ব্যৱসায় কৰি থকা সকললৈ…(ধনজিৎ কুমাৰ শৰ্ম্মা)

যিমান যি হ’লেও আপোনাৰ

নিজা কিবা এটা আছে…

আপোনাৰ সুখ-দুখৰ নিশ্চয়তা নাই মানিছোঁ;

বহু কষ্ট আৰু চিন্তা আপোনাৰ,

কেবাটাও পৰিয়াল আপোনাৰ ওপৰতে নিৰ্ভৰশীল,

মূল্যবৃদ্ধি, মুদ্ৰাস্ফীতি, শ্বেয়াৰ বজাৰৰ পতন..

যিমান যিয়েই নহওঁক

আপুনি দায়িত্ব পালন কৰিবই লাগিব।

আনৰ পিনে চাই দুখ কৰাৰ

সময়কণো যে নাই আপোনাৰ

 

পিছে হেজাৰ হ’লেও আপোনাৰ যে

নিজাকৈ কিবা এটা আছে!

 

প্ৰায়ে পকেট খালি হ’লেও

কেইটামান নম্বৰ ডায়ল কৰিয়েই

৬ ফিগাৰৰ ধন যোগাৰ কৰিব পৰা

ক্ষমতাকণ আপোনাৰ আছে।

 

চাইকেলৰ কেৰিয়াৰত মস্ত দ’মটো বান্ধিয়েই হওঁক বা

প্ৰাইভেট জেটত অনিশ্চয়তাৰ সন্মিলনলৈয়েই হওঁক,

ৰবিবাৰতো বাদেই

অসম বন্ধতো আপোনাৰ জিৰণি নাই,

তথাপিও আপুনি ভাগৰি নপৰিব।

কাৰণ আপোনাৰ নিজাকৈ কিবা এটা আছে!

আনৰ আদেশত আপুনি একো কৰিবলগীয়া হোৱা নাই।

 

বাজেট মিলক নিমিলক মাহৰ শেষত

শহুৰৰ পৰা টকা ধাৰলৈ লৈ হ’লেও চেলাৰি দিয়াৰ

মানসিক শক্তিকণো আছে আপোনাৰ!

 

দুটাই হওঁক চাৰিটাই হওঁক

সকলো কৰ্মচাৰীৰ পৰিয়াল লঘোণে নথকাৰ

গুৰু দায়ীত্ব আপোনাৰ;

তাৰ বাবে আপুনি নতুন ফ’ৰ হুইলাৰখনো

বিকি দিব পাৰে

একো নাথাকিলে পত্নীৰ অলংকাৰখিনিয়েই…

 

আপোনাৰ পত্নীয়েও বহু কথা বুজে,

ৰাতি পলম হ’লেও ঠেহ নাপাতে।

তথাপিও তেওঁৰ শান্তিৰ বাবে

মাহিলী সূতত টকা ধাৰলৈ লৈ হ’লেও

গোৱালৈ যাবলৈ আপুনি

অন্তৰ্দ্বন্দ্ব কৰিবলগীয়া নহয়;

আপোনাৰ দায়িত্বখিনি আপুনি বুজে।

 

আৰু আটাইতকৈ ডাঙৰ প্ৰশান্তি আপোনাৰ

যেতিয়া আপুনি ট্ৰেইনেৰে যায়

বাদাম, তামোল, ভাজা..

টেঙা চকলেট বিকিব অহাকেইটাৰ মুখলৈ চাই

নিজৰ অস্তিত্ব আৱিষ্কাৰ কৰে আপুনি!

লগতে অতিষ্ঠ হৈ পৰে ইণ্টাৰ্ভিউৰ কথা কৈ

ডাঙৰ ডাঙৰ মোবাইলত গান বজাই

সম্মুখৰ চিটত উদলেণ্ড পিন্ধা যুৱকৰ দুৰ্ব্যৱহাৰত…

 

…ওচৰত বহাজন শুই গৈছে,

কিন্তু আপুনি মগজু চলাইছে

ভুজীয়া বেছিবলৈ অহাজনৰ মাৰ্কেটিং ষ্ট্ৰেটেজীত

”দুটাত ৩০, টেষ্টিং ফ্ৰী”, ”কানেক্সন ফ্ৰী, দুটাত ৩০”…

চৰকাৰক দোষ দিয়াৰ বিপৰীতে

আপুনি কৰ্মসংস্কৃতি দেখা পাইছে, পাতনি মেলিছে

আনে নুবুজিলেও সেয়াই আপোনাৰ শান্তি।

 

আপোনাৰ বহুত ধাৰ আছে,

বেংকে আপোনাৰ সম্পত্তি

নিলাম কৰিব বুলি ভয়ো আছে…!

তথাপিও আপুনি ভণ্টীজনীক বিদেশত

আৰু ছোৱালীজনীক বাংগালোৰত পঢ়ুৱাইছে।

নিজৰে নিশ্চয়তাত সন্দিহান বাবে আপুনি দুয়োকো দুখন

ক্ৰেডিট কাৰ্ডো দি থৈছে।

সিহঁতৰ সুখেই আপোনাৰ শান্তি

তাৰ বাবে আপুনি ভিক্ষাৰ জোলোঙাৰ দৰে

নানা প্ৰপোজেল আৰু প্ৰজেক্ট ৰিপোৰ্ট লৈ

বেংকে বেংকে লজ্জিতও হৈছে।

তথাপিও আপুনি সুখী…

কিয়নো আপুনি বহি থকা নাই

কিবা এটা নিজাকৈ কৰি আছে আপুনি

 

কেতিয়াবা সময় পালেও

দুখ নকৰিব!

যুবচামৰ বাবে কিবা এটা লিখিব, বা

গাঁৱৰ স্কুলীয়া ল’ৰা-ছোৱালীকেইটাক মাতি আনি

স্ব-নিৰ্ভশীলতাৰ পাঠ পঢ়াব,

নিৰাশ সমাজৰ মাজতো আপুনি

আশাৰ বীজ ৰোপণ কৰিব

চিন্তা নকৰিব,

সিহঁতৰ এজনে হ’লেও

আপোনাৰ দৰে নিজাকৈ কিবা কৰিব

 

আপোনাৰ কষ্ট, ঋণ আৰু সমস্যাবোৰৰ বিষয়ে

বেছি চিন্তা কৰি নাথাকিব,

বিশ্বাস কৰক, আপুনি পাৰিব

ইতিহাস আপোনাৰ সৈতে আছে।

আপোনাৰ পণ্য আৰু সেৱা

নতুনত্ব আৰু নিপুণতাৰে জিলিকাই তোলক

কৰ্মই আপোনাৰ সুখ-শান্তি,

সফলতা পলম হ’লে নতুন আঁচনি বনাওঁক।

মনত ৰাখিব আপুনি আনলৈ

বাট চাই নাথাকে,

স্বাধীন হোৱাৰ

গৌৰৱ আৰু অনুভৱ আছে আপোনাৰ।

 

যিমানেই যি হ’লেওঁ আপোনাৰ

নিজা কিবা এটা আছে,

জেপ খালী হ’লেও

বহু পৰিয়ালৰে

ন্যূনতম প্ৰয়োজন পূৰণ কৰিছে,

সেয়াই আপোনাৰ শান্তি।

আনন্দৰে থাকিব !

 

(প্ৰাণজিৎ বৰুৱাদেৱৰ ”চাকৰি কৰি থকা সকললৈ…” নামৰ কবিতাটোৰ প্ৰত্যুত্তৰ। কবিতাটোত বৰুৱাদেৱৰ কবিতাটোৰ শৈলীৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে বা পেলোৱা হৈছে।)

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!