছে গিৰিৰাজ গোবৰ্ধন | এয়াই সেই গোবৰ্ধন পৰ্বত, যাক এদিন ভগবান শ্ৰীকৃষ্ণই নিজৰ আঙুলিত ধাৰণ কৰিছিল ব্ৰজভূমিক দেৱৰাজ ইন্দ্ৰৰ কোপদৄষ্টিৰ পৰা ৰক্ষা কৰিবলৈ | ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ সীমাত ৭ (সাত) ক্ৰোশ, অৰ্থাৎ ২১ (একৈছ) কি.মি. পৰিধিত ব্যাপ্ত হৈ আছে গিৰিৰাজ গোবৰ্ধন | একাদশী আৰু পূৰ্ণিমাৰ মাজত ভক্তসকলে এই পৰ্বতৰ চাৰিওফালে শুদা ভৰিৰে খোজকাঢ়ি পৰিক্ৰমা কৰে – আন সময়তো পৰিক্ৰমা হয়, কিন্তু এইখিনি সময়ত ভক্তৰ ভীৰ বেছি হয় | গৰমকালি ৰাতি আৰু জাৰকালি দিনত পৰিক্ৰমা কৰা হয় | প্ৰথম পৰিক্ৰমা আৰম্ভ কৰোঁতে আমাৰ দলটো সৰু আছিল – এতিয়া বাঢ়ি বাঢ়ি বহুত ডাঙৰ হৈছেগৈ – তিনিখন কোৱালিচ্ গাড়ীৰ দৰকাৰ হয় |বৃন্দাবনৰ এজন সন্তই মোক গিৰিৰাজ গোবৰ্ধনৰ কথা এনেকৈ কৈছিল – সীতা উদ্ধাৰৰ বাবে চলোৱা অভিযানত শ্ৰীৰামচন্দ্ৰই বানৰ বীৰ নল আৰু নীলৰ হতুৱাই সমুদ্ৰত সেতু বন্ধোৱাইছিল | সেই সময়ত শ্ৰীৰামচন্দ্ৰৰ নৰ-বানৰৰ বিশাল বাহিনীৰ সকলোৱেই বিভিন্ন ঠাইৰ পৰা বিভিন্ন আকৃতিৰ শিল আদি কঢ়িয়াই আনিছিল – সেতু বন্ধনৰ বাবে | তেতিয়াই বীৰ হনুমানে হিমালয়ৰ পৰা গিৰিৰাজ গোবৰ্ধনক উঠাই আনিছিল | কিন্তু আদবাটতে খবৰ আহিল যে সেতু সম্পূৰ্ণ হ’ল আৰু সকলো বীৰ সমুদ্ৰ তীৰত একগোট হ’ব লাগে | হনুমানে গোবৰ্ধনক আদবাটতে এৰি থৈ যাবলৈ ওলাওঁতে গিৰিৰাজে মাত দিলে – “বায়ুপুত্ৰ, তুমি মোক শ্ৰীৰামচন্দ্ৰৰ কামত লগাম বুলি আনিছিলা” | হনুমানে উত্তৰ দিলে – “ক্ষমা কৰিবা গিৰিৰাজ, কিন্তু এতিয়া মই নিৰুপায়”| এই কথা গম পাই শ্ৰীৰামচন্দ্ৰই গিৰিৰাজক বৰদান দিলে – “এতিয়া নহয় গিৰিৰাজ, কৄষ্ণ অৱতাৰত তুমি মোৰ কামত আহিবা | কৄষ্ণ অৱতাৰত মই তোমাক ধাৰণ কৰিম আৰু কলি যুগত ভক্তসকলে তোমাক মোৰ ৰূপত পূজা কৰিব, তোমাৰ পৰিক্ৰমা কৰিব”| গিৰিৰাজ গোবৰ্ধনৰ পৰিক্ৰমা সাধাৰণতে শ্ৰীদানঘাটি মন্দিৰ দৰ্শনেৰে আৰম্ভ হ্য় | যি পথেদি গোবৰ্ধন পৰ্বতৰ চাৰিওফালে ভক্তসকলে প্ৰদক্ষিণ কৰে সেয়া হ’ল পৰিক্ৰমা পথ | সম্পূৰ্ণ পৰিক্ৰমাটো দুটা ভাগত বিভক্ত – ডাঙৰ পৰিক্ৰমা (১২ কি.মি.) আৰু সৰু পৰিক্ৰমা (৯ কি.মি.) | প্ৰত্যেক বাৰেই পৰিক্ৰমা পথত অসংখ্য ভক্ত লগ পাওঁ | পথৰ সোঁহাতে গোবৰ্ধন পৰ্বত | বাটে বাটে ৰাধা-কৄষ্ণৰ আৰু গিৰিৰাজৰ মন্দিৰ | পৰিক্ৰমা পথেদি ৪ কি.মি. খোজ কঢ়াৰ পিছত সাক্ষী-গোপাল মন্দিৰ পোৱা যায় | এই মন্দিৰতেই আমি প্ৰথম বাৰ ৰওঁ | ইয়াৰ পিছত ‘পুঞ্জৰী-কা-লোথা’ হৈ পৰিক্ৰমা পথৰ ৮ কি.মি. দূৰত্বত আছে জাঠিপুৰা | ইয়াত আছে শ্ৰীমুখাৰবিন্দ মন্দিৰ | এই ঠাইতেই শ্ৰীকৄষ্ণই গোবৰ্ধন পৰ্বত হাতেৰে দাঙি ধৰিছিল আৰু নিজৰ আঙুলিত ধাৰণ কৰিছিল | এই ঠাইতেই গোবৰ্ধন পৰ্বতৰ ওপৰত আছে শ্ৰীনাথ মন্দিৰ | সৰু কিন্তু অতি সুন্দৰ এই মন্দিৰ | এই মন্দিৰৰ পৰা এটা সুৰংগ আৰম্ভ হৈ মেঁৱাৰৰ (ৰাজস্থান) শ্ৰীনাথদ্বাৰা মন্দিৰত শেষ হৈছেগৈ | শ্ৰীকৄষ্ণৰ এজন মহান ভক্ত সুৰদাসে আজিৰপৰা প্ৰায় ৫৫০ বছৰ আগতে এই মন্দিৰত আশ্ৰয় লৈছিল আৰু ইয়াতেই তেওঁ শ্ৰীকৃষ্ণৰ দৰ্শন পাইছিল | সুৰদাসে শ্ৰীকৄষ্ণৰ নামত ১ লাখ পদ ৰচনা কৰিম বুলি সংকল্প লৈছিল | এই মন্দিৰত বহিয়েই তেওঁ ১ লাখ পদ ৰচনাৰ কাম আৰম্ভ কৰিছিল | কিন্তু ৭৫ হাজাৰ পদ ৰচনা কৰাৰ পিছত সুৰদাসে অনন্ত ধামলৈ গতি কৰিলে | ভক্তৰ প্ৰ্তিজ্ঞা ৰক্ষা কৰাৰ ভাৰ নিজে লৈ শ্ৰীকৄষ্ণই নিজে বাকী থকা ২৫ হাজাৰ পদ ৰচনা কৰিছিল | সুৰদাসে ৰচনা কৰা পদখিনিত সুৰদাস নামটো আহে, উদাহৰণ – “মাইয়া ম’ৰী মে নেহি মাখন খায়ো” | শ্ৰীকৄষ্ণই সুৰদাসৰ নামত ৰচনা কৰা পদখিনিত সুৰশ্যাম নামটো আহে, উদাহৰণ – “মাইয়া ম’ৰী দাও বহুত খিজায়’” | শ্ৰীমুখাৰবিন্দ মন্দিৰৰ পৰা ৪ কি.মি. দূৰত পৰিক্ৰমা পথৰ ১২ কি.মি. দূৰত্বত ডাঙৰ পৰিক্ৰমা সম্পূৰ্ণ হয় আৰু সৰু পৰিক্ৰমা আৰম্ভ হয় | সৰু পৰিক্ৰমাৰ ৫ কি.মি পথত আছে ৰাধাকুণ্ড আৰু শ্যামকুণ্ড | ইয়াৰ পাৰত যাত্ৰীসকলে ক্ষন্তেক জিৰণি লয় আৰু ইয়াৰ পানীৰে হাত-ভৰি পখালে | ৰাধাকুণ্ডৰ পৰা ২ কি.মি পথত আছে কুসুম সৰোৱৰ আৰু এটি সুন্দৰ হনুমান মন্দিৰ | ভক্তসকলে বিশ্ৱাস কৰে যে শ্ৰীৰামচন্দ্ৰৰ আদেশত বীৰ হনুমানে গিৰিৰাজক আৰু পৰিক্ৰমা যাত্ৰীসকলক ৰক্ষা কৰে | ইয়াৰ পৰা ২ কি.মি. দূৰত্বত সৰু পৰিক্ৰমা সম্পূৰ্ণ হয় | পৰিক্ৰমা সম্পূৰ্ণ কৰি ভক্তসকলে মানসী-গংগা মন্দিৰত স্নান কৰি গিৰিৰাজক প্ৰাৰ্থনা কৰে | পৰিক্ৰমা পথত খোজকাঢ়ি থাকোঁতে মনত কি এটা সুখ পোৱা যায় সেয়া বুজাব নোৱাৰি | যাত্ৰা পথত সকলো বয়সৰ অগণন যাত্ৰী | এনেকুৱা বহুত যাত্ৰী লগ পাইছোঁ যি দণ্ডৱত পৰিক্ৰমা কৰে – অৰ্থাৎ পৰিক্ৰমা পথত সাষ্টাংগে সেৱা কৰে, উঠে, যিমানখিনিলৈকে সেৱা কৰিলে সিমানখিনিলৈকে আগবাঢ়ি আকৌ সেৱা কৰে, আকৌ উঠে – আগবাঢ়ে – আকৌ সেৱা কৰে – এনেকৈয়ে এসময়্ত তেওঁলোকে পৰিক্ৰমা সম্পূৰ্ণ কৰে | আমাৰ লগৰ এজনে এবাৰ দণ্ডৱত পৰিক্ৰমা কৰিছিল | সেইবাৰ পৰিক্ৰমা সম্পূৰ্ণ কৰিবলৈ তেওঁক ১৩ দিন লাগিছিল |

(আগলৈ)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!