ব্ৰেকিং নিউজ – দিগন্ত কুমাৰ ভট্টাচাৰ্য

“ব্ৰেকিং নিউজ !!”

দিগন্ত কুমাৰ ভট্টাচাৰ্য

(ঘটনা, চৰিত্ৰ – সম্পূৰ্ণ কাল্পনিক)

এজনী তিৰোতা দৌৰিছে..পিছফালে হাতত যাঠি-জোং-শিলগুটি লৈ এদল লোক…মাজতে এবাৰ-দুবাৰ তাই বাগৰি পৰিছে উজুটি খাই…তিৰোতাজনী আৰু মানুহবোৰৰ দূৰত্ব কমি আহিছে লাহে লাহে…হঠাতে পুলিচৰ গাড়ী এখন আহি ৰ’ল…মহিলা পুলিচ এজনী নামি আহি তাইক গাড়ীৰ ভিতৰলৈ লৈ গ’ল..পুলিচ আৰু মানুহজাকৰ বাক-বিতণ্ডা আৰম্ভ হ’ল…৷
‘ডাইনীৰ সন্দেহ, কাৰ্বি আংলঙৰ..’, নিউজ এডিট’ৰ ডেকাই ফুটেজটো চাই ক’লে৷
‘অ’কে, দহ বজাৰ প্ৰাইম নিউজৰ চেকেণ্ড নিউজ কৰি দিলেই হ’ল’৷ সেয়া ছাব-এডিটৰ বৰা৷
এনেতে কেবিনৰপৰা ওলাই আহিল পৰশুৰাম চলিহা৷ চলিহা চেনেলটোৰ এডিটৰ-ইন-চিফ৷ তেওঁ চালে ফুটেজটো৷
‘লোমহৰ্ষক বুলি শব্দ এটা আছে, জানা নহয়? এইটো ফুটেজ চাই গাৰ নোম শিয়ৰি উঠিব কাৰোবাৰ? নুঠে৷ সিদিনা ‘সেউজ অসম’ চেনেলটোৰ ডাইনী হত্যাৰ ফুটেজ দেখিছিলানে? সেই ৰিপ’ৰ্টাৰ আৰু কেমেৰামেনজনে কি টেৰিফিক কাম কৰিছিল৷ ডাইনীক জীৱন্তে জ্বলোৱাৰ দৃশ্য..পোন্ধৰ মিনিটৰ শিহৰণকাৰী ভিডিঅ’৷ গোটেই টি.আৰ.পি খাইছিল সিহঁতে৷ আৰু আমাৰ সেই ঠাইৰ ৰিপ’ৰ্টাৰ দুজনে নাকত তেল দি শুই থাকোঁতেই গ’ল৷ অকৰ্মণ্য ক’ৰবাৰ৷….আৰু এইটো জাষ্ট খেদা-খেদিৰ দৃশ্যটো তুমি প্ৰাইম টাইমৰ ছেকেণ্ড নিউজ কৰিব খুজিছা? না মাৰ-পিট, না তেজ…ধুৰ! এইটো লাষ্টৰ ফালে দিয়া….৷’
‘কিন্তু ছাৰ, একো ব্ৰেকিং নিউজ নায়েই…বাকী সকলোবোৰ অলৰেডি সাতবজাৰ নিউজত দেখুওৱা হৈ গৈছে৷’
‘হুমম… আমাৰ অভিনেত্ৰী অনুপমা ডেকাৰ অৱস্থা কেনে? আছে নে জীয়াই? নে গ’লগৈ..? এসপ্তাহ আগতেই যোৱা-থোৱা অৱস্থা আছিল দেখো..৷ পৰমাক কৈছিলোঁ নিউজ এটা ৰেডি কৰি থবলৈ, থৈছে নে? আমাৰ চেনেলতেই কিন্তু ফাৰ্ষ্ট মিনিমাম দহ মিনিটৰ ভিডিঅ’ৰে নিউজ টেলিকাষ্ট হ’ব লাগিব, মনত ৰাখিবা৷’
‘পৰমাই কালিয়ে ৰেডি কৰি থৈছে, ছাৰ৷ এডিট কৰাও হৈ গৈছে৷ ব্ৰিলিয়েন্ট ভিডিঅ’৷ মাজে মাজে চিনেমাৰ দৃশ্য কিছুমান ভৰাই দিছে৷ বেকগ্ৰাউণ্ডত বাজি থাকিব গান- ‘মই যেতিয়া এই জীৱনৰ মায়া এৰি গুছি যাম..’৷
‘হেহ, সেইটো কমন গান হৈছে আৰু এতিয়া..৷ জুবিনৰ ‘জীৱন দুদিনীয়া, আহে ঐ যাবলৈ..’ সেইটো দিব পাৰা৷ আন-কমন প্লাছ ‘বঢ়িয়া’ চেড চং৷’

‘ছাৰ, নলবাৰীৰ ৰিপ’ৰ্টাৰ আব্দুলে ফোন কৰিছে৷ বিবাহযাত্ৰী নিয়া বাছ এখনৰ হেনো এক্সিডেন্ট হৈছে..মিনিমাম বিছজনমান স্প’ট ডে’ড৷’ নিউজ ডেস্কৰ পৰা সেয়া মণিমালাৰ চিঞৰ৷
‘কি কোৱা? গ্ৰেট নিউজ!! দহবজাৰ বাতৰিত ব্ৰেকিং কৰি দিয়া এইটোকে..৷ আব্দুলক আজি ভাং টানিবলৈ মানা কৰা৷ ভাং খালে আবোল-তাবোল বকে৷ এক্সপ্ৰেছন দিব নোৱাৰে ভালকৈ..৷’ চলিহাৰ মুখখন প্ৰশান্তিত উজ্জ্বল হ’ল৷

‘ছাৰ, আপোনাৰ ‘এঘন্টা তৰ্ক-বিতৰ্ক’ শ্ব’টোৰ কাৰণে গেষ্ট দুজন আহি পাইছে৷ ন বজাত নগাওঁ, তেজপুৰ আৰু কৰিমগঞ্জত তিনিজন থাকিব ৰেডি হৈ আমাৰ তাত থকা ষ্টুডিঅ’ত৷ আপুনি মেক-আপ লওঁক৷ আমি দহটাৰ নিউজটো চম্ভালি ল’ম বাৰু৷’
‘শুনা, শ্ব’টোৰ ট’পিক বুজাই দিয়া হৈছে নহয় তেওঁলোকক ভালদৰে? মেধি ডাঙৰীয়াক কোৱা ট’পিকটোৰ সপক্ষে ক’বলৈ৷ মানে কোৱা অলপ এনেদৰে ষ্টাৰ্ট কৰিবলৈ- বিধায়িকা হ’লেও তেওঁ মানুহ হে..নিজৰ ব্যক্তিগত জীৱন..দুবাৰ নহয় দহবাৰ বিয়াত বহিব পাৰে..৷ কৰিমগঞ্জৰ দাসবাবুইতো বিপক্ষে ক’ব৷ অ’লৰেডি কৈ থৈছো মই৷ আৰু মেধিৰ মাতটো বৰ সৰু…..দুটা পেঞ্চিল মাইক্ৰ’ফ’ন বেছিকৈ লগাই দিবা…৷ বিতৰ্কত মাত সৰু হ’লে মজা নাই..৷…শুনা, চাৰে দহ বজালৈ সকলো নিউজ ক’ভাৰ হৈ গ’লে ধুবুৰীৰ বিহুখনৰ লাইভ টেলিকাষ্ট কৰিলেই হ’ল..৷’
‘এই আহাৰ মাহত বিহু!!??’
‘আৰে, মিনিষ্টাৰে স্প’নচ’ৰ কৰা বিহু৷ বহাগী সোঁৱৰণি..৷ক’লকাতাৰ আৰ্টিষ্ট আহিব..৷’

হঠাতে ফোঁপাই-জোপাই আহিল ছাব-এডিটৰ মনোমোহন দাস৷
‘ছাৰ, গণেশগুৰিত লাইভ ‘ড্ৰামা’ এখন চলি আছে৷ একদম ব্ৰেকিং নিউজ৷ ছোৱালী এজনীক মাজৰাষ্টাতে কেইজনমান যুৱকে নিৰ্যাতন চলাই আছে..একপ্ৰকাৰ ছেক্সুৱেল হেৰাছমেণ্ট৷ অৰুনাভে লাইভ ফুটেজ পঠাই আছে৷’
সকলোবোৰ লাইভ ভিডিঅ’ চাবলৈ গ’ল৷ চলিহাই অৰুনাভলৈ ফোন লগালে৷
‘অৰুনাভ, কেচটো কি?’
‘ছাৰ, বেয়াই লাগিছে চাবলৈ..৷ বাৰ্থ ডে পাৰ্টি এটাত আহিছিল বোলে ছোৱালীজনী৷ বাৰ’ত অলপ মদ-পানী খাই ওলাই আহিছিল ঢলং-পলঙকৈ৷ অসমীয়া ছোৱালী জহন্নামে গ’ল বুলি দুজনমানে প্ৰথমে তাইক গালি দিলে..৷ চান্স বুজি এতিয়া বহুতেই তাইৰ গোটেই গাত হাত দিছে৷ কাপোৰ-চাপোৰ টানি-আজুৰি ফালিছে৷ মই পুলিচক ফোন কৰি খবৰটো দিওঁ, বৰ বেয়া দৃশ্য ছাৰ৷’
‘হেই ৰ’বা ৰ’বা..ভিডিঅ’টো ভালকৈ লোৱা হ’লেহে পুলিচক খবৰ দিবা…গুৱাহাটীৰ ৰাষ্টাত এনেকুৱা দৃশ্য বিৰল, আৰু বা কেতিয়া ক’ভাৰ কৰিবা পাৰিবা এনে নিউজ..গ্ৰেট জ’ব!’
‘ছাৰ, এইটো ভাল ব্ৰেকিং নিউজ হ’ব আজিৰ দহবজাৰ প্ৰাইম টাইমৰ কাৰণে..’, নিউজ এডিট’ৰ ডেকাই ক’লে৷
‘কি বুৰ্বকৰ দৰে কথা কৈছা হে? দহ বজালৈ ৰ’বলৈ কোনো দৰকাৰ নাই৷ দহবজাৰটো এক্সিডেন্ট, ডাইনীৰে চলোৱা৷ এটা কাম কৰা, আজিৰ ‘তৰ্ক-বিতৰ্ক’ৰ ট’পিক চেঞ্জ কৰি কৰা -‘গুৱাহাটীত যুৱ উশ্বৃংখলতা আৰু নাৰী’| আলোচনাৰ মাজে মাজে লাইভ ফুটেজবোৰ দেখুৱাই থাকিব লাগিব..৷ মেধিহঁতক কৈ দিয়া, প্ৰিপেয়েৰ কৰিব, নটা বাজিবলৈ দহ মিনিট আছে। এনেয়েও বিধায়িকা বৰাৰ বিবাহ-মাৰপিটটো তল পৰিছেই, নতুনকৈ মানুহে চাব জানো?’

চলিহাহঁতে লাইভ ভিডিঅ’ চাই আছে একান্তমনে৷ ছোৱালীজনীৰ দীঘল চুলিয়ে তাইৰ মুখখন ঢাকি ৰাখিছে৷ মেকআপমেনজনে চলিহাৰ মুখত ৰং সানিছে৷ আগফালৰ বগা চুলিকেইডালত ক’লা ৰং ঘঁহিছে৷ এনেতে এজনে তাইৰ চুলিত ধৰিছে জোৰেৰে….তাই এৰুৱাবলৈ চেষ্টা কৰিছে হাতেৰে৷ তাই পিন্ধি থকা ঘড়ীটো হঠাতে চলিহাৰ চকুত পৰিল৷ ঘড়ীৰ ফিটাডালত ‘স্টেচ্যু অৱ লিবাৰ্টি’ৰ সৰু পুতলা এটা ওলমি আছে৷ যোৱাবছৰ তেওঁ জীয়েকৰ কাৰণে এনেকুৱা এটি ঘড়ী আমেৰিকাৰ পৰা আনিছিল৷ এইবাৰ চলিহাৰ ছোৱালীজনীৰ কাপোৰযোৰলৈ চকু গ’ল৷ নীলা ৰঙৰ মিনি স্কাৰ্ট আৰু এটি বেঙুনীয়া টি-চাৰ্ট৷ যোৱা সপ্তাহত ঠিক এনেকুৱা কাপোৰ এযোৰ তেওঁ কিনি আনিছিল দিল্লীৰপৰা৷ চলিহাই লগে লগে ফোন লগালে ঘৈণীয়েকলৈ৷
‘মাজনী ক’ত?’
‘তাইৰ লগৰ এজনীৰ বাৰ্থ ডে’৷ গণেশগুৰিৰ ওচৰত পাৰ্টি আছে হেনো..তালৈ গৈছে..।’
‘কি পিন্ধি গৈছে তাই??’
‘কিমান বাৰ কৈছিলো চুৰিডাৰ পিন্ধি যা, ৰাতিৰ কথা….নাই, তাই সেই তুমি আনি দিয়া নীলা মিনি স্কাৰ্ট….’৷
চলিহা শিলপৰা কপৌৰ দৰে থৰ লাগিল৷ মেকআপ মেনজনে মিৰ’ৰখন তেওঁৰ মুখৰ সন্মুখত ডাঙি ধৰিলে- ‘ছাৰ, অ’কে নে?’
মিৰ’ৰখনত বিভিন্ন ৰং সানি লোৱা নিজৰ মুখখন চিনিব নোৱাৰিলে চলিহাই৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!