ব্যক্তিগত শিক্ষানুষ্ঠানবোৰৰ আকাশলঙ্ঘী মাচুলত অতিষ্ঠ দুখীয়া-নিচলা (নিতুল বৰা)

আজি কিছু বছৰৰ পৰা দেখা গৈছে যে কাঁঠফুলাৰ দৰে য’তে ত’তে গজি উঠা বেচৰকাৰী ব্যক্তিগত শিক্ষানুষ্ঠানসমূহৰ নামভৰ্ত্তিকে আদি কৰি মাহেকীয়া মাচুল যিদৰে অত্যাধিক হাৰত বৃদ্ধি কৰিবলৈ লাগিছে, ই সাধাৰণ দুখীয়া-নিচলা ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলৰ পানীত হাঁহ নচৰা অৱস্থা সৃষ্টি কৰিছে। চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ তুলনাত এই বেচৰকাৰী, ব্যক্তিগত শিক্ষানুষ্ঠানসমূহৰ ভৰ্ত্তি-মাচুল আৰু মাহেকীয়া বা ছমহীয়া মাচুল দহগুণ প্ৰৰ্য্যন্ত বেছি।

যোৱা বিশটা বছৰত অসমত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ সংখ্যা বৃদ্ধি হোৱা নাই, তাৰোপৰি পূৰ্বৰে পৰা থকা চৰকাৰী শিক্ষানুষ্ঠান সমূহৰো আসনৰ সংখ্যা পৰ্যাপ্ত পৰিমাণে বৃদ্ধি কৰাৰো কোনো লক্ষণ পৰিলক্ষিত হোৱা নাই। ফলস্বৰূপে বছৰি বছৰি উত্তীৰ্ণ হৈ থকা ছাত্ৰ-ছাত্ৰীসকলে আসনৰ অভাৱত একাংশ ধনকুৱেৰ সদৃশ ব্যক্তিগত শিক্ষানুষ্ঠানৰ ওচৰ চাপিব লগীয়া হয়। ইয়াৰেই সুবৰ্ণ সুযোগ ব্যৱসায়ীক ভিত্তিত গঢ় লৈ উঠা ব্যক্তিগত শিক্ষানুষ্ঠানসমূহে গ্ৰহণ কৰি আহিছে।

তাৰোপৰি একাংশ বেচৰকাৰী শিক্ষণ মহাবিদ্যায়তো ভৰ্ত্তি-মাচুলে আকাশ চোওঁ চোওঁ অৱস্থা। আন ঠাইৰ কথা নকলোৱেইবা, মই মোৰ গৃহ জিলা নগাঁও চহৰত থকা বেচৰকাৰী শিক্ষণ মহাবিদ্যালয়খনৰ কথাকেই উনুকিয়াব বিচাৰিছো। এইখন বেচৰকাৰী শিক্ষণ মহাবিদ্যালয়ত (নগাঁৱৰ) এইবেলি ছাত্ৰ-ছাত্ৰীৰ ভৰ্ত্তিৰ মাচুল ৪০ হাজাৰ পৰ্যন্ত হোৱা বুলি জানিব পাৰিছো। যিহেতুকে এই শিক্ষণ মহাবিদ্যালয়সমূহে, গুৱাহাটী বা আন বিশ্ববিদ্যালয়ৰ অধীনত পৰীক্ষাকে আদিকৰি সকলো কামকাজ সুচাৰুৰূপে বছৰ বছৰ ধৰি চলাই আহিছে, সেয়ে শিক্ষা-বিভাগে বা বিশ্ববিদ্যালয় কতৃপক্ষই এইধৰণৰ বেচৰকাৰী শিক্ষানুষ্ঠানৰ আকাশলঙ্ঘী মাচুলৰ ওপৰত কোনো ধৰণৰ নিয়ন্ত্ৰণ আনিব বিচৰা নাই কিয়?

ধৰাহ’ল এনে বেচৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান একোখনত শিক্ষক-শিক্ষয়িত্ৰীৰ সংখ্যা গঢ় হিচাপত ২০ জন। প্ৰতিবছৰে গঢ়ে ৩০০ জন ছাত্ৰ-ছাত্ৰী ভৰ্ত্তি হয় আৰু প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ পৰা ভৰ্ত্তি মাচুলৰ বাবদ তেওঁলোকে ৪০ হাজাৰকৈ মাচুল আদায় কৰে। এই গোটেইখিনি মিলালে মহাবিদ্যালয়খনৰ কতৃপক্ষই এবছৰৰ বাবে লাভ কৰে মুঠ ১ কোটি ২০ লাখ টকা। ইয়াৰে যদি ২০ হাজাৰকৈ প্ৰতিজন শিক্ষক-শিক্ষয়িত্ৰীক দৰমহাৰ বাবদ আদায় দিয়ে তেনেহ’লে তেওঁলোকৰ মুঠ ৬ লাখ টকাহে খৰচ হ’বগৈ। বাকী ১ কোটি ১৪ লাখ টকা তেওঁলোকে এবছৰতে লাভ কৰিবলৈ সক্ষম হয়। কিন্তু চাবলৈ গ’লে তাৰ বিপৰীতে এনে বেচৰকাৰী মহাবিদ্যালয়ৰ কতৃপক্ষই ছাত্ৰ-ছাত্ৰীক আচবাব, কিতাপ-পত্ৰকে আদিকৰি কোনো ধৰণৰ সমাগ্ৰী যোগন ধৰা দেখা নাযায়। অৰ্থাতৎ ই এক সহজে ধন ঘটাৰ এক ব্যৱস্থা হিচাপে একাংশ ব্যক্তিয়ে ব্যৱহাৰ কৰা যেন অনুভব হয়। ইয়াৰ ফলত সাধাৰণ মধ্যবিত্ত আৰু দুখীয়া শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী শিক্ষানুষ্ঠানত আসনৰ অভাৱত এনে বেচৰকাৰী শিক্ষানুষ্ঠানসমূহত আসনৰ বাবদ ৪০ হাজাৰকৈ টকা আদায় দিব নোৱাৰি উপযুক্ত শিক্ষা লাভৰ পৰা বঞ্চিত হ’ব লগা হৈছে। এয়া মাত্ৰ এটা উদাহৰণহে, এনে উদাহৰণ বিচাৰিলে বহুত ওলাব বুলি ভাবো।

এতিয়া কথা হ’ল, ব্যক্তিগত খণ্ডৰ মহাবিদ্যায় বা ব্যক্তিগত খণ্ডৰ বিদ্যালয় একোখন প্ৰতিষ্ঠা কৰাৰ পিছত শিক্ষা-বিভাগৰ পৰা অনুমোদন ল’ব লগাৰ সময়ত শিক্ষা বিভাগে কিয় এনে ব্যক্তিগত শিক্ষা-খণ্ডৰ আন্তঃগঠনিকে আদিকৰি ভৰ্ত্তি মাচুল, মাহেকীয়া মাচুল আদি সম্পৰ্কে চালিজাৰি নাচায়? এইক্ষেত্ৰত শিক্ষা বিভাগৰ কৰণীয় একো নাই নেকি?

বৰ্তমান নদীবান্ধ, ভূমিপট্টা, নিবনুৱা সমস্যা, বাট-পথ আদি বিভিন্ন সমস্যাৰ আজুহাতত বিভিন্ন দল-সংগঠন, সমাজৰ সচেতন ব্যক্তিয়ে গণতান্ত্ৰিক ভাবে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও আজিলৈকে এইধৰণৰ সুবিধাবাদী বেচৰকাৰী শিক্ষানুষ্ঠানসমূহৰ কৰ্মকাণ্ডৰ বিপৰীত প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। আশা কৰো অনাগত দিনত এনে কাৰ্যৰ বিৰুদ্ধেও সদলবলে প্ৰতিবাদী কাৰ্য্যসূচী হাতত ল’বলৈ সমাজৰ সচেতন ব্যক্তি, অভিভাৱক, ছাত্ৰ-ছাত্ৰী ৰাজপথলৈ ওলাই আহিব।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!