ব্যতিক্ৰমী শিক্ষাৰে অসাধাৰণ চাকৰি কৰাৰ উপায় – শিল্পী ভূঞা গোস্বামী

আজি কেৰিয়াৰ গাইডেন্সৰ ওপৰত যিখিনি লিখিবলৈ ওলাইছো, সেয়া অত্যন্ত গুৰুত্বপূৰ্ণ৷ কিছু কথা তথ্য সহকাৰে লিখিম কাৰণ বিশেষকৈ অসমত এই বিষয়বোৰৰ প্ৰচাৰ বা প্ৰচলন একেবাৰে কম৷ অনুগ্ৰহ কৰি মন দি পঢ়িব আৰু আন দহজনকো জানিবলৈ দিব বুলি আশা কৰিলোঁ৷ নিশ্চিতভাৱেই উঠি অহা নৱপ্ৰজন্মৰ লগতে আন বহুতেই সংস্থাপনৰ নতুন বাটৰ বিষয়ে জানিব পাৰিব৷

প্ৰথমতেই এটা বাস্তৱ— এজন সাধাৰণ স্নাতকে ( বিএ, বি কম বা বি এচ চি) স্নাতক হোৱাৰ পাছতেই চাকৰি আৰম্ভ কৰিলে প্ৰথম দৰমহা কিমান পাব— খুব বেছি ১৫০০০, হয়তো কেতিয়াবা অলপ বেছি৷ (মই কৰ্ম অভিজ্ঞতাৰ অবিহনে পোৱা প্ৰথম দৰমহাৰ কথাহে কৈছো)৷ কিন্তু স্নাতকৰ লগতে যদি এটা বিদেশী ভাষা (ফৰাচী, জাৰ্মান, স্পেনিছ ইত্যাদি) শিকি ল’ব পাৰি তেনেহ’লে সেই একে স্নাতকজনৰ দৰমহা একেচাটে ৪০,০০০ ৰ পৰা ৭০, ০০০ লৈ বৃদ্ধি পাব পাৰে৷

অধিক তথ্যৰ বাবে—

যদি এজন স্নাতকে স্নাতকৰ পাঠ্যক্ৰম পঢ়ি থকাৰ সময়তে স্পেনিছ (Spanish) ভাষাৰ B1 লেভেললৈকে শিক্ষা গ্ৰহণ কৰে তেনেহ’লে তেওঁ স্পেনিছ প্ৰচেচ থকা যি কোনো কোম্পানীত অনায়াসে ৫০,০০০ টকাৰ মাহিলী দৰমহাৰ চাকৰিত সংস্থাপিত হ’ব পাৰিব৷ যদি B2 বা C1 লেভেললৈকে শিক্ষা গ্ৰহণ কৰি এবছৰৰ কৰ্ম অভিজ্ঞতাৰে সৈতে ৭০,০০০ লৈকে দৰমহা পাব পাৰে৷ ফ্ৰেঞ্চ, জাৰ্মান, ইটালিয়ান আদি ভাষাবিলাকৰ ক্ষেত্ৰতো একেই৷

এতিয়া যিকোনো ভাষাত B1 লেভেললৈকে শিকিবলৈ প্ৰয়োজন হয় মাত্ৰ ন মাহ সময়ৰ আৰু B2/C1 লেভেলকেইটাৰ বাবে এবছৰৰ পৰা ডেৰ বছৰৰ প্ৰয়োজন৷ এই শিক্ষা গ্ৰেজুয়েশ্যন কৰি থকাৰ লগতেই বৰ অনায়াসে কৰি ল’ব পৰা যায়৷ যিহেতু বিদেশী ভাষা শিকিবলৈ কোনো বয়সৰ সময় সীমা নাথাকে গতিকে ইচ্ছুক জনে স্কুলত পঢ়ি থাকোঁতেও বিদেশী ভাষাৰ শিক্ষা গ্ৰহণ কৰিব পাৰে৷ অসমৰ বাহিৰত বিভিন্ন ঠাইত এতিয়া প্ৰায়বোৰ স্কুলতে এটা হ’লেও বিদেশী ভাষা শিকায়৷

A1, A2, B1, B2, C1, C2 ইত্যাদি প্ৰত্যেক পৰ্যায়তে চাৰ্টিফিকেটৰ বাবে শিক্ষাৰ্থীসকল পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব৷ উল্লেখযোগ্য যে এই পৰীক্ষা বিলাকৰ চাৰ্টিফিকেট দিয়াৰ ক্ষমতা কেৱল নিমোক্ত অনুষ্ঠান কেইখনৰ হে আছে—-

Alliance Française for French language
Goethe Institut for German language
Instituto Cervantes for Spanish languag

পৃথিৱীৰ যিকোনো দেশতেই ভাষা শিকিলেও ইণ্টাৰনেশ্যনেলি ৰিকগনিশ্যন থকা CEFRL (Common European Framework of Reference for Languages) চাৰ্টিফিকেট কেৱল উপৰোক্ত অনুষ্ঠান কেইটাই হে দিব পাৰে৷

এতিয়া অসমৰ বাবে মুখ্য প্ৰশ্নটো হৈছে ক’ত শিকিব বিদেশী ভাষা৷ অসমৰ বাহিৰত বিভিন্ন ৰাজ্যত বিদেশী ভাষাৰ শিক্ষা গ্ৰহণ কৰাটো নতুন কথা হৈ থকা নাই কিন্তু অসমতহে এনে অনুষ্ঠানৰ অভাৱ আছিল৷ দিল্লী, মুম্বাই, জয়পুৰ, ক’লকাতা আদি বিভিন্ন চহৰত বিদেশী ভাষাৰ শিক্ষা গ্ৰহণ কৰিবৰ বাবে বিভিন্ন অনুষ্ঠান/প্ৰতিষ্ঠান আছে৷ পিছে শেহতীয়াকৈ অসমতো দুই এখনকৈ এনে ভাষা শিকাৰ প্ৰতিষ্ঠান গঢ় লৈ উঠিছে৷ অনলাইন লাইভ ক্লাছৰ যোগেৰে যিকোনো ঠাইৰ পৰা এতিয়া যিকোনো বিদেশী ভাষাৰ শিক্ষা গ্ৰহণ কৰাটো সম্ভৱ৷

বিদেশী ভাষাৰ প্ৰয়োজনীয়তাৰ এটা সৰু উদাহৰণ—-

হায়দৰাবাদত HSBC ৰ ফ্ৰেন্স প্ৰচেচৰ বাবে ইণ্টাৰভিউ চলি আছিল৷ এগৰাকী ৫০ ৰ উৰ্দ্ধৰ মহিলা ইণ্টাৰভিউ দিবলৈ আহিছিল৷ ফ্ৰান্সত বহু বছৰ থকা বাবে তেওঁ সলসলীয়াকৈ ফ্ৰেঞ্চ ভাষা ক’ব পাৰিছিল৷ তাৰ বাদে মাল্টিনেশ্যনেল কোম্পানীত চাকৰি কৰাৰ তেওঁৰ কোনো অভিজ্ঞতা নাছিল৷ আনকি তেওঁ ভালকৈ কম্পিউটাৰো চলাব নাজানিছিল৷ পুতেকহঁত ডাঙৰ হৈ বাহিৰলৈ গুচি যোৱাৰ বাবে ঘৰত বিৰক্ত হৈ তেওঁ চাকৰিৰ বাবে চেষ্টা কৰিছিল৷ একমাত্ৰ ফ্ৰেঞ্চ ভাষাটোৰ বাবেই একো অভিজ্ঞতা নথকা মানুহগৰাকীক খুব ভাল দৰমহা সহকাৰে HSBCত চাকৰি দিয়া হৈছিল৷

উদাহৰণটোৰ এইটোৱে অৰ্থ যে বিদেশী ভাষা জনা মানুহৰ সংখ্যা তুলনামূলকভাৱে প্ৰয়োজন অনুপাতে এতিয়াও কম৷

Amazon, HP, HSBC, Cap Gemini, Genpact, Allianz, AXA, Deutsche Bank, IBM, Bosch, ইত্যাদি বিভিন্ন বহুজাতিক কোম্পানীয়ে foreign language process বিলাকৰ বাবে বিদেশী ভাষা জনা লোকক মকৰল কৰে৷ ইয়াৰ উপৰিও স্কুলত ফ্ৰেঞ্চ বা জাৰ্মান শিক্ষক এজনে ৩৫০০০ ৰ পৰা ৫০০০০ লৈকে দৰমহা পায়৷ লগতে tourism, translation, embassy, United Nations ইত্যাদিটো বিদেশী ভাষা জনা লোকৰ প্ৰয়োজন হয়৷ বহু ক্ষেত্ৰত বাহিৰত পঢ়িবলৈ গলেও বিদেশী ভাষা জনাটো অপৰিহাৰ্য্য হৈ পৰে৷

দিল্লীত এতিয়াও Max Muller ভৱনত আধা ৰাতিৰ পৰাই এডমিচনৰ বাবে মানুহৰ লাইন লাগে৷ গতিকে অলপ বেলেগ ধৰণেৰে ভাবি চিন্তা কৰি আগবাঢ়িবলৈ সুবিধা হ’ব বুলিয়ে এইখিনি লিখিলো৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!