বৰষুণ (নিবেদিতা হাজৰিকা)

হঠাতে এজাক বৰষুণ নামিছিল
চৌপাশে সুগন্ধি উৰিছিল
বৰষুণৰ সুগন্ধি !
বৰষুণৰ আত্মীয়তাত
বৰফৰ দৰে গলিছিল হৃদয়
বৰষুণৰ আহ্বানত আপোন কৰি লৈছিলোঁ
এজাক তেজৰঙা সপোন,
একাত্ম হৈ পৰিছিলোঁ এদিন
এজাক সোণাৰুবুলীয়া কল্পনাৰ স’তে ।
বৰষুণৰ সুগন্ধিৰে সুবাসিত হৈছিল চৌপাশ
মূষলধাৰ অনুভৱেৰে ভৰি পৰিছিল
মনৰ পথাৰ
বুকুৱে বুকুৱে বৰষুণ ফুলিছিল !
আশা আৰু প্ৰতিশ্ৰুতিৰ বৰষুণ
য’ত উটি-ভাঁহি গৈছিল
পাৰভঙা দুখৰ হুমূনিয়াহ ;
আৰু এতিয়া,
হেঁপাহত দুখৰ মেঘমল্লাৰ গুজি
মাথোঁ তোমাৰ বাবেই
উদাস অৰণ্যত
হৃদয়ৰ আত্মগোপন !!
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!