বৰদেউতাৰ গৰুবিহু ( নয়নমণি হালৈ )

পুৱতি নিশাই বাটৰ পৰা চিঞৰে এজাক ল’ৰাই৷ ধহমহকৈ উঠি আহোঁ৷ ঘৰৰ পিছফালে বাঁহনি, বাঁহনিৰ সিটো পাৰে মৰা এটা সুঁতি৷ বাৰিষা পানী থাকে, খৰালি তাৰ বুকুত কত কিমান বনৰীয়া ফুল, বন, জংঘল ভৰি থাকে৷ আমি ল’ৰামখাই তাৰ পাৰলৈ লৰ ধৰোঁ৷ হাতীশুৰীয়া বন, ভেটেফুল, ৰঙাবেহু, বৰআগ্ৰা, কাজললতা .. গৰুবিহুৰ দিনাখন এনেকুৱা কম বস্তুৰ প্ৰয়োজন নে! কোনে কিমান আগতে বস্তুবোৰ গোট খুৱাব পাৰে তাৰ যেন অঘোষিত প্ৰতিযোগিতা আৰম্ভ হৈ যায়৷ ঘৰৰ চোতালত ‘বৰধোৱা’ আৰু ঘৰত ’বিহুৱান’ দিয়াৰ বাবে কি কি বন লাগে, সেয়া আমাক কোনেও শিকাব নালাগে ৷ তাৰ মাজতে বনৰীয়া গছ এডালত কিছুমান গুটি দেখি এটা-দুটা চাকি চাওঁ৷ সমনীয়া বাবুই কয় সেয়া হেনো ‘ছাগলীৰ লাড’৷ ফলবিধৰ আচল নাম এতিয়াও নাজানিলোঁ৷ ‘ছাগলী লাড’ৰ তিতা-কেঁহা সোৱাদ এটা লৈ আমি ঘূৰ্মুটিয়াই ফুৰোঁ৷ বাবুহঁতৰ বাৰীত এডাল ‘মাখিয়তী’ আছে। সেই কথা বাবু আৰু মোত বাহিৰে কোনেও নাজানে। তাকে লৈ বাবু আৰু মোৰ মুখত কি যে সুখৰ হাঁহি৷

ঘৰ আহি পোৱালৈ বেলি আহি কাথিৰ মূৰ পায়হি৷ বৰদেউতাই পৰম আগ্ৰহেৰে মোলৈ বাট চাই থাকে৷ চালনি এখনত বৰদেউতাই ইতিমধ্যে কল-বেঙেনা, হালধি, কাতৰি, পানীলাউৰ টুকুৰা এটা সজাই পেলাইছে৷ যোৱাৰাতিৰ বতাহত সৰি পৰা কণ-কণ আমবোৰো বুটলি আনি চালনিখনত থৈছে৷ এই সকলোবোৰ সৰু সৰুকৈ কুটি মালা গুঁঠাৰ গধুৰ দায়িত্ব মোৰ আৰু ভাইটীৰ৷ বনৰীয়া বস্তুকেইপদ মোৰ হাতৰ পৰা লৈ সেইখিনিও চালনিখনত বৰদেউতাই সজাই থলে৷

বেলি আহি চোতাল পোৱাৰ লগে লগে বাটত গৰু-গাইৰ গলধনৰ টিলিঙাৰ শব্দ বাজিবলৈ ধৰে৷ বাটৰ পৰাই অনিল খুড়াই চিঞৰে ‘আজি ধনহঁতৰ গৰুকেইটা বাহি কৰিয়ে ৰাখিবি নেকি অ’৷ লগে-লগে বৰদেউতাই পঘাৰ পৰা বলধ দুটা, গাই দুজনী, দামুৰীকেইটা এৰি দিয়ে। গৰুবোৰক একো ক’বই নালাগে৷ সিহঁতেও যেন এই দিনটোলৈ বছৰদিন ৰখি থাকে৷ গৰুকেইটা বাটলৈ ওলাই আহিয়ে আন-আন গৰু-গাইৰ লগ লাগি গ’ল৷ আমি কেৱল পিছে পিছে ‘হৈ-হৈ’ কৰি গ’লোঁ৷ বৰপুখুৰীৰ পাৰত ইতিমধ্যে দুখন গাঁৱৰ গৰু আৰু মানুহ লগ লাগি যেন এখন মেলাহে পাতিছে৷ পুখুৰীত নামিবলৈ ভয় কৰা জাকে বাল্টিৰে পানী আনি গৰুবোৰ ধুৱাই গৈছে৷ বৰদেউতাই ভয়-ভীত নকৰাকৈ পানীত নামি যায়৷ মই পাৰত ৰৈ থাকোঁ৷ পাৰত ৰৈ থকা গাই দুজনীক পানী ঢালি দিলে মুঠেও লৰচৰ নকৰে। কিন্তু দামুৰীহালক পানী দিবলৈ গ’লেই দৌৰ মাৰি কোনোবা লংকা পায়৷ আকৌ আহে, আকৌ লৰ মাৰে৷ সিহঁতৰ এই খেলখন মই হেঁপাহ পলুৱাই উপভোগ কৰোঁ৷ গৰুবোৰেও উপভোগ কৰে৷ আজিৰ দিনটো যে কেৱল সিহঁতৰ বাবে এই কথা জানো সিহঁতে নুবুজাকৈ থাকে!

গৰু-মানুহৰ এই উৎসৱ সামৰি ঘৰ পাওঁতে বেলি চোতালৰ মাজ পায়হি৷ টিলিঙাৰ শব্দ শুনিয়ে বৰমায়ে আথে-বেথে পীৰা এখনৰ ওপৰত পানী এলোটা, তাতে তুলসীৰ আগ এটা, চাকি এগছ, মিঠাতেলৰ বাটি এটা আৰু নতুন বিচনী এখন লৈ ওলাই আহে৷ আজি গৰুবিহুৰ দিনা গোলক্ষ্মী কিবা এনেয়ে ঘৰ সোমাবনে! পানীলোটাৰ পৰা তুলসীৰ আগটোৰে গৰুকেইটাৰ ভৰি ধুৱাই দি তাত অকণ-অকণ মিঠাতেল সানি দি বৰমায়ে গোধনলৈ সেৱাভাগ জনায়৷ অবুজ আনন্দত গলধন জোকাৰি গৰুকেইটাইও যেন হিয়া উজাৰি গৃহস্থক আশীৰ্বাদ দি যায়৷ তাৰপিছত নতুন বিচনীৰে আটাইকেইটাকে বা দিয়ে৷ সিহঁতৰ যে আজি অকণো আমনি নাই৷ আজি যে সিহঁতৰে দিন৷

যোৱাৰাতিতে বটি থোৱা মৰাপাটৰ নতুন পঘাৰে বৰদেউতাই গৰুবোৰ বন্ধাৰ লগে-লগে আমি ল’ৰাবোৰে লাউ-বেঙেনাৰ মালাবোৰ লৈ গৰুকেইটাৰ শিঙত পিন্ধাই দিওঁ৷ দিঘলতী আৰু মাখিয়তী পাত গুজি দিয়া লৰুডাল লৈ আমি গৰুবোৰক জাৰিবলৈ আৰম্ভ কৰোঁ৷ বৰদেউতাই কৈ যায়, আমি আওৰাই যাওঁ “লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰে সৰু বাপেৰে সৰু, তই হ’বি বৰ গৰু” ৷..

দুপৰীয়াৰ জলপানৰ পিছত বৰদেউতাই ৰাতিপুৱা বিচাৰি অনা বনৰীয়া ফুল আৰু পাতবোৰ ধুনীয়াকৈ ঘৰ আৰু গোহালি ঘৰৰ মূধচত গুজি দিয়ে। এয়া হেনো ঘৰৰ বিহুৱান৷ বিশ্বাস কৰা হয় এই বিহুৱানে ঘৰখনক বেয়া নজৰৰ পৰা সদায় ৰক্ষা কৰে৷ তাৰপিছত বাকী থকা বনখিনি তুঁহজুইৰ লগত চোতাল আৰু গোহালিত ধোঁৱা দিয়া হয়৷ বৰদেউতাই কয় চোতালৰটো হেনো ‘বৰধোৱা’ আৰু গোহালিৰটো ‘সৰুধোৱা’৷ এনে ধোৱাই হেনো ঘৰখনৰ পৰা বেমাৰ-আজাৰ দূৰ কৰি লৈ যায়৷

বছৰদিনলৈ গৰু বিহুৰ সামৰণি মাৰি সন্ধিয়া বৰমায়ে শালৰ পৰা ‘আঢ়ৈহতীয়া’ গামোছা কটা দৃশ্য হেঁপাহ পলুৱাই চাই থাকোঁ৷ কাইলৈ আমাৰ বিহু আৰু সেয়া আমাৰ বিহুৱান৷ চেনেহৰ বিহুৱান৷

আজিও ৰাতিপুৱা বৰদেউতা আহিল৷ মোক গাত ধৰি ধৰি মাতিলে “ঐ ধন উঠ উঠ, চাগৈচোন যা গাঁৱৰ ল’ৰাই বিহুৰ বস্তু আনি সাং কৰিলে আৰু তই বেলা দুপৰলৈ শুই আছ!” ধহমহকৈ মই উঠি বহিলোঁ৷ দেখিলোঁ কোনো নাই৷ মূৰৰ ওপৰত চক্ৰাকাৰে ফেনখন ঘূৰি আছে৷ চাৰ্জত দি থোৱা ম’বাইলৰ এলাৰ্মটোৱে বৰ বেসুৰাকৈ চিঞৰি আছে৷ বিছনাৰ পৰা উঠি আহিলোঁ৷ এইখিনি সময়ত দেখা সপোন হেনো বেয়া৷ লোৰ গেটখন খুলি বাটলৈ ওলাই আহিলোঁ৷ সন্মুখৰ ঘৰৰ কণমানিজনীয়ে হাৰমণিয়ামত ৰেৱাজ আৰম্ভ কৰিছে৷ তাইৰ মাতটো বৰ ভাল৷ কাষৰ ঘৰৰ কণমানিটোৱে চোতালত বেডমিণ্টনৰ ৰেকেট এপাত লৈ দৌৰি ফুৰিছে৷ তাৰ কোনো লগ নাই৷ যেতিয়াই দেখোঁ তাক অকলে দৌৰি ফুৰাই দেখোঁ৷ চাইকেল মাৰি অনন্ত খুড়াৰ লৰাটো আহি আছে৷ তাক মাত লগালোঁ ‘বাবা ক’ত গৈছিলা?’
: ‘টিউছন।’
: ‘কিয় আজি গৰুবিহু পতা নাই ?’
: ‘গৰুৱেই নাই।’ বাবাৰ নিৰুদ্বেগ উত্তৰ৷

মই চকুহাল মুদি দিলোঁ৷ বৰদেউতা ঢুকোৱাৰ পোন্ধৰ বছৰ হ’ল৷ এই পোন্ধৰটা বছৰে মৰা নদীৰ বুকুত বহু ওখ ওখ ঘৰ হ’ল৷ গাঁৱৰ গৰুবোৰো দূৰণিৰ কোনো পথাৰলৈ গুচি গ’ল। মই যিমানেই নিচিঞৰোঁ সিহঁতে আৰু লাও-বেঙেনা খাবলৈ মোৰ চোতাললৈ নাহে৷ সিহঁত গুচি গ’ল৷ মোৰ বৰদেউতাৰ হেঁপাহৰ বলধহাল, ৰাঙী গাইজনী .. বৰদেউতাৰ সৈতেই কোনো অজান মুলুকলৈ গুচি গ’ল৷ মই আৰু চকুপানী ৰখাব নোৱাৰিলোঁ৷ শূন্য পদূলিমুখতে মই উচুপি উঠিলোঁ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!