বৈদেশিক প্রত্যক্ষ বিনিয়োগ (-অনুপমা বৰগোহাঁই)

বৈদেশিক প্রত্যক্ষ বিনিয়োগ

অনুপমা বৰগোহাঁই

আজি কিছু দিনৰ পৰা বাতৰি কাকত, দূৰদৰ্শন সকলোতে বৈদেশিক প্রত্যক্ষ বিনিয়োগ (FDI)ৰ ওপৰত চিন্তা চৰ্চা চলি থকাত এদিন ৰাতিপুৱা গৃহস্থই সুধিলে “কোৱাচোন, তুমিতো এসময়ৰ অৰ্থনীতিৰ ছাত্রী/শিক্ষয়িত্ৰী আছিলা , বৈদেশিক প্রত্যক্ষ বিনিয়োগ (FDI)ৰ দ্বাৰা আমাৰ কিবা লাভ হ’বনে লোকচান হব”? মই থতমত খাই ক’লো, ‘সেইবোৰ এতিয়া মই নাজানো। মই বৰ্তমান এজনী গৃহিণীহে’। ‘তাৰমানে তুমি গৃহিণীসকলৰ দেশৰ অৰ্থনীতিত কি চলিছে নচলিছে জনাৰ প্রয়োজন নাই বুলি ভাবা। তুমিয়েইচোন কোৱা আমাৰ শিক্ষা কেৱল চাকৰি কৰিবৰ বাবেই নালাগে’। কথাখিনি কৈ তেওঁ অন্য দিনাৰ দৰেই মিচিকিয়া হাঁহি মাৰি অফিচলৈ ওলাই গ’ল। গৃহস্থ ওলাই যোৱাৰ পিছত মই চিন্তা কৰিলোঁ সঁচাকৈ আমি গৃহিণীসকলেই দেশৰ অৰ্থনীতিৰ পৰিবৰ্তনৰ ফল প্রথমে ভোগ কৰো, অথচ এই বিষয়ে বেছি জানিবৰ প্রয়োজন অনুভব নকৰো-‘আদা বেপাৰীক জাহাজৰ খবৰ কিয় লাগে’-এনে মনোভাব আমাৰ !কিন্তু আমি ভাবি নাচাওঁ যে অৰ্থনীতিৰ পৰিবৰ্তন যেনে গোলকীকৰণৰ বাবেই আজি আমাৰ সন্তানে ঘৰত বনোৱা মুৰগীৰ আঞ্জাতকৈ কে.এফ চিৰ চিকেন খাবলৈ বেচি ভাল পাইছে বা ইয়াৰ দ্বাৰা আমাৰ ঘৰুৱা বাজেটৰো পৰিবৰ্তন ঘটাব লগা হৈছে। দূৰদৰ্শন বা নেটত দেখা ভাল বিদেশী খাদ্যৰ ৰেচিপিটোৰ বাবে লগা প্রয়োজনীয় উপাদানবোৰ অলপ বিচাৰিলেই কোনোবা ডাঙৰ দোকান এখনৰ পৰা কিনি আনি ৰান্ধি খাই /খুৱাই তৃপ্তি ল’ব পাৰিছোঁ অৰ্থনীতিৰ পৰিবৰ্তনৰ বাবেই । সেয়ে আজিৰ পৰা মই আধুনিক গৃহিণী হিচাপে দেশৰ অৰ্থনীতিৰ পৰিবৰ্তনৰ বাবে কি লাভ বা লোকচান হব তাৰ ওপৰত লক্ষ্য ৰখাৰ প্ৰতিজ্ঞা কৰি এজনী অৰ্থনীতিৰ শিক্ষা লোৱা গৃহিণীৰ দৃষ্টিভংগীৰে বিষয়টোৰ ওপৰত বিশ্লেষণাত্মক লেখনী এটা অকবৰ বন্ধু/ বিশেষকৈ আমাৰ গৃহিণী বান্ধৱীসকলক দিবলৈ চেষ্টা কৰিলোঁ!
********************************
আমাৰ বাওঁপন্থী নেতাসকল আৰু ভাৰতীয় জনতা দলৰ নেতাসকলৰ মতে বৈদেশিক প্রত্যক্ষ বিনিয়োগ (FDI)-এ দেশৰ লক্ষ্য লক্ষ্য ক্ষুদ্ৰ আৰু খুচুৰা ব্যৱসায়ীৰ ওপৰত বেয়া প্রভাব (মাধমাৰ!)পেলাব। আমোদজনক ভাবে কোনেও কিন্তু দেশৰ দলিত তথা পিছ পৰা উৎপাদনকাৰীসকলৰ বিষয়ে কোৱা নাই।
“দলিত ইন্ডিয়ান চেম্বাৰ্চ অব কমাৰ্চ”(DICCI) এ দিল্লীৰ আজাদপুৰত থকা শাক-পাচলি, ফল-মূলৰ মান্ডী (বা পাইকাৰী বজাৰ)ত কিমান মানুহ মধ্যমানুহ (বা দালাল) হিচাপে সফল হৈছে তাৰ ওপৰত দৃষ্টিপাত কৰিছিল। সাধাৰণতে এই মধ্যমানুহ বা দালালসকলেই মান্ডীৰ খাদ্যসম্ভাৰ, শাক পাচলি, ফলমূলৰ বজাৰখন নিয়ন্ত্রণ কৰে। খেতিপথাৰৰ পৰা বজাৰলৈকে এই দালালসকলৰেই আধিপত্য চলে । আমি খোৱা প্রতিটো কল, আপেল, বিলাহী, পিয়াজ.. এই সকলোবোৰ দালালৰ যোগেদিহে আমাৰ হাতত পৰেহি। কাৰণ মান্ডী পৰিষদৰ নিয়ম মতে খেতিয়কে নিজৰ উৎপাদন এই দালালসকলৰ জৰিয়তেহে বিতৰণ কৰিব পাৰে !! কিমান দুখৰ কথা-যি কৃষকে নিজৰ তেজক পানী হাড়ক মাটি কৰি শস্য উৎপাদন কৰে সেই কৃষকেই নিজৰ শস্য নিজৰ ইচ্ছা অনুসৰি বেচাৰ অধিকাৰ নাপায়! কৃষক এজনে চিমলাৰ পৰা অনা এক ট্রাক আপেল বা মিৰাটৰ পৰা অনা এক ট্রাক শাক পাচলি দালালেহে ‘কমিচন” লৈ বিক্রি কৰে। কেৱল সেয়াই নহয়, পাইকাৰী গ্রাহক সকলেও (যাক ল’ডাৰ বুলিও জনা যায়) দালালে বান্ধি দিয়া নিয়ম নীতিতহে চলিব পাৰে। নিজৰ উৎপাদিত দ্রব্যৰ দাম ল’বলৈ লৈ থকা অজলা কৃষকসকলৰ লগতো এই লি’ডাৰসকলক কথা পাতিবলৈ অনুমতি নিদিয়ে !এই দালালসকল তথাকথিত ‘উচ্চজাত’ৰ আৰু এটা সংকীৰ্ণ সংগঠনৰ গোট, যি গোটেই মান্ডী বজাৰখন গ্রাস কৰি ৰাখিছে। দালালসকল য’তেই নাথাকক কিয় সকলো একে পৰিয়ালৰ সদস্য । আজাদপুৰ মাৰ্টত কিছুসংখ্যক দলিতলোকেও বিতৰণকাৰী ,ফল ৰপ্তানি, ঠিকাদাৰি আদি কৰি কোটি টকা আহৰণ কৰিছে কিন্তু তেওঁলোক কোনো দালাল নহয়। বৈদেশিক প্রত্যক্ষ বিনিয়োগ (FDI)এ আমাৰ এই সামন্তযুগীয়া বজাৰ ব্যৱস্হাৰ তচ্‌নচ্‌ কৰি পেলোৱাৰ আশংকাতে দালাল, শোষণকাৰী বিৰোধী নেতা কিছুমানে ইয়াৰ বিৰোধিতা কৰিছে ।আমেৰিকাৰ পেন্‌চিলভেনিয়া বিশ্ববিদ্যালয়ৰ ‘ Center For Advanced Study of India”(CASI)ৰ অধীনত দেবেশ কাপুৰ নামৰ এজন ভাৰতীয় ছাত্রই দলিত সংগঠককাৰীসকলৰ ওপৰত কৰা গৱেষণা পত্রত দেখা পোৱা গৈছে যে বেছিভাগ দলিত সংগঠকে ১৯৯১চনৰ পিছতেহে নিজাকৈ ব্যৱসায়িক সংগঠক ৰূপে আত্মপ্রকাশ কৰিছে । DICCI ত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰায় ৩০০০ সদস্য আছে আৰু বেছি ভাগেই জাতি বৰ্ণ নিৰপেক্ষ ব্যৱসায়ত জড়িত । CASI আৰু DICCI দুয়োটা সংস্থাৰ অধ্যয়নৰ পৰা দেখা গৈছে যে দলিতসকল কেৱল জাত-বর্ণ নিৰপেক্ষ নতুন ব্যৱসায়তহে সফল হব পাৰিছে। এওঁলোক অৱশ্যে পুজিঁপতি ব্যৱসায়ী হ’বগৈ পৰা নাই। দলিতসকল ১৯৯১ চনৰ পাছতহে সংগঠক হিচাপে অৰ্থনীতিলৈ অহাৰ কাৰণ হল-১৯৯১চনৰ পাছত ভাৰতীয় পুঁজিপতিসকলে আন্তৰ্জাতিক পৰ্য্যায়ত প্ৰতিযোগিতা কৰিব লগা হৈছিল । প্ৰতিযোগিতা প্রথম আৰম্ভ হৈছিল দৰ ব্যৱস্থাত । অৱশেষত এবিধ বিশেষ বস্তু কেৱল এখন ঠাইতহে বিক্রি কৰাৰ ব্যৱস্থাও নাইকিয়া হ’ল।(আজি গুৱাহাটীটো অস্ট্রেলিয়াৰ কিৱি ফল বা আমেৰিকাৰ এভাকাডো সহজে উপলব্ধ!)পুৰণা পাৰম্পৰিক অৰ্থ ব্যৱস্থাৰ পৰিবৰ্তন হোৱাত লাখ লাখ সংগঠকৰ(-যাৰ ভিতৰত বহুত দলিত আৰু পিছপৰা লোক আছিল) বিনিয়োগৰ সুবিধা মিলিল। যিদৰে নৰ’মেন বৰল’গকে আদি কৰি বহু দেশী-বিদেশী কৃষি বৈজ্ঞানিকে কৃষি প্রযুক্তিলৈ সেউজ বিপ্লব আনি ভাৰতক কৃষি উভৈনদী দেশ কৰি তুলিলে, ঠিক একেদৰেই বৈদেশিক প্রত্যক্ষ বিনিয়োগ (FDI) এ পুৰণি পাৰম্পৰিক মান্ডী ব্যৱস্থাৰ ভংগ কৰি আমাৰ অৰ্থনীতি লৈ নতুনত্ব অনাৰ সুবিধা দিয়াৰ সম্ভাৱনা আছে। বৈদেশিক প্রত্যক্ষ বিনিয়োগ (FDI)ৰ প্ৰবৰ্তনে নতুন নিযুক্তিৰ দুৱাৰো খুলিব MBA, CA সকলৰ চাহিদা বাঢ়িব-খাদ্যসংগ্রহ কৰি ভালকৈ আনিব পৰা শীত তাপ নিয়ন্ত্ৰিত গাড়ী, শীত পৰিবাহক যন্ত্রৰ চাহিদা বাঢ়িব ‌। চাহিদা বঢ়া মানেই বিনিয়োগ বঢ়া বা নিযুক্তিৰ সুবিধা বঢ়া । দলিত বা অৰ্থনৈতিক ভাবে দুৰ্বল সকলো শ্রেণীয়েই ইয়াৰ যোগেদি লাভৱান হ’ব । ভাৰতবৰ্ষ এতিয়া সলনি হৈছে-এতিয়া কোনেও আমাক উপনিৱেশত পৰিণত কৰিব নোৱাৰে (যিদৰে এসময়ত বৃটিছে কৰিছিল)। আমি নিজৰ আমাৰ অনুন্নত দেশৰ ফলক খন গুচাবৰ বাবে এনেকুৱা নতুন প্রগতিশীল অৰ্থ ব্যৱস্থাক আদৰি লোৱাৰ সাহস কৰিবই লাগিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!