বেংকৰ বিষয়ে কথা-বতৰা – (সূত্ৰধাৰ-দেৱব্ৰত গগৈ)

দেৱব্ৰত গগৈ:
এনেকুৱা সঁচাকৈ হৈ আছে নেকি?
সিদিনা ৰাষ্ট্ৰীয়কৃত বেংক এটাৰ শাখা প্ৰৱন্ধক এজনৰ লগত কথা-পাতি আছিলো৷ কথাৰ মাজতে ক’লো আপোনালোকৰ বেংকবোৰত নিয়ম কানুন কাঢ়া, ঋণো সহজে নিদিয়ে, সেয়ে এইবাৰ নতুন একাউণ্টটো প্ৰাইভেট বেংক এটাতহে খুলিম৷ বেংকৰ মেনেজাৰজনেও ভেকাহি মাৰি ক’লে, “যাওক, যাওক, খোলকগৈ আৰু সিহঁতক লুটিবলৈ সুযোগ দিয়ক গৈ”৷ লুটাৰ কথাটো কওতে মই তেখেতক কি লুটাৰ কথা সুধিলো৷ কাৰণ ব্যক্তিগত খণ্ডৰ বেংকৰ কৰ্মচাৰীসকলৰ ব্যৱহাৰ পাতি ইমান ভাল! সিফালে ৰাষ্ট্ৰীয়কৃত বেংকৰ কৰ্মচাৰীৰ কাষলৈ যাবই নোৱাৰি, যেন টকা-পইচাৰ লেনদেন কৰিবলৈ গৈ আমি অপৰাধহে কৰিছো, সেইকেইজনৰ ৰুক্ষ ব্যৱহাৰে তেনেকৈয়ে ভাবিবলৈ বাধ্য কৰায়। মোৰ প্ৰশ্নটো শুনি মেনেজাৰজনে ক’লে, “বুজিছে আমি কথাবোৰ খুলি ক’ব নোৱাৰো৷ এই যে কেলেংকাৰীবোৰ হয়, সেইবোৰ অকল চৰকাৰী অফিচতেই নহয়, এনেকুৱা ভাল ভাল কথা কোৱা মানুহে চাকৰি কৰা বেংকবোৰতো হয়৷ মই আপোনাক বেংকটোৰ নাম নকওঁ, কিন্ত তেওঁলোকে কি ভয়ংকৰ কাণ্ড কৰিলে কওঁ শুনক৷ যোৱা বছৰ এনেকুৱা এটা প্ৰাইভেট বেংকৰ তেওঁলোকৰ কৰ্প’ৰেট অফিচৰ পৰা নিৰ্দেশ আহিল যে ভাৰতত থকা সকলোবোৰ ব্যক্তিগত চেভিংছ একাউণ্টৰ পৰা জাননী নিদিয়াকৈ চাৰিশ টকা কৰ্তন কৰিব লাগে। কোনো সচেতন ব্যক্তিয়ে তেওঁৰ একাউণ্টৰ পৰা সেই চাৰিশ টকা কিয় কাটিছে যদি সোধে, তেনেহ’লে তেখেতক অজানিতে হোৱা ভুল বুলি কৈ পুনৰ সেই চাৰিশ টকা ফিৰাই দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু যিসকলে কোনো বিচাৰ-খোচাৰ নকৰে তেখেতসকলক ফিৰাই দিব নালাগে”৷ মেনেজাৰজনে মোলৈ চাই ক’লে, “এতিয়া অংকটো কৰক৷ ভাৰতত এনেকুৱা চাৰিশ টকাৰ কৰ্তনৰ কাৰণ জানিবলৈ বেংকৰ লগত যোগাযোগ কৰা সচেতন মানুহ কেইজন আছে আৰু সেই চাৰিশ টকা কৰ্তন কৰি বেংকটোৱে এবাৰতে কোনো কষ্ট নকৰাকৈ কিমান টকা আৰ্জিলে”৷ “কিন্তু এনেকুৱা সম্ভৱ জানো”? মই সুধিলো৷ “ প্ৰমাণ দিবলৈ মোৰ হাতত কোনো উপায় নাই, সেয়ে মই বেংকটোৰ নামটো নকওঁ” মেনেজাৰজনে মোৰ ফাইলটো খুচৰি খুচৰি ক’লে৷
কিন্ত এনেকুৱা কাম জানো সম্ভৱ ? জনাসকলক সুধিছো৷ পিছে বেংকটোৰ নামটো মই নাজানো৷

অচিন্ত্য বৰঠাকুৰ: ICICI য়ে মাজেমাজে কিবা বুজিব নোৱৰা শিতান একোটা দেখুৱাই পইছা কাটি থকাটো হয়। ফোন কৰিলে প্রায়ে বহুত সময় হ’ল্ডত থাকিব লগা হোৱা বাবে কাষ্টমাৰ কেয়াৰৰ সৈতে যোগাযোগ কৰা হৈ নুঠেগৈ। এতিয়া যি বুজিছো, ফোন লাইন ব্যস্ত কৰি ৰখাটোও এটা ব্যৱসায়িক কিটিপহে।

দিগন্ত গগৈ: বেংকৰ কথা নাজানোঁ। কিন্তু মোবাইলৰ সেৱা আগবঢ়োৱা কোম্পানীবোৰ এনেকুৱা যেন লাগে | কাৰণ, মই কেইবাবাৰো টকা ঘূৰাই পাইছো। যদি আপত্তি নকৰাকৈ ২৪ঘণ্টা পাৰহৈ যায় তেতিয়া তেওঁলোকে ঘূৰায় নিদিয়ে আৰু এই ২৪ঘণ্টা সময় প্ৰায় তেওঁলোকে “চিষ্টেম আপগ্ৰেডেচনৰ” অজুহাত দেখুৱায় |
ধ্ৰুৱজ্যোতি শৰ্মা: হয়। ৰাষ্ট্ৰীয়কৃত বেংকতো হয়। মোৰ ক্ষেত্ৰত তেনেকুৱা হৈছিল। অভিযোগ কৰি দুমাহৰ মূৰত ঘূৰাই পালোঁ। অৱশ্যে সুদো দিছে।

উচ্চজিত কলিতা: কিন্তু ইমান বৃহৎ অঙ্কৰ টকা লুটিলে তাকো খাতা-বিনিময়ৰ জৰিয়তে, ধৰা পৰাৰ ভয় নাথাকিব জানো।

ধ্ৰুৱজ্যোতি শৰ্মা: মোবাইলৰ ক্ষেত্ৰত মোৰো তেনেকুৱা হৈছিল৷ হকে বিহকে টকা কাটি দিয়ে৷ অনলাইন কমপ্লেইন কৰিলোঁ, উত্তৰ নাহিল৷ কাষ্টমাৰ কেয়াৰত জনালোঁ, কয় মইহে হেনো এক্টিভ কৰিছোঁ৷ অভিযোগ পঞ্জীয়ণ কৰিলে যদিও ফলাফল নাপালো৷ আকৌ ফোন কৰি এপীলেট অথৰিটীৰ নং আৰু ইমেইল বিচাৰিলোঁ, তাকো নিদিয়ে৷ মুঠতে ভুল মোৰেই৷ অলপ TRAI Regulation ৰ কথা কৈ গৰমকৈ কোৱাত যেনিবা নংটো পালো৷ কিন্তু তেওঁৰো একেই কথা৷ অৱশ্যে ফোন ৰেকৰ্ডিং কৰিম বুলিকৈ লৈছিলোঁ যাতে দৰকাৰ হ’লে TRAI ক জনাব পাৰোঁ৷ সেইসকলো তথ্য TRAI লৈ আৰু কপি এপীলেট, নোডেল অফিচাৰলৈ পঠিয়াই দিলোঁ৷ লগতে জনাই দিলো যে mnp কৰিম৷ মোৰ প্ৰশ্ন আছিল, যদিহে মই এক্টিভ কৰিছোঁ, তেন্তে মোক প্ৰমাণ দিয়ক ৷ শেষত যেনিবা পইচা ঘূৰাই পালোঁ

দিগন্ত গগৈ: এইবিলাক নিয়ন্ত্ৰন কৰা কোনো বিভাগ নাই নেকি?????

ধ্ৰুৱজ্যোতি শৰ্মা: বেংকৰ এই খেলিমেলিবোৰৰ বাবে Bank Ombushment ৰ ওচৰত সম্পূৰ্ণ তথ্যসহ আবেদন কৰিব পাৰে ৷

উৎপল বৰুৱা: এবাৰ তেনেকৈ billdesk ত প্ৰায়েই মই recharge, বা bill payment কৰোতে বাৰে বাৰে পেমেন্ট গুচি যায় কিন্তু পিছত unsuccessfull transaction দেখুৱায়। মোৰ খুব জৰুৰী আছিল বিল দিয়াৰ, সেয়েহে প্ৰায় পাঁচ ছয়বাৰ কৰাৰ পিছতো বিল দিয়াতো সম্পুৰ্ণ নহ’ল। ইতিমধ্যে মোৰ একাউন্টৰ পৰা প্ৰায় ৭০০০/- মান টকা কটা গৈছে। এই পইচা ঘুৰাই পাওঁতে পাঁচৰ পৰা সাতদিন লাগিছিল তেতিয়া৷ মই ৰিজাৰ্ভবেংকত এটা লিখিত অ’নলাইন কম্প্লেইন কৰিলো যে, এনেকৈ লাখ লাখ গ্ৰাহকৰ পৰা প্ৰতিদিনে বিনা interest তেওঁলোকে নিজৰ ফান্ড বঢ়াই আছে (বিলদেস্কে)। গতিকে হয় সেইকেইদিনৰ সুদ দিব লাগে,নতুবা transaction successfull নহ’লে টকা বেংকৰপৰা ওলাই যাব নেলাগে। তেনেকৈ কম্প্লেইন ৰেজিষ্টাৰ কৰাৰ পিছত আজি প্ৰায় ডেৰ-দুই বছৰে তেনে কোনো অসুবিধা পোৱা নাই, আৰু কেনেবাকৈ যদি unsuccessful হয়, তেনেহ’লে দুই তিনিঘন্টাৰ ভিতৰত মই পইচা ঘুৰাই পাওঁ। কথা হ’ল আমি প্ৰত্যেকে অলপ অলপকৈ সচেতনভাবে দুই এটা পদক্ষেপ ল’লে এইবিলাক দুৰ্নীতি কিছু হ’লেও দূৰ কৰিব পাৰিম।

উদ্দীপ তালুকদাৰ: কিছুমান প্ৰাইভেট বেংকত এটা নিৰ্দিষ্ট পৰিমাণৰ তলত টকা থাকিলে তাৰপৰা এটা নিৰ্দিষ্ট পৰিমাণৰ অংক কাটি থাকে,এই কথাটো একাউণ্ট লোৱাৰ সময়তে জনাই দিয়া হয় (অন্ততঃ দিব লাগে ), তেনেক্ষেত্ৰত আগে-ভাগে কথাবিলাক পৰিষ্কাৰকৈ জানি লোৱাৰ চেষ্টা কৰা উচিত।

আবিদ আজাদ: ভাৰতত কোনো বেংকেই তেনেকে কাষ্টমাৰৰ পৰা চাৰ্জ কৰিব নোৱাৰে। বেংকৰ চাৰ্জবোৰ কাৰ্যকৰী কৰাৰ পূৰ্বে নিৰ্দিষ্ট বেংকটোৰ Board of Directors ৰ পৰা prior approval লোৱাটো বাধ্যতা মূলক। তাৰোপৰি বেংকিং সেৱাত fair practice নিশ্চিতকৰণৰ বাবে Banking Code & Standard Board of India (BCSBI)- এ বেংকবোৰৰ ওপৰত তীব্ৰ নজৰ দি ৰাখে। সকলেৰে ওপৰত RBI টো আছেই। যি চাৰ্জেই কাটে সেয়া বেংকৰ Terms & conditions ৰ অধীনতহে কাটিব পাৰে। কথা হৈছে, বেছিভাগ বেংক কাষ্টমাৰে নাজানে কেতিয়া কেনেকৈ কি চৰ্তত বেংকে চাৰ্জ কাটে।

যেনেধৰক; SBI বা আন ৰাষ্ট্ৰাধীন বেংকে Quarterly Average Balance(QAB) ৰ আধাৰত minimum balance একাউন্টত নাথাকিলে চাৰ্জ কাটিছিল (আজিকালি নাকটে SBI এ- nil)। কিন্তু বেছিভাগ private bank এ Monthly Average Balance ৰ আধাৰত চাৰ্জ কাটে। অৰ্থাৎ, মিনিমাম বেলেঞ্চ নাথাকিলে sbi এ এটা সময়ত যদি তিনিমাহৰ মূৰত এবাৰ কাটছিল, hdfc বেংকে তিনিমাহত তিনিবাৰ চাৰ্জ কাটিব৷ উদাহৰণ: hdfcৰ চহৰৰ ব্ৰাঞ্চত min. ৫০০০ টকা বেলেঞ্চ নাথাকিলে মাহে ৩৫০/- টকাকৈ কাটিব। কিন্তু sbi ৰ একাউণ্টত এক পইচা নাথাকিলেও কোনো চাৰ্জ নাকাটে৷ বেংকত কাম কৰা এনে বহু মানুহ আছে যি কাষ্টমাৰ চাৰ্ভিছ দি আনন্দ পায়, কিন্তু কাষ্টমাৰ ভিৰৰ বাবেই সেই চাৰ্ভিছ দিব নোৱাৰা হৈ পৰে। আৰু এটা কথা, বেংকৰ মানুহৰ আচল কাম সন্ধিয়া ৫ বজাৰ পিছতহে আৰম্ভ হয়। প্ৰতিটো শনিবাৰেই খোলা থাকে বেংক৷ ১০ৰ পৰা ৫বজালৈ, মাজত আধাঘন্টা টিফিন বিৰতি বাদে,তেওঁলোকে ছিটৰ পৰা উঠিব নোৱাৰে। তেনেকুৱা গাধৰ দৰে কাম কৰা চাকৰিয়াল কোনো চৰকাৰী কাৰ্যালয়ত কল্পনাও কৰিব নোৱাৰি ! লগতে অৱশ্যে এইকথাও সত্য, আন সকলো ক্ষেত্ৰতে, যেনে- মেডিকেল, কোৰ্ট,চৰকাৰী অফিচত আদিত যিদৰে কিছুমান দগাবাজ কৰ্মচাৰী কেৰাণী-অফিচাৰ থাকে,যি পাব্লিকক মানুহ বুলিয়ে নাভাৱে; তেনেকুৱা কেৰাণী-অফিচাৰ বেংকবোৰতো (including pvt bank) নিশ্চয় আছে।

উদ্দীপ তালুকদাৰ: আনছাক্‌ছেছফুল ট্ৰান্‌জেকশ্যনৰ সময়ত পইচাখিনি যদি সঁচাকৈয়ে পেমেণ্ট গেট্‌ৱেটোৱে জমা কৰি ৰাখিব পাৰে, তেন্তে সপ্তাহটোতে তেওঁলোকে কোটি কোটি টকা এনেকৈ জমা কৰিব পাৰিব। পেমেণ্ট গেট্‌ৱে এটাই গ্ৰাহকে দিয়া ক্ৰেডিটকাৰ্ডৰ তথ্য-পাতি আদি নিৰাপদ চেনেল এটাৰে টকা কাৰ্ডৰ ছাৰ্ভাৰলৈ প্ৰেৰণ কৰে, আৰু সেই তথ্য-পাতি নিৰ্ভৰযোগ্য বুলি বিবেচিত হ’লে কাৰ্ডখনৰ বেংকে লেন-দেনৰ বাবে সেউজ সংকেত দিয়ে। সেই সংকেত এইবাৰ গেটৱেৰ কম্পিউটাৰলৈ যায়। ইয়াৰ পাছতে গ্ৰাহকৰ বেংকৰপৰা টকা কৰ্তন কৰা দেখুৱায়। কিন্তু টকা খিনি লগেলগে বিক্ৰেতা বা পেমেণ্টগেট্‌ৱেৰ একাউণ্টলৈও নাযায়। বৰং গ্ৰাহকৰ একাউন্টতে ফ্ৰীজ হৈ থাকে৷ টকা খিনি সাজু হৈ থকাৰ সংকেত গেটৱেটোৱে এইবাৰ বিক্ৰেতাৰ কম্পিউটাৰলৈ প্ৰেৰণ কৰে। এই সংকেত বিক্ৰেতাৰ কম্পিউটাৰে লাভ কৰিলে ‘সফল লেন-দেন’বুলি পেমেণ্ট গেটৱেটোৱে আমালৈ বাৰ্তাপ্ৰেৰণ কৰে। বিক্ৰেতাৰ বেংকত পইচা তেতিয়া হে সোমায় যেতিয়া সামগ্ৰী বা সেৱাৰ প্ৰদান সুকলমে হোৱা বুলি পেমেণ্ট গেটৱেৰ কম্পিউটাৰে তথ্য লাভ কৰে, তাৰপাছতহে পেমেণ্ট গেটৱেটোৱে বিক্ৰেতাৰ বেংকলৈ টকা খিনি প্ৰেৰণ কৰে। এই প্ৰেৰণৰ সময়তে তেওঁলোকে নিজৰ কমিছন কাটি ৰাখে, বা কিছুমান পেমেণ্ট গেটৱে-ই মাহেকত বা পষেকত নিজৰ কমিছন বিক্ৰেতাৰ পৰা লয়। বিক্ৰেতাৰ বেংকে এইখিনি প্ৰয়োজনীয় কাম শেষ কৰি টকা জমা লাভ কৰিবলৈ দুদিনৰ পৰা সাতদিনলৈ সময় লাগে৷যিকোনো পৰ্যায়তে কোনোবাটো কম্পিউটাৰে সঠিক তথ্য নাপালে “অসফল লেন-দেন” বুলি বাৰ্তা আহে। যদি গ্ৰাহকৰ বেংকৰ পৰা টকা ওলাই যোৱাৰ পাছত বিক্ৰেতাৰ কম্পিউটাৰে সংকেত লাভ নকৰে, তেতিয়া গ্ৰাহকৰ বেংকৰ টকা ওলাই যোৱা দেখুৱায় ঠিকেই। কোনেও লাভ নকৰে। সাধাৰণতে আমি অনলাইন লেন-দেনো বাস্তৱত হোৱা টকাৰ লেন-দেনৰ দৰেই বুলি ভাবোঁ বাবেই পইচাখিনি ক’ৰবাত সোমাই থকা যেন অনুভৱ কৰোঁ। বাস্তৱত এইটো প্ৰায় বেংকৰপৰা টকা উলিয়াই দোকানলৈ গৈ থাকোঁতে টকাখিনি হেৰোৱাৰ দৰে কথা। ‘অসফললেন-দেন’ৰ অভিযোগ নিষ্পত্তি কৰাৰ বাবে কোনটো পৰ্যায়ত বাঘ্যাত হ’ল তাক বিচাৰি উলিয়াই চাবলগীয়া হয় বাবে কিছু সময় লাগে,কাৰণ অসফল লেনদেনৰ দোহাই দি কোনেও যাতে পইচা উলিয়াই নিব নোৱাৰে তাৰকাৰণে কম অসফল লেন-দেনৰ অভিযোগ আহিব, সিমানে এনে অভিযোগ নিষ্পত্তিৰ বাবে কম সময় লাগে। ভাৰতত বৰ্তমান পেমেণ্ট গেটৱেৰ যোগে হোৱা ‘অসফল লেন-দেন’ ৩০-৩৫%, ইয়াক ১ শতাংশ কমাব পাৰিলেও অনলাইন লেন-দেনত ভাৰতত ২০কোটি টকা ওপৰঞ্চি লেন-দেন হ’ব, যাৰ লাভ পেমেণ্ট গেটৱে বিলাকেই পায়। সেয়ে, অসফল লেন-দেন কৰি টকা ঘটাতকৈ কোম্পানীবোৰে সফল লেন-দেনৰ সংখ্যা বঢ়োৱাতহে বেছি জোৰ দিয়ে।

আবিদ আজাদ: উৎপল বৰুৱা, আপোনাৰ যি সমস্যা হৈছিলে সেয়া এক টেকনিকেল বিসংগতি। কেতিয়াবা ধৰক নেট সংযোগ মন্থৰ থাকিলেও তেনেকুৱা সমস্যাৰ উদ্ভৱ হয়। তেনে বিসংগতি হয়তো কেতিয়াবা পুনৰ হ’ব পাৰে, আৰু হয়তো কেতিয়াও নহ’বও পাৰে। ৰিজাৰ্ভ বেংকত অভিযোগ দিলেই যে তেনে সমস্যা ভৱিষ্যতে কেতিয়াও নহ’ব, তেনে কথা নহয়। কাৰণ, নেটৱৰ্ক বা আন তেনে সমস্যা বিল-দেস্কৰ অধীনস্থ নহয়। একেদৰে নহয় আৰ,বি,আই,ৰ অধীনৰো। কিন্তু যদি, বিল-দেস্কৰ নিজৰ দোষৰ বাবে পেমেন্ট গণ্ডগোল হয়, বা পেমেন্ট নোহোৱাকৈ থাকি যায়; বিল-দেস্কে তেতিয়া ৫০০/- টকা জৰিমনা ভৰাৰ নিয়ম। আনহাতে সেইধৰণৰ থাৰ্দপাৰ্টীৰ বিসংগতিৰ বাবে পেমেন্ট সম্পৰ্কীয় ত্ৰুটি হ’লে সেই সমাধান কৰিবলৈ বেংকে বা বিল-দেস্কে কমেও এসপ্তাহৰ সময় লয়েই। নিয়ম। হয়তো সাতদিনৰ পূৰ্বেই সমস্যা সমাধান হৈ যাব পাৰে। কিন্তু এসপ্তাহৰ ভিতৰত সমস্যাৰ সমাধান নহ’লেহে নিৰ্দিষ্ট বেংক জগৰীয়া হ’ব আৰু হয়তো ফাইনো ভৰিবলগীয়া হ’ব পাৰে, যদি আপুনি অভিযোগ কৰে। কিবা কাৰণত অন-লাইন ট্ৰেনজেকচন ফেইলাৰ হৈ আপোনাৰ টকা যদি একাউণ্টৰ পৰা ডেবিট হৈ যায়, আৰু সেই টকা পাওনাদাৰে (পাৰ্টীয়ে) নাপায়; বুজিব যে সেই টকা নিৰ্দিষ্ট বেংকৰ “suspense একাউন্টত” আছে। বহু কাষ্টমাৰৰে তেনেকুৱা ট্ৰেনজেকছন ফেইলাৰ হৈয়েই থাকে। নিয়মমতে, বেংকে suspense a/cত জমা হৈ পৰি থকা টকাবোৰ কাৰ a/c ৰ পৰা আহিছে নিৰ্ণয় কৰি সেই নিৰ্দিষ্ট a /c ত নিজে নিজেই এসপ্তাহৰ ভিতৰত credit কৰি দিব লাগে। কিছুমান গ্ৰাহকৰ ক্ষেত্ৰত সেয়ে অভিযোগ নকৰাকৈয়ে ক্ৰেডিট হৈ যায়। কিন্তু তেনেকুৱা কেচ অজস্ৰ পৰি থাকে বাবে বহুতৰে সময়মতে ক্ৰেডিট নহয়ো। সেয়ে যি গ্ৰাহকে অভিযোগ কৰে তেওঁৰ সোনকালে হৈ যায়, আৰু যিয়ে অভিযোগ নকৰে তাৰ টকা তেনেকৈ পৰি থাকে। সেয়ে এসপ্তাহৰ ভিতৰতে অভিযোগ কৰাটো ভাল। অভিযোগ কৰাৰ এসপ্তাহ পিছতো কামফেৰা সমাধান নহ’লে হে বেংকে ফাইন ভৰিবলগীয়া হ’ব। কিন্তু এটা কথা নিশ্চিত থাকিব, গ্ৰাহকৰ পইচা কেতিয়াও মাৰা নাযায়। ৰিজাৰ্ভবেংক এইক্ষেত্ৰত খুব কঠোৰ। আৰু এটা কথা যোগ কৰিব বিচাৰিছো; suspense a/c ত পৰি থকা টকাৰ পৰা বেংকে কোনো ইনকাম কৰিব নোৱাৰে বা সূত খাব নোৱাৰে। বেছিদিন অযথাকৈ Suspense a/cত টকা পৰি থাকিলে, উৰ্ধতন মহলত কৈফিয়ৎ হে দিবলগীয়া হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!